নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টা নৌহওঁতেই চুৰি বিলাসী বাহন উদ্ধাৰ বাইহাটা আৰক্ষীৰ, তিনিজনক আটক

ডিজিটেল ডেস্ক, ৩০ নৱেম্বৰ : বাইহাটা চাৰিআলি আৰক্ষীৰ বৃহৎ সফলতা । চুৰি হোৱা বিলাসী বাহন ২৪ ঘণ্টা নৌহওঁতেই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাইহাটা চাৰিআলি আৰক্ষী । শুকুৰবাৰে নিশা এখন বিলাসী বাহনত তিনিজন চোৰ আহি চুৰি কৰি নিছিল বিলাসী স্কৰপিঅ’ বাহন । বাহন চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চি চি টিভি কেমেৰাত।

আৰক্ষীয়ে চি চি টিভি কেমেৰাৰ ভিজুৱেলৰ ওপৰত ভিত্তি কৰিয়েই চোৰ তিনিজনক আটক কৰিবলৈ সক্ষম হয় । বাইহাটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজ্যোতি পাতিৰিৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ভবানীপুৰৰ আলী হুছেইন, বৰপেটাৰোডৰ খলিল খান আৰু বঙাইগাঁৱৰ নুৰ মহম্মদ খানক আটক কৰাৰ লগতে চুৰি হোৱা  AS-32 B-9010 নম্বৰৰ স্কৰপিঅ’ বাহনখন উদ্ধাৰ কৰাৰ লগতে চুৰি কাৰ্যত ব্যৱহাৰ কৰা  AS-15 P-8184 নম্বৰৰ ডিজায়াৰ বাহনখন জব্দ কৰে ।

You might also like