নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : ‘ৰৈ ৰৈ বিনালে’ৰ নায়িকা মৌচুমী আলিফাৰে সাক্ষাৎকাৰ

‘মনৰে কইনা’ নামৰ গীতটিৰ ভিডি’ত আমি একেলগে অভিনয় কৰিছিলোঁ৷ প্রায় দুসপ্তাহত গীতটোৰ শ্বুটিং সম্পূর্ণ হৈছিল৷ তেজপুৰ, সোণাপুৰৰ উপৰি গুৱাহাটীৰো বিভিন্ন লোকেচনত গীতটোৰ শ্বুটিং হৈছিল

সাক্ষাৎ গ্রহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪

আপুনি সৰুৰে পৰা গীত–নৃত্য আৰু অভিনয়ৰ প্রতি গভীৰভাৱে অনুৰাগী আছিল৷ সংগীত ক্ষেত্রখনৰ প্রতি আপোনাৰ কিদৰে আগ্রহ বৃদ্ধি পালে?
মই তিনি বছৰ বয়সৰ পৰা নৃত্য কৰিছিলোঁ৷ মোৰ নৃত্যৰ প্রতি আগ্রহ দেখি পৰিয়ালৰ সকলোৱে ভাল পাইছিল৷ বিশেষকৈ মা–দেউতাই এইক্ষেত্রত মোক যথেষ্ট উৎসাহ দিছিল৷ মায়ে মোক আনুষ্ঠানিকভাৱে নৃত্য প্রশিক্ষণৰ ব্যৱস্থা কৰাই দিছিল৷ ইয়াৰ পিছত মই বিভিন্ন মঞ্চত নৃত্য পৰিৱেশন কৰিছিলোঁ৷ গুৱাহাটীৰ উপৰি আশে–পাশে থকা বিভিন্ন নৃত্য প্রতিযোগিতাত প্রতিদ্বন্দ্বিতা কৰি মই প্রায়বোৰতে পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলোঁ৷ এতিয়াও মই নাচি ভাল পাওঁ৷ কম বয়সতে মই গানৰ প্রতিও আকৃষ্ট হৈছিলোঁ৷ নৃত্যৰ সমান্তৰালভাৱে মই গানৰো প্রশিক্ষণ গ্রহণ কৰিছিলোঁ৷ এতিয়াও মই শাস্ত্রীয় সংগীত শিকি আছোঁ৷ অৱশ্যে সৰুৰে পৰা মোৰ এগৰাকী অভিনেত্রী হোৱাৰ সপোন আছিল৷ সেইবাবে নিজকে অভিনেত্রী হিচাপে গঢ়ি তোলাৰ বাবে মই চেষ্টাৰ ত্রুটি কৰা নাছিলোঁ৷ ‘ৰৈ ৰৈ বিনালে’ ছবিত নায়িকাৰ চৰিত্রত অভিনয় কৰাৰ পূর্বে মই জনপ্রিয় অভিনেতা–পৰিচালক বুলবুল হুছেইনৰ ‘খাপলাংকাই’, ‘হেল্ল’ গুৱাহাটী’ আদি ধাৰাবাহিকৰ শিশু চৰিত্রত অভিনয় কৰিছিলোঁ৷ এনেদৰে মোৰ সংগীতৰ যাত্রা আৰম্ভ হৈছিল৷

