নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত চাঞ্চল্য : মৰাণজানা ঔদ্যোগিক পামত উদ্ধাৰ চালকৰ মৃতদেহ

ৰঙিয়াৰ মৰাণজানা ঔদ্যোগিক পামত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। KD IRON কোম্পানীৰ সন্মূখ ভাগত থকা নলাত উদ্ধাৰ হয় এজন চালকৰ মৃতদেহ।

মৃত চালকজন ৰঙিয়াৰ খোপনিকুছিৰ আইজুল হক বুলি চিনাক্ত কৰা হৈছে। চালকজনে মৰাণজানাৰ KD IRON কোম্পানীত লোৰ ৰড আনিব গৈছিল। ৰড আনিব যোৱা ট্ৰাকখন কোম্পানীটোৰ সন্মূখত ৰখাই থকা অৱস্থাত কাষৰ এটা নলাত উদ্ধাৰ হয় চালক অইজুলৰ হকৰ মৃতদেহ।

ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ চালক অইজুল হকৰ মৃতদেহটো চমজি লয় আৰু মৃতদেহটো ৰঙিয়া থানালৈ লৈ আনে। ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে। আনহাতে পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাটো এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৮ অক্টোবৰ

You might also like