ডিজিটেল ডেস্ক, ১৬ ডিচেম্বৰ : প্রাণৰ শিল্পী জুবিন গার্গৰ ন্যায় প্রাপ্তিৰ ক্ষেত্রত আৰু এখোজ আগবাঢ়িছে এছআইটি৷ কিয়নো হত্যাকাণ্ডৰ গোচৰৰ প্রথমটো শুনানি আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অনুষ্ঠিত হ’ব৷ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, এছআইটিয়ে যোৱা ১২ ডিচেম্বৰত ১২,২৭০ পৃষ্ঠাজোৰা বৃহৎ কলেৱৰৰ অভিযোগনামা আদালতত দাখিল কৰিছিল৷
উল্লেখ্য যে আদালতৰ নিয়ম অনুসৰি আজি হ’বলগীয়া প্রথমটো শুনানিত ৭ অভিযুক্ত ক্রমে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, সন্দীপন গার্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক শাৰীৰিকভাৱে আদালতত হাজিৰ কৰিব লাগিছিল৷ আদালতে অভিযুক্ত সাতজনক সোঁশৰীৰে হাজিৰ হোৱাৰ নির্দেশ প্রদান কৰিছিল যদিও অভিযুক্তকেইজনৰ জীৱনৰ প্রতি থকা ভাবুকিৰ প্রতি লক্ষ্য ৰাখি সোঁশৰীৰে উপস্থিত হোৱাৰ সলনি ভার্চুৱেলী ভিডিঅ’ কনফাৰেঞ্চিঙৰ যোগেদি অভিযুক্তকেইজনক আজিৰ শুনানিত হাজিৰ হোৱাৰ নির্দেশ আদালতে প্রদান কৰিছে বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে জুবিন হত্যাকাণ্ডৰ অন্যতম চাৰি অভিযুক্ত ক্রমে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মাক বাক্সা জিলা কাৰাগাৰত ৰখাৰ লগতে হাফলঙৰ উপ–কাৰাগাৰত ৰখা হৈছে শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্তক৷ আনহাতে, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক বাক্সা জিলাৰ কাৰাগাৰতে ৰখা হৈছে৷