নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : এতিয়া ডিচেম্বৰ মাহ৷ স্বাভাৱিকতে ধৰালৈ নামি আহিছে শীত৷ কিন্তু দেশৰ কেইবাখনো ৰাজ্যত অভাৱনীয়ভাৱে হ্রাস পাইছে পাৰাস্তম্ভ৷ যাৰ প্রতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান কেন্দ্রই আগতীয়াকৈ সতর্কতা জাৰি কৰিছে৷
সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি, উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতৰ ৰাজ্যসমূহত হাড় কঁপোৱা জাৰ অনুভূত হৈছে৷ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্রই মধ্যপ্রদেশ, মহাৰাষ্ট্র, কর্ণাটক, তেলেংগানা, ছত্তিশগড় আৰু ওড়িশাত শীতপ্রৱাহৰ আগজাননী দিছে৷ সেইদৰে অসমকে ধৰি ১২খন ৰাজ্যক এই সময়ছোৱাত কুঁৱলীৰ ঘন আচ্ছাদনে ঢাকি ৰাখিব বুলি কোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্রৰ তৰফৰ পৰা৷ বাকী ৰাজ্যকেইখন হ’ল– হিমাচল প্রদেশ, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, উত্তৰ প্রদেশ, মেঘালয়, ত্রিপুৰা, মিজোৰাম, মণিপুৰ আৰু নাগালেণ্ড৷
এই সতর্কতাৰ প্রতি লক্ষ্য ৰাখি ১২ ৰাজ্যৰ বাসিন্দাসকলে যাত্রাকালত স্বাভাৱিকতে সতর্ক হ’ব লাগিব৷ লক্ষণীয়ভাৱে ডিচেম্বৰৰ আৰম্ভণিতে মধ্যপ্রদেশৰ বেছিভাগ ঠাইতে তাপমাত্রা ১০ ডিগ্রী চেলছিয়াছৰ তললৈ হ্রাস পাইছে৷ ইয়াৰ মাজতে বর্তমান পর্যন্ত মধ্যপ্রদেশত শীতৰ সমস্ত ৰেকর্ড ভংগ কৰিছে ইন্দোৰে৷ তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা চহৰখনৰ তাপমাত্রা আছিল ৪.৫ ডিগ্রী চেলছিয়াছ৷ যিয়ে বিগত ১০ বছৰৰ অভিলেখ ভংগ কৰিছে৷ শৈল চহৰৰূপে পৰিচিত পাছমাৰীত আটাইতকৈ বেছি ঠাণ্ডা অনুভূত হয়৷ কিন্তু এইবাৰ পাছমাৰীকো চেৰ পেলাইছে ইন্দোৰে৷
বতৰ বিজ্ঞান কেন্দ্রই জানিবলৈ দিয়া মতে, ভূপাল, ইন্দোৰ, সীহোৰ, শাজাপুৰ, ৰাজগড়সহ কেইবাখনো জিলাত শুকুৰবাৰে শীতপ্রৱাহসদৃশ পৰিস্থিতিৰ উদ্ভৱ ঘটে৷ সেইদৰে উত্তৰাখণ্ডৰ বিভিন্ন অঞ্চলত বিগত কেইদিনমান ধৰি তুষাৰপাত অব্যাহত আছে৷ ৰাজস্থানৰ নয় চহৰৰ উষ্ণতা ১০ ডিগ্রী চেলছিয়াছৰ তললৈ নমাটো গুৰুত্বপূর্ণ৷ ৰাজ্যখনৰ আন আন কেইবাখনো চহৰত তাপমাত্রা অভাৱনীয়ভাৱে হ্রাস পাইছে৷ ছত্তিশগড়ৰো বিভিন্ন অঞ্চলত অনুৰূপ পৰিৱেশ৷ বতৰ বিজ্ঞান কেন্দ্রই জানিবলৈ দিয়া অনুসৰি ৰাজ্যখনত অনাগত কেইদিনমান ধৰি এই পৰিস্থিতি অব্যাহত থাকিব৷