নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হালাকুৰাত ৫২টা চুৰি ৰন্ধন গেছৰ চিলিণ্ডাৰসহ গ্ৰেপ্তাৰ তিনি…

নিয়মীয়া বাৰ্তা, আগমনি, ৭ নৱেম্বৰ : কেঁচু খান্দোতে ওলাল সাপ। এটা চুৰি গেছ চিলিণ্ডাৰক কেন্দ্ৰ কৰি ৫১টাকৈ নথি-পত্ৰবিহীন গেচ চিলিণ্ডাৰ জব্দ কৰে আৰক্ষীয়ে । ঘটনাটো ধুবুৰী জিলাৰ হালাকুৰাৰ।

হালাকুৰা আৰক্ষী তালাচী চকীৰ অন্তৰ্গত সোণাখুলি প্ৰথম খণ্ড গাঁৱৰ হামিদ আলী নামৰ এজন ব্যক্তিৰ পাকঘৰৰ পৰা এটা ৰন্ধন গেছ চিলিণ্ডাৰ চুৰি হৈছিল । আব্দুল হামিদে চুৰি হোৱা গেছ চিলিণ্ডাৰ হালাকুৰাৰ দীঘলটাৰী গাঁৱৰ ৰবিউল আলী আৰু হাফিজুৰ ৰহমানে চুৰি কৰা বুলি ৰাইজৰ আগত অৱগত কৰে। পিছত ৰাইজে দুয়োকে সন্দেহজনকভাৱে আটক কৰি সোধা-পোছা কৰি উত্তম-মধ্যম দি হালাকুৰা থানাত গতাই দিয়ে। হালাকুৰা আৰক্ষীয়ে যুৱক দুজনক সোধা-পোছা কৰাত গেছ চিলিণ্ডাৰ চুৰি কৰা বুলি স্বীকাৰোক্তি দিয়ে। ধৃত চোৰ দুটাই চুৰি কৰা গেছ চিলিণ্ডাৰটো হালাকুৰা বজাৰৰ আব্দুল ছালামৰ অবৈধ গেছ এজেন্সীৰ দোকানত বিক্ৰী কৰা বুলি আৰক্ষীক জনায়।

চুৰি হোৱা গেছ চিলিণ্ডাৰ বিচাৰি আৰক্ষীয়ে আব্দুল ছালামৰ দোকানত অভিযান চলাবলৈ যায়। আৰক্ষী যোৱাৰ উমান পাই আব্দুল ছালামে দোকানত থকা গেছ চিলিণ্ডাৰ নিজা বলেৰো পিকআপ ভেনত ভৰ্তি কৰি অন্য ঠাইলৈ স্থানান্তৰৰ যো-জা চলায়। কিন্তু আৰক্ষীয়ে আদবাটতে অৰ্থাৎ হালাকুৰা ট্ৰেফিক পইন্টৰ ওচৰত গেছ চিলিণ্ডাৰভৰ্তি বাহনখন জব্দ কৰি থানালৈ আনে। লগতে আব্দুল ছালামক আৰক্ষীয়ে আটক কৰি থানালৈ নিয়ে। বাহনখনত  থকা সৰু‌-ডাঙৰ মুঠ ৫১টাকৈ গেছ চিলিণ্ডাৰ জব্দ কৰে। লগতে গেছ চিলিণ্ডাৰ কঢ়িওৱা বাহনখন আৰক্ষীয়ে জব্দ কৰে। আব্দুল ছালামৰ পৰা আৰক্ষীয়ে গেছ চিলিণ্ডাৰৰ নথি-পত্ৰ বিচৰাত এখনো নথি-পত্ৰ দেখুৱাব নোৱাৰিলে । জব্দকৃত গেছ চিলিণ্ডাৰ কঢ়িওৱা বাহনখনৰ নম্বৰ AS-17C-20296 । পিছত আৰক্ষীয়ে চিলিণ্ডাৰ চোৰ ৰবিউল, হাফিজুৰ আৰু চুৰি কৰা চিলিণ্ডাৰ ক্ৰয় কৰি অবৈধ বেহা চলোৱা আব্দুল‌ ছালামকো গ্ৰেপ্তাৰ কৰি আজি ধুবুৰী আদালতৰ জৰিয়তে জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে এটা চুৰি হোৱা গেছ চিলিণ্ডাৰক কেন্দ্ৰ কৰি আৰক্ষীয়ে ৫১টাকৈ চোৰাং গেছ চিলিণ্ডাৰ জব্দ কৰে।

You might also like