নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱতি নিশা ৰাজপথত চূৰ্ণ-বিচূৰ্ণ হ’ল বাহন, মৰিগাঁৱত চিকিৎসকসহ ৩ জনৰ প্ৰাণহানি

মৰিগাঁৱৰ নেলীত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত শেষ হৈ গ’ল এগৰাকী মানৱদৰদী চিকিৎসকৰ জীৱন। শোকাৱহ দুৰ্ঘটনাটোত অকালতে প্ৰাণ হেৰুৱালে দৰিদ্ৰ ৰোগীৰ কাষত অনবৰতে সাহস হৈ থিয় দিয়া চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈয়ে। এদিনত ২১গৰাকীকৈ প্ৰসূতিৰ অপাৰেচন কৰা চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈসহ দুজনে প্ৰাণ হেৰুৱালে এই ভয়াৱহ দুৰ্ঘটনাত।

পুৱতি নিশা প্ৰায় ৩ বজাত নেলীত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো। AS-01EW-6546 নম্বৰৰ Creta বাহনেৰে জাগীৰোডৰ দিশৰ পৰা মৰিগাঁও অভিমুখে আহি থাকোঁতে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে বাহনখনে। বাহনখনত আছিল ৫জন লোক। ইয়াৰে চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈসহ আন দুজন আচিক ৰহমান আৰু মানস মহন্তৰ ভয়াৱহ এই পথ দুৰ্ঘটনাত প্ৰাণহানি হয়। উল্লেখ্য যে দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে গাড়ী ভাঙি উলিয়াব লগা হ’ল নিহতৰ নিথৰ দেহ। বাহনখনত থকা আন দুজন গুৰুতৰভাৱে আহত ব্যক্তিক নগাঁৱলৈ প্ৰেৰণ কৰা হয়। নিহত তিনিওজনৰ নিথৰ দেহ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে । এই শোকাৱহ ঘটনাই সমগ্ৰ মৰিগাঁৱত শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে নিশা ২ বজাত ফোন কৰিলেও চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈয়ে ৰোগীক সহায় কৰি আহিছিল। পইচা নাথাকিলেও নিজেই ৰোগীক সহায়ৰ হাত আগবঢ়াইছিল চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈয়ে। চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈক হেৰুৱাই মৰ্মাহত এতিয়া সমগ্ৰ মৰিগাঁওবাসী।

You might also like