আপুনি আইনৰ স্নাতক ডিগ্রী লাভ কৰা সত্ত্বেও সম্প্রতি অভিনয় জগতৰ সৈতে জড়িত হৈ পৰিছে৷ আপোনাৰ শৈক্ষিক দিশ সম্পর্কে জনাব নেকি?
মোৰ জন্ম গুৱাহাটীত আৰু শিক্ষা–দীক্ষাও গুৱাহাটীতে গ্রহণ কৰিছোঁ৷ আমাৰ পৰিয়ালটো মহানগৰীৰ ফাঁচীবজাৰত থাকোঁ৷ সৰুৰে পৰা মোৰ সাংস্কৃতিক দিশৰ লগতে পঢ়া–শুনাৰ প্রতিও বিশেষ আগ্রহ আছিল৷ মই প্রাগজ্যোতিষ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা মেট্রিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈছিলোঁ৷ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত স্ত্রী–শিক্ষাৰ অনুষ্ঠান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত সেইখন মহাবিদ্যালয়ৰ পৰা ইংৰাজীত মেজৰসহ স্নাতক ডিগ্রী লাভ কৰিছিলোঁ৷ ইয়াৰ পিছত মই আইন পঢ়াৰ প্রতি আগ্রহী হৈ পৰিছিলোঁ৷ মোৰ আইনৰ প্রতি এইবাবে আগ্রহ আছিল যে আমাৰ দৈনন্দিন জীৱনত আইনৰ বিভিন্ন ধাৰাৰ প্রয়োজন হয়৷ সেইবোৰ জানিবলৈ মই আইন পঢ়িলোঁ আৰু সেইবোৰ খৰচি মাৰি শিকি ল’লোঁ৷ আইনৰ ডিগ্রী সম্পূর্ণ হোৱাৰ আগৰে পৰা মই অভিনয় জগতত সম্পূর্ণৰূপে নামি পৰিছিলোঁ আৰু বর্তমান এই জগতখনত ব্যস্ত হৈ পৰিছোঁ৷ সেইবাবে এই মুহূর্তত অন্য পেছাৰ কথা মনলৈ অহা নাই৷

জুবিন গার্গৰ ‘ৰৈ ৰৈ বিনালে’ ছবিখন আপোনাৰ কেৰিয়াৰৰ অন্যতম টার্নিং পইণ্ট বুলি ক’ব পাৰি৷ এইগৰাকী মহান শিল্পীক আপুনি কেতিয়া আৰু কেনেদৰে লগ পাইছিল?
সৰুৰে পৰা মই জুবিন গার্গৰ একান্ত অনুৰাগী আছিলোঁ৷ যুৱপ্রজন্মৰ হার্টথ্র’ব এইগৰাকী মহান শিল্পীক লগ পোৱাৰ ইচ্ছা সৰুৰে পৰাই আছিল৷ এবাৰ কামাখ্যাত জুবিনদাই এটি অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল৷ সেইদিনা মোৰ বিৰাট জ্বৰ উঠিছিল আৰু অসুস্থ হৈ পৰিছিলোঁ৷ কিন্তু আমাৰ পৰিয়ালটো জুবিনদাৰ অনুষ্ঠানলৈ যোৱাৰ কথা আছিল৷ জুবিনদাক ওচৰৰ পৰা লগ পাবলৈ মই অসুস্থ গাৰে তালৈ গৈছিলোঁ৷ সেই অনুষ্ঠানত প্রথমবাৰৰ বাবে তেওঁৰ লগত চিনাকি হৈছিলোঁ৷ জুবিনৰদাৰ গান শুনি ডাঙৰ হৈছোঁ আৰু সেইবাবে তেওঁক ওচৰত পাই এক বুজাব নোৱাৰা আনন্দ অনুভৱ কৰিছিলোঁ৷ তেওঁ মোৰ নাম সুধিছিল৷ মই মৌচুমী বুলি কওঁতে দাদাই কৈছিল– ‘মৌ’৷ মই আচৰিত হৈছিলোঁ এইবাবেই যে মোক ঘৰতো মাহঁতে মৰমতে মৌ আৰু মৌমা বুলি মাতিছিল৷ দাদাই মৃত্যুৰ আগলৈ মোক মৌ বুলি মাতিছিল৷ আনকি ‘ৰৈ ৰৈ বিনালে’ ছবিখনত মোৰ চৰিত্রটোৰ নাম ‘মৌ’ দিয়া হৈছিল৷ মই ২০১৯ চনত ‘লাহৰী’ নামৰ এটি গীতত জুবিনদাৰ সৈতে কণ্ঠদান কৰাৰ সুযোগ পাইছিলোঁ৷ গীতটোৰ ভিডি’ প্রত্যক্ষ কৰাৰ পিছত দাদাই মোক কৈছিল– ‘তই বৰ ভাল গান গাৱ আৰু ভাল অভিনয়ো কৰ৷ তই মোৰ এটা গানত মোৰ সৈতে অভিনয় কৰিব লাগিব৷’ দাদাৰ কথা শুনি মই বিস্মিত হৈ পৰিছিলোঁ৷ কাৰণ প্রতিগৰাকী শিল্পীৰে দাদাৰ লগত গান গোৱাৰ আৰু অভিনয় কৰাৰ সপোন থাকে৷ মোৰো সেই সপোন আছিল৷ কিন্তু এনেদৰে প্রথম সাক্ষাততে মোৰ সপোনে গজালি মেলিব বুলি ভবা নাছিলোঁ৷

