ৰোহিত-কোহলিৰে কি গোপন আলোচনা ৰাষ্ট্রীয় নির্বাচকৰ
সূত্র অনুসৰি, বিচিচিআইৰ বিষয়াসকলে কোহলি অবিহনে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ চিন্তা কৰিবলৈ অনিচ্ছুক
ৰাঁচীৰ বিমানবন্দৰতে এগৰাকী ৰাষ্ট্রীয় নির্বাচকৰ সৈতে গোপন আলোচনা তাৰকা ক্রিকেটাৰ বিৰাট কোহলিৰ৷ দ্বিতীয়খন এদিনীয়াত ভাগ লোৱাৰ উদ্দেশ্যে ৰায়পুৰলৈ ৰাওনা হোৱাৰ পূর্বে ৰাঁচীৰ বিমানবন্দৰত যথেষ্ট সময় ধৰি প্রজ্ঞান ওঝাৰ সৈতে কথা পতা দেখা গৈছিল কোহলিক৷
কোহলিৰ উপৰি ৰোহিত শর্মায়ো নির্বাচকসকলৰ সৈতে বার্তা লাভ কৰে৷ সূত্র অনুসৰি, বিচিচিআইৰ বিষয়াসকলে কোহলি অবিহনে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ চিন্তা কৰিবলৈ অনিচ্ছুক৷
প্রস্তাৱিত বৈঠকৰ পূর্বে কোহলিয়ে ৰাঁচী বিমানবন্দৰত ৰাষ্ট্রীয় নির্বাচকসকলৰ সৈতে এখন চমু বৈঠকত মিলিত হয়৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত কোহলিয়ে ওঝাক অতি গুৰুত্বসহকাৰে কিবা এটা বুজাই থকা দেখা গৈছে৷
প্রাক্তন স্পীনাৰজনে মনোযোগেৰে কোহলিৰ কথা শুনি আছে৷ বহু সময় ধৰি দুয়ো কথা পাতিছিল৷ অৱশ্যে তেওঁলোকে কি কথা পাতিছিল সেয়া জানিব পৰা হোৱা নাই৷
ইপিনে, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ৰাঁচী বিমানবন্দৰৰ আন এটা ভিডিঅ’৷ ভিডিঅ’টোত ওঝাক প্রশিক্ষক গৌতম গম্ভীৰৰ কাষত বহি থকা দেখা গৈছে৷ দুয়োজনে হাঁহি হাঁহি কথা পাতি আছিল৷
ইয়াৰ পূর্বে ওঝাই ৰোহিত শর্মাৰ সৈতে হাত মিলাই থকা দেখা গৈছিল৷ ৰাষ্ট্রীয় নির্বাচকগৰাকীয়ে ৰোহিতৰ সৈতেও কিছু সময় ধৰি বার্তালাপ কৰে৷ উল্লেখ্য যে কিছুমাহ ধৰি নির্বাচকৰ দায়িত্বত আছে প্রাক্তন ক্রিকেটাৰ প্রজ্ঞান ওঝা৷
ডিজিটেল ডেস্ক, ৩ ডিচেম্বৰ