নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইডেন যুগৰ ৯২ শতাংশ নির্দেশ বাতিল মার্কিন ৰাষ্ট্রপতিৰ, পূর্বৰ ৰাষ্ট্রপতিৰে ড’নাল্ড ট্রাম্পৰ সংঘাত

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু পূর্বৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ মাজত সংঘাত তীব্রতৰ হৈ পৰিছে৷ বর্তমানৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি বাইডেনৰ স্বাক্ষৰিত প্রায় সকলো আদেশ তথা নথি–পত্র বাতিল কৰিছে৷

ট্রাম্পে দাবী কৰিছে যে বাইডেনৰ কার্যকালৰ অধিকাংশ নথি–পত্রত সেই সময়ৰ বিষয়াসকলে অনুমতি অবিহনে স্বয়ংক্রিয়ভাৱে স্বাক্ষৰ কৰিছিল৷ ইয়াৰ বাবে ট্রাম্পে পোনপটীয়াকৈ বাইডেনৰ পৰিয়ালৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে৷ ছ’চিয়েল মিডিয়াত ট্রাম্পে কয়– জ’ বাইডেনে নিজে প্রত্যক্ষভাৱে স্বাক্ষৰ নকৰা সকলো অর্ডাৰ আৰু নথি–পত্র বাতিল কৰি থকা হৈছে৷ তেওঁ অভিযোগ কৰে- বাইডেনৰ কার্যকালৰ ৯২ শতাংশ নথি–পত্রত স্বয়ংক্রিয় কলমৰ সহায়ত স্বাক্ষৰ কৰা হৈছে৷ এই বিষয়ে বাইডেনৰ কোনো ধাৰণা নাই৷ তেওঁ দাবী কৰে যে যদিহে বাইডেনে নিজে অনুমোদন জনোৱা নাছিল তেনেহ’লে এই কার্য অসাংবিধানিক৷ তেওঁ লিখিছে যে যদি কোনোবাই এই স্বাক্ষৰক বাইডেনে অনুমোদন জনোৱা বুলি দাবী কৰে, তেন্তে তেওঁৰ বিৰুদ্ধেও তদন্ত কৰা হ’ব৷ অৱশ্যে ট্রাম্পে তেওঁৰ এই দাবীৰ সমর্থনত কোনো প্রমাণ দাঙি ধৰা নাই৷

চলিত বর্ষৰ আৰম্ভণিতে ট্রাম্পে হোৱাইট হাউছৰ দেৱালত প্রাক্তন ৰাষ্ট্রপতি বাইডেনৰ এখন ছবি আঁৰিছিল৷ তাতে তেওঁ বাইডেনৰ ছবিখনৰ ঠাইত এটা স্বয়ংক্রিয় কলম লগাই দিয়ে৷ ইয়াৰ জৰিয়তে তেওঁ বাইডেনৰ দিনত বিভিন্ন সিদ্ধান্ত লোৱাৰ ক্ষেত্রত বাইডেনৰ মতামত লোৱা নাছিল বুলি দাবী কৰে৷ ইফালে, আইনী বিশেষজ্ঞসকলে দাবী কৰিছে যে বহু ৰাষ্ট্রপতিয়ে ইয়াৰ পূর্বেও স্বাক্ষৰ কৰিবলৈ স্বয়ংক্রিয় কলম ব্যৱহাৰ কৰিছিল৷ এয়া ফেডাৰেল আইন অনুসৰি বৈধ৷

You might also like