‘মনৰে কইনা’ নামৰ জনপ্রিয় গীতটিৰ জৰিয়তে আপুনি জুবিন গার্গৰ সৈতে বিশেষভাৱে জড়িত হৈ পৰিছিল৷ এই সম্পর্কীয় অভিজ্ঞতাৰ বিষয়ে কওকচোন?
অসমৰ সর্বকালৰ অন্যতম জনপ্রিয় আৰু মহান শিল্পীগৰাকীৰ সৈতে এটা গীতৰ এলবামত কণ্ঠদান কৰা আৰু অভিনয় কৰাৰ ইচ্ছা মোৰ বহুদিনৰ পৰাই আছিল৷ প্রথম সাক্ষাততে মোক তেওঁ সেই প্রতিশ্রুতি দিছিল আৰু সেই কথা দাদাই ৰাখিছিল৷ অৱশ্যে মই তেওঁৰ সৈতে এটি গীতত কণ্ঠদান কৰাৰ সপোন দেখিছিলোঁ৷ কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে এইগৰাকী কিংবদন্তি শিল্পীৰ সৈতে মই কেতিয়াবা একেলগে অভিনয় কৰাৰ সুযোগ পাম৷ কিন্তু সেই সুযোগ সোনকালেই আহিল৷ ২০২১ চনত মুক্তি লাভ কৰা ‘মনৰে কইনা’ নামৰ গীতটিৰ ভিডি’ত আমি একেলগে অভিনয় কৰিছিলোঁ৷ প্রায় দুসপ্তাহত গীতটোৰ শ্বুটিং সম্পূর্ণ হৈছিল৷ তেজপুৰ, সোণাপুৰৰ উপৰি গুৱাহাটীৰো বিভিন্ন লোকেচনত গীতটোৰ শ্বুটিং হৈছিল৷ সেই সময়ছোৱাত মই জুবিনদাক ভালদৰে লগ পাইছিলোঁ আৰু তেওঁৰ মাজত থকা সংগীতৰ অপৰিসীম দক্ষতাৰ বিষয়ে মই উপলব্ধি কৰিব পাৰিছিলোঁ৷ এইখিনি সময়তে মই অভিনয় সম্পর্কে আৰু অধিক অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হৈছিলোঁ৷ বিশেষকৈ এইক্ষেত্রত জুবিনদাই মোক বিভিন্ন ধৰণে উৎসাহ যোগাইছিল৷ জুবিনদাই কণ্ঠদান কৰা ‘মনৰে কইনা মোৰ’ শীর্ষক গীতটিয়ে তেওঁৰ অন্য গীতবোৰৰ দৰে অতি কম সময়ৰ ভিতৰতে জনপ্রিয়তা অর্জন কৰিছিল৷ ইয়াৰ সমান্তৰালভাৱে আমাৰ ভিডি’টোৱেও দর্শক–নুৰাগীৰ হূদয় জয় কৰিছিল৷ প্রথমবাৰৰ বাবে মই নায়িকা হিচাপে এই গীতটোত কেমেৰাৰ সন্মুখীন হৈছিলোঁ৷ এই গীতটোত কৰা অভিনয় আৰু নৃত্যই মোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল৷ ইয়াৰ লগে লগে মোৰ অনুভৱ হৈছিল যে কষ্ট কৰিলে নিশ্চয় সফল হ’ব পাৰিম৷

