নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকৰ উপার্জন দুগুণ হ’বঃ মোদী

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ পিএম–কিষান আঁচনিৰ দ্বিতীয় বার্ষিকীত বুধবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে কেন্দ্রৰ এন ডি এ চৰকাৰে কৃষকৰ উপার্জন দুগুণ কৰিবলৈ সকলো সম্ভাৱনীয় পদক্ষেপ গ্রহণ কৰিছে৷ এলানি টুইটত প্রধানমন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে যে কৃষকৰ উৎপাদিত ফচলৰ নূ্যনতম সমর্থন মূল্য (এমএছপি)ত ঐতিহাসিক বৃদ্ধিক সম্ভৱ কৰি তোলা হৈছে৷ বিগত সাত বছৰত চৰকাৰে কৃষি ক্ষেত্রত যুগান্তৰকাৰী পৰিৱর্তন আনিবলৈ বিভিন্ন আঁচনি গ্রহণ কৰা বুলিও মোদীয়ে উল্লেখ কৰে৷ স্মর্তব্য যে দুবছৰ পূর্বে প্রধানমন্ত্রীগৰাকীয়্ আজিৰ দিনটোতেই পিএম–কিষান আঁচনি মুকলি কৰিছিল৷

You might also like