নিয়মীয়া বাৰ্তা, গেলেকী, ১৪ ডিচেম্বৰ : আহোম স্বৰ্গদেউসকলৰ দিনৰ ঐতিহাসিক পুখুৰীসমূহৰ অন্যতম নাজিৰা নগৰৰ মধ্যস্থলত থকা দেওধাই পুখুৰী বৰ্তমান লুপ্তপ্ৰায় হৈ পৰিছে ৷ আজিও পুৰাতত্ত্ব বিভাগ তথা চৰকাৰৰ দৃষ্টিত নপৰা এই ঐতিহাসিক দেওধাই পুখুৰীটো সংৰক্ষণৰ অভাৱত এতিয়া নিশ্চিহ্ন হোৱাৰ পথত।
আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা নাতিদূৰৈৰ দিখৌ নদীৰ দক্ষিণ পাৰত তথা পৰৱৰ্তী সময়ৰ ধোদৰ আলি আৰু ৰে’ল লাইনৰ মাজত থকা ঐতিহাসিক দেওধাই পুখুৰীটো আহোমৰ তিনি খেলৰ পুৰোহিত দেওধাই খেলক সেই স্থানতে থাকিবলৈ দিয়া হৈছিল আৰু তেওঁলোকৰ সুবিধাৰ্থে ৰজাই এই পুখুৰী খন্দাই দিছিল ৷ অসমত থকা আহোম ৰাজত্ব কালৰ পুখুৰীসমূহৰ মাজত দেওধাইসকলৰ নামত কেৱল নাজিৰাতহে দেওধাই পুখুৰী থকাৰ কথা বুৰঞ্জীত পোৱা যায় । এই পুখুৰীটো কেৱল পুৰোহিতসকলৰেই গৌৰৱ আৰু গৰিমাৰ প্ৰতীক নহয়, ই সমগ্ৰ অসমীয়া জাতিৰ এক ঐতিহাসিক সমল ৷
আজি নাজিৰাৰ দেওধাই পুখুৰীৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিছে৷ বহু লোকে পুখুৰীৰ মাটি বেদখল কৰাৰ উপৰি সমীপৰ বহু লোকে বৰ্জিত আৱৰ্জনা পেলোৱা ডাষ্টবিনৰূপে ব্যৱহাৰ কৰা পুখুৰীটো বৰ্তমান দুৰ্গন্ধময় পৰিৱেশত পিটনিসদৃশ হৈ পৰাত বিভিন্ন অপতৃণে পুখুৰীটো পুতি পেলাইছে৷ কেৱল পুখুৰীটোলৈ যোৱা পথটোৰ নাম পুৰোহিতসকলৰ নামেৰে “দেওধাই” পথ বুলি নামকৰণ কৰিয়েই দায়িত্ব সামৰিছে সংশ্লিষ্ট বিভাগ তথা চৰকাৰে ৷ সময় থাকোঁতে এই পুখুৰীটো সংৰক্ষণ নকৰিলে হয়তো এদিন এই পুখুৰী নিশ্চিহ্ন হৈ বুৰঞ্জীৰ এক সোণালী অধ্যায়ৰ যৱনিকা পৰাৰ লগতে নোহোৱা হ’ব ইয়াক লৈ সৃষ্টি হোৱা বহু জনশ্ৰুতি ৷ গতিকে সময় থাকোঁতেই চৰকাৰ তথা পুৰাতত্ত্ব বিভাগে এই ঐতিহাসিক সমল সংৰক্ষণৰ ব্যৱস্থা কৰা উচিত৷
স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্ব কালত (১৭৮০-১৭৯৫) নাজিৰাৰ মধ্যস্থলত থকা দেওধাই পুখুৰী খন্দোৱাইছিল ৷ ইতিহাসপ্ৰেমী ব্যক্তি দ্বীপজ্যোতি বৰগোহাঁইৰ মতে, এই ঐতিহাসিক পুখুৰীটোৰ পাৰত ঘৰৰ খুঁটা পুতিবৰ বাবে গাঁত খান্দোতে ভগ্ন ৰূপত বহু ঐতিহাসিক সমল উদ্ধাৰ হৈছিল বুলি স্থানীয় লোকে তেওঁক অৱগত কৰিছিল৷
আনহাতে, এই দেওধাই পুখুৰীৰ ভূমি সন্দৰ্ভত নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰা এক আৰ টি আই আবেদনৰ প্ৰত্যুত্তৰত বিভাগটোৱে জনায় যে লাট মণ্ডলৰ প্ৰতিবেদন মৰ্মে কাৰ্যালয়ৰ হাতৰ নথিত উক্ত পুখুৰীৰ মাটিৰ পৰিমাণ ২ বিঘা ১৪ লেচা আছিল যদিও বিভাগৰ কম্পিউটাৰত জমি শূন্য হৈ থকা দেখা যায়৷ সংৰক্ষণৰ অভাৱত নিশ্চিহ্ন হোৱাৰ উপক্ৰম হোৱা এই ঐতিহাসিক দেওধাই পুখুৰীৰ ভূমিৰ তথ্যও অৱশেষত ৰাজহ বিভাগৰ কম্পিউটাৰত নথকা কাৰ্যই এনে ঐতিহাসিক সমলৰ প্ৰতি চৰকাৰী অৱহেলাকেই প্ৰতিফলিত কৰিছে৷ এই সন্দৰ্ভত সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু), সদৌ টাই আহোম যুৱ পৰিষদ, টাইপা, বীৰ লাচিত সেনা, অসম আদি সংগঠনসমূহ নীৰৱ-নিৰ্বিকাৰ হৈ থকাটো চৰম পৰিতাপৰ বিষয় হৈ পৰিছে ।