নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত মেলন উন্মাদনা, জুবিন গার্গক কিংবদন্তি আখ্যা মেলনৰ

প’ষ্ট মেলনৰ মুখত জুবিন গার্গৰ নাম উচ্চাৰণ হোৱাৰ লগে লগে খানাপাৰা ফিল্ডত উপস্থিত থকা সমগ্র জুবিন অনুৰাগীয়ে আনন্দত আত্মহাৰা হৈ পৰে আৰু প’ষ্ট মেলনৰ প্রতি সম্ভাষণ জ্ঞাপন কৰে

ডিচেম্বৰ মাহৰ শীতৰ নিশা৷ ধৱল কুঁৱলীৰ আচ্ছাদন চৌদিশে৷ ঠক ঠক কৈ কঁপি উঠা এই নিশাও সুৰ, সংগীত, বাদ্যৰ ছন্দোবদ্ধ সুৰৰ ৰাগিত মাতাল হৈ পৰিল গুৱাহাটী মহানগৰী৷ বিশ্বখ্যাত ৰেপাৰ–পপ ষ্টাৰ প’ষ্ট মেলনৰ যাদুকৰী কণ্ঠৰ সুৰৰ মায়াজালত বন্দী হ’ল হাজাৰ হাজাৰ অনুৰাগী৷

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত শব্দ আৰু পোহৰৰ খেলাৰ মাজত প’ষ্ট মেলনৰ সংগীত সুৰৰ বিমূর্ত ঢ়ৌত উটি–ভাহি গ’ল সকলো৷ খানাপাৰাৰ খেলপথাৰৰ অস্থায়ী মঞ্চত এটি–দুটিকৈ কেইবাটাও জনপ্রিয় পশ্চিমীয়া সংগীত পৰিৱেশন কৰি প’ষ্ট মেলনে অসম তথা সমগ্র উত্তৰ–পূববাসীক সোৱাদ দিলে পপ–ৰেপ সংগীতৰ, সকলোৱে উপভোগ কৰিলে সংগীতৰ আন এক ধাৰা– পাশ্চাত্য সংগীতৰ কনচার্ট৷

অজস্র অনুৰাগীৰ হর্ষোল্লাস, আনন্দ–উৎসাহৰ মাজত প’ষ্ট মেলনে পৰিৱেশন কৰে তেওঁৰ কেইবাটাও জনপ্রিয় গীত৷ অসম, উত্তৰ–পূবৰ সকলোকেইখন ৰাজ্যৰ লগতে বহু দেশী–বিদেশী ২৫ হাজাৰৰো অধিক সংগীত অনুৰাগীক প’ষ্ট মেলনে পৰিৱেশন কৰা সংগীতৰ মায়াজাল, আৱহ সংগীতৰ শব্দৰ উচ্ছ্বল তৰংগই আলোড়িত কৰি ৰাখে৷

স্মর্তব্য যে বিশ্ববিখ্যাত ৰেপাৰ– পপ ষ্টাৰগৰাকীৰ এই কনচার্ট উত্তৰ–পূবৰ বাবে এক ঐতিহাসিক মুহূর্তৰ সাক্ষী হৈ ৰৈছে৷ ভাৰতৰ লাইভ এণ্টাৰটেইনমেণ্টৰ ক্ষেত্রতো ই এক বৃহৎ সাফল্য বুলি বিবেচিত হৈছে৷ প’ষ্ট মেলনৰ এই কনচার্টৰ যোগেৰে অসম তথা উত্তৰ–পূব পর্যটন উদ্যোগৰ ক্ষেত্রত বহু গুণে আগবাঢ়ি যাব বুলি আশা কৰা হৈছে৷ এনে এক প্রেক্ষাপটতে প’ষ্ট মেলনৰ কনচার্টৰ সুৰধ্বনি শুনিবৰ কাৰণে ভাৰতৰ বিভিন্ন প্রদেশৰ লগতে মেঘালয়, নাগালেণ্ড, অৰুণাচলকে ধৰি চুবুৰীয়া ৰাজ্যকেইখনৰ যুৱক–যুৱতীসকলে বিয়লি তিনি বজাৰে পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ভিৰ কৰে৷

প’ষ্ট মেলনৰ সংগীত শুনিবলৈ গভীৰ আগ্রহেৰে, হেঁপাহেৰে খানাপাৰালৈ অহা অজস্র যুৱক–যুৱতীৰ মুখত আনন্দৰ লহৰ, মুখত সন্তুষ্টিৰ ছাপ৷ আনহাতে, প’ষ্ট মেলনৰ সংগীতানুষ্ঠানৰ কাৰণে ৰাজ্য প্রশাসনে গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়াকৈ গঢ়ি তোলে৷

হার্টথ্র’ব জুুবিনক স্মৰণ প’ষ্ট মেলনৰ, চৌদিশে হর্ষধ্বনি
খানাপাৰাৰ অস্থায়ী মঞ্চত ৰংচঙীয়া আলোকৰ মাজত ৰেপাৰ–পপ ষ্টাৰ প’ষ্ট মেলনে হার্টথ্র’ব, প্রাণৰ শিল্পী জুবিন গার্গৰ নাম স্মৰণ কৰি শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ স্বভাৱজাত ভাষাৰে প’ষ্ট মেলনে জুবিন গার্গৰ নাম লৈ কয় – মহান আৰু কিংবদন্তি শিল্পী জুবিন গার্গৰ গৃহভূমিৰ পৰা মই আপোনালোকলৈ ধন্যবাদ জনাইছোঁ৷ প’ষ্ট মেলনৰ মুখত জুবিন গার্গৰ নাম উচ্চাৰণ হোৱাৰ লগে লগে খানাপাৰা ফিল্ডত উপস্থিত থকা সমগ্র জুবিন অনুৰাগীয়ে আনন্দত আত্মহাৰা হৈ পৰে আৰু প’ষ্ট মেলনৰ প্রতি সম্ভাষণ জ্ঞাপন কৰে৷

ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ

লগতে এইটোও পঢ়ক — কটকত আজি ভাৰত–দক্ষিণ আফ্রিকাৰ প্রথম টি–২০

You might also like