নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত সৰিয়হ খেতিয়কে আনিব পাৰে নীৰৱ অৰ্থনৈতিক বিপ্লৱ!

প্ৰয়োজন সুসংহত পৰিকল্পনা, মিঠাতেলৰ কাৰখানা আৰু পেকেটিং উদ্যোগৰ

অতীজৰে পৰা কৃষিৰ ক্ষেত্রখনত ধুবুৰী জিলাৰ আছে পৰিচিত, এক কৃষি-সম্ভাবনাময় এক অঞ্চলৰূপে। পশ্চিম অসমৰ বৃহত্তৰ এই অঞ্চলটোত শতাব্দী ধৰি কৃষকসকল ধান, মৰাপাট, মাটিমাহ, শাক-পাচলি আদি খেতিৰে নিজৰ জীৱিকা নির্বাহ কৰি আহিছে।

বিশেষকৈ সৰিয়হৰ খেতি, ধুবুৰীৰ কৃষি-ইতিহাসৰ এক মুখ্য অংশ। এই অঞ্চলৰ মাটি আৰু জলবায়ু সৰিয়হৰ খেতিৰ বাবে অত্যন্ত উপযোগী বুলিও প্ৰমাণিত। সেই ঐতিহ্যক আগবঢ়াই, বৰ্তমানো ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলৰ হাজাৰ হাজাৰ বিঘাত খেতি কৰি আহিছে বহু কৃষিজীবী পৰিয়ালে।

ঠিক অনুৰূপে জিলাখনৰ সদৰ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী গাছপাৰা অঞ্চলৰ কৃষকেও পূৰ্বৰ দৰে এইবাৰো কৰিছে সৰিয়হৰ খেতি। অঞ্চলটোৰ কেইবা হাজাৰ কৃষিভূমিৰ চৌদিশ এতিয়া হালধীয়া, সৰিয়হৰ ফুলেৰে।

কিন্তু, অঞ্চলটোৰ বহু সৰিয়হ খেতিয়কৰ মনত আছে ক্ষোভ, জিলাখনৰ কৃষি বিভাগৰ পৰা প্ৰকৃত কৃষকে সময়ত প্ৰয়োজনীয় বীজ আৰু সা-সঁজুলি নোপোৱাৰ; যথাযথ জলসিঞ্চন ব্যৱস্থাপ্ৰণালী গঢ়ি নুঠাৰো।

কিন্তু, সৰিয়হ খেতিৰে জিলাখনৰ কৃষিজীবী ৰাজনৈতিক অপাৰ এক সম্ভাৱনাৰ সুযোগ আছে যদিও বৃহত্তৰ এই অঞ্চলটোত নাই সৰিয়হৰ পৰা মিঠা তেল নিষ্কাশনৰ কোনো ধৰণৰ কাৰখানা। ফলত, এতিয়াও ধুবুৰীৰ কৃষকসকলক সৰিয়হ বেচিব লগা হয় পানীৰ দৰত; বহিঃৰাজ্যৰ, বিশেষকৈ পশ্চিমবংগৰ পৰা বেপাৰীৰ ওচৰত।

ফলত, অসমৰ সেই সৰিয়হৰ উৎপাদিত মিঠাতেলৰ আমদানি ঘটে পুনৰ ৰাজ্যখনলৈ, বিক্ৰি হয় অধিক দামত। ফলত স্থানীয় সৰিয়হ খেতিয়কৰ পৰিশ্ৰমৰ বিনিময়ত উৎপাদিত সৰিয়হৰ মূল্যৰ এটা অংশৰ ধন জেপলৈ যায় বহিঃৰাজ্যৰ মধ্যভোগীৰ জেপলৈ। ইয়াতে উল্লেখনীয় যে, ইতিহাসৰ পাত লুটিৱাই চালানো দেখা যায়, ১৯৭০ চনৰ পৰা ৯০ৰ দশকলৈ অসমৰ মিঠাতেল ব্যৱসায়ৰ অন্যতম যোগানদাৰ আছিল ধুবুৰী জিলা। স্থানীয় ব্যবসায়ী আৰু খেতিয়কসকলে সৰিয়হৰ বেপাৰত গঢ়ি তুলিছিল নিজস্ব এক “নেটৱৰ্ক”।

কিন্তু সময়ৰে লগে লগে প্ৰচেচিং ইউনিটৰ অভাৱ, বাণিজ্যিক ৰূপে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাব আৰু কৃষি–বিপণন ব্যৱস্থাৰ আধুনিকীকৰণ নোহোৱা বাবে এই সম্ভাৱনা ক্ৰমশঃ হ্ৰাস পাবলৈ লয়। অৱশ্যে, ধুবুৰীত যদি ক্ষুদ্ৰ বা মধ্যম আকাৰৰ মিঠাতেল কলঘৰ স্থাপন কৰা হয়, বছৰে কেইটা কোটি টকাৰ এক আঞ্চলিক বাণিজ্য গঢ় লোৱাৰ সম্ভাবনা থকা বুলিয়েই কিন্তু মত সৰিয়হৰ খেতিৰ সৈতে জড়িত বহু কৃষককে ধৰি মিঠাতেলৰ ব্যৱসায়ৰ সৈতে জড়িত স্থানীয় একাংশৰ।

কেৱল সেয়াই নহয়; সৰিয়হ শোধন, বীজ প্ৰচেচিং, পেকেটিং আদি কামেৰেও স্থানীয় যুৱক-যুৱতীসকলৰ বাবে কর্মসংস্থানৰ পথ মুকলি কৰাৰ সুযোগ দিয়াৰ সমান্তৰালকৈ মধ্যভোগী অবিহনে সৰিয়হৰ খেতিৰ সৈতে জড়িত স্থানীত কৃষক সকলেও পোনে পোনে নিজৰ উৎপাদন কলঘৰত বিক্ৰি কৰিবলৈ পাৰিব।

কিন্তু ইয়াৰ বাবে প্ৰয়োজন এক সঠিক পৰিকল্পনাৰ আৰু মিঠাতেলৰ উৎপাদন, পেকেটিং আদিৰ উদ্যোগ স্থাপনৰ। নিশ্চিত ভাবে সেয়া হ’লে কিন্তু জিলাখনৰ সৰিয়হ খেতিয়কসকল কেৱল ধুবুৰী জিলা তেই নহয়; পশ্চিম অসমৰ কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰখনত যে আমূল অৰ্থনৈতিক বিল্পৱ আনিব; সেয়া কিন্তু ধুৰূপ।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৩ ডিচেম্বৰ

You might also like