নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱ বিশ্ববিদ্যালয়ত চুৰি, নিৰাপত্তাহীনতাত ছাত্ৰী নিৱাসৰ ছাত্ৰী

ইয়াৰ আগতে ছাত্ৰীনিবাসৰ সন্মুখত এজন দুষ্কৃতিকাৰীয়ে তহল দি ছাত্ৰী নিবাসত প্ৰৱেশৰ চেষ্টা কৰাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰীসকল আতংকিত হবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰো অভিযোগ উত্থাপিত হৈছিল

নামনি অসমৰ ভিতৰতে উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠন পাঠশালাস্থিত বজালী ভট্টদেৱ বিশ্ববিদ্যালয়ত সংগঠিত এক চুৰি কাণ্ডই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

জানিব পৰা অনুসৰি উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠাখনত পৰ্যাপ্ত নৈশ পহৰাৰ ব্যৱস্থা নথকাৰ ফলতেই বিশ্ববিদ্যালয়ৰ কেবাটাও শ্ৰেণীকোঠাৰ পৰা চিলিং ফেনৰ উপৰি একাধিক বিভাগৰ পৰা চিপিউ, মনিটৰ সহ কম্পিউটাৰ চেট চোৰে লৈ উধাও হয়৷

এই ঘটনা সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাজদ্বীপ শৰ্মাই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয় যে বিশ্ববিদ্যালয়খনত পৰ্যাপ্ত নৈশ চকীদাৰ আৰু চি চি কেমেৰা নথকাৰ বাবেই নিশা এনেকুৱা অপ্ৰতিকৰ ঘটনা সংঘটিত হবলৈ পালে৷ আজি কিছুদিন আগতেও অনুৰূপ ধৰণে প্ৰাণীবিজ্ঞান বিভাগত চুৰিকাণ্ড সংঘঠিত হোৱা বুলি প্ৰকাশ কৰি ক্ষোভ উজাৰে ছাত্ৰনেতাগৰাকীয়ে৷

এই বিষয়ে বিশ্ববিদ্যালয়ৰ কতৃপক্ষক অবগত কৰাৰ লগতে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা বৃদ্ধিৰ বাবে আহ্বান জনায় যদিও বিশ্ববিদ্যালয়খনত চকিদাৰৰ চাকৰিৰ বাবে  বাজেট নাই বুলিহে কতৃপক্ষই দায়সৰা মন্তব্য আগবঢ়াই বুলি ছাত্ৰ একতা সভাই জানিবলৈ দিয়ে৷

যাৰ বাবেই চোৰে সুযোগ গ্ৰহণ কৰি কেবাটাও শ্ৰেণীকোঠাৰ ফেন,কম্পিউটাৰ,চি পি ইউ চুৰি কৰিলৈ যায় ৷ ইয়াৰ আগতে ছাত্ৰীনিবাসৰ সন্মুখত এজন দুষ্কৃতিকাৰীয়ে তহল দি ছাত্ৰী নিবাসত প্ৰৱেশৰ চেষ্টা কৰাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰীসকল আতংকিত হবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰো অভিযোগ উত্থাপিত হৈছিল৷

যাৰ ফলতে ছাত্ৰী নিৱাসৰ ছাত্ৰীসকলে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছিল৷ এনে এক প্ৰেক্ষাপটতে যদিহে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ বিশ্ববিদ্যালয় চৌহদত পৰ্যাপ্ত চিচি টিভি কেমেৰা আৰু নিৰাপত্তাৰক্ষী নিয়োগ নকৰে তেতিয়া হ’লে পৰৱৰ্তী সময়ত প্ৰতিবাদী কাৰ্যসুচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি ছাত্ৰ একতা সভাৰ সম্পাদকগৰাকীয়ে ব্যক্ত কৰে৷

ইপিনে চুৰি কাৰ্য সংঘটিত হোৱাৰ পিছতে বজালী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চুৰি কাৰ্য সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

নিয়মীয়া বাৰ্তা, পাঠশালা, ১৩ নৱেম্বৰ

You might also like