‘ৰৈ ৰৈ বিনালে’ ছবিখনত নায়িকাৰ চৰিত্রত অভিনয় কৰাৰ সুযোগ পোৱাটো নিশ্চয় আপোনাৰ বাবেও বিস্ময়৷ ছবিখনত অভিনয়ৰ প্রস্তাৱ লাভ কৰাৰ পিছত আপোনাৰ কেনে অনুভৱ হৈছিল?
‘ৰৈ ৰৈ বিনালে’ জুবিন গার্গৰ সপোনৰ ছবি আছিল বুলি তেওঁ বহু সাক্ষাৎকাৰত উল্লেখ কৰিছে৷ প্রায় ডেৰ দশক পূর্বে জুবিনদাই এনে এখন ছবি নির্মাণৰ পৰিকল্পনা গ্রহণ কৰিছিল৷ এনে এখন ছবিত নায়িকাৰ চৰিত্রত অভিনয় কৰাৰ সুযোগ লাভ কৰি মই অভিভূত হৈ পৰিছিলোঁ৷ আচলতে ‘মনৰে কইনা’ এলবামৰ শ্বুটিঙৰ সময়তে তেওঁ ছবিখনত মোক নায়িকা হিচাপে অভিনয় কৰোৱাৰ পৰিকল্পনা গ্রহণ কৰিছিল৷ ‘মনৰে কইনা’ৰ শ্বুটিং পানীখাইতীত চলি থকাৰ সময়ত জুবিনদাই মাক কৈছিল যে তাইক মই এটি ছাৰপ্রাইজ দিম৷ ‘ৰৈ ৰৈ বিনালে’ ছবিখনত মই মৌক নায়িকা হিচাপে ল’ম৷ এই বিষয়ে মোক জনাবলৈ তেওঁ মাক বাধা দিছিল৷ মায়েও জুবিনদাৰ কথা ৰাখি মোক এই বিষয়ে জনোৱা নাছিল৷ যেতিয়া দাদাই মোক এই বিষয়ে অৱগত কৰিছিল মই বিশ্বাস কৰিব পৰা নাছিলোঁ৷ কিন্তু সেয়াই সঁচা আছিল আৰু দাদাৰ অন্তিমখন সপোনৰ ছবিত মই নায়িকা ৰূপে অভিনয় কৰাৰ গৌৰৱ অর্জন কৰিছিলোঁ৷ দাদা আজি আমাৰ মাজত নাই যদিও তেওঁ মোক অভিনেত্রী হিচাপে অসমৰ সাংস্কৃতিক জগতখনক পৰিচিতি প্রদান কৰিলে৷ অসমীয়া জাতিক দি যোৱা অভূতপূর্ব বৰঙণিয়ে তেওঁক সদায় অমৰ কৰি ৰাখিব৷ দাদাই অতি কষ্টৰে নির্মাণ কৰা ছবিখন এবাৰ নিজ চকুৰে চাব পাৰিলে তেওঁ বৰ সুখী হ’লহেঁতেন৷ কিন্তু ভগৱানে তেওঁক আমাৰ মাজৰ পৰা কাঢ়ি নিলে৷

‘ৰৈ ৰৈ বিনালে’ ছবিখনত অভিনয় কৰা ব্যতিক্রমী চৰিত্রটোৰ মাজত সোমাই পৰিবলৈ জুবিন গার্গে যথেষ্ট পৰিশ্রম কৰিছিল৷ এই সম্পর্কীয় অভিজ্ঞতাৰ বিষয়ে জনাব নেকি?
দাদা আছিল এগৰাকী কিংবদন্তি শিল্পী৷ তেওঁ এগৰাকী অন্ধ যুৱকৰ ব্যতিক্রমী চৰিত্রত অভিনয় কৰি সকলোকে মুগ্ধ কৰি থৈ গ’ল৷ ছবিখনৰ শ্বুটিঙৰ বহুদিন আগৰে পৰা তেওঁ অন্ধ লোকৰ দৰে সকলো কাম কৰিবলৈ লৈছিল, যাতে তেওঁ নিজকে চৰিত্রটোৰ সৈতে মিলাই ল’ব পাৰে৷ শ্বুটিঙৰ সময়ত তেওঁ চকুত লেন্স লগাই লৈছিল৷ যিখন লেন্সেৰে মাত্র ৫ শতাংশহে দেখিবলৈ পাইছিল৷ ২০২৫ চনৰ জানুৱাৰীত ছবিখনৰ শ্বুটিং আৰম্ভ হৈছিল আৰু এপ্রিলত শেষ হৈছিল৷ শ্বুটিঙৰ সময়ত তেওঁ ৮ৰ পৰা ১২ ঘণ্টাপর্যন্ত এই লেন্স পৰিধান কৰিছিল৷ দাদাক শ্বেটত ইফালে–সিফালে যাওঁতে অন্য লোকে ধৰি ধৰি নিব লগা হৈছিল৷ আনকি ৱাশ্বৰূমলৈ যাওঁতে তেওঁ কেইবাদিনো ৱাশ্বৰূমত পৰিছিল৷ পৰিচালক ৰাজেশ ভূঞা আৰু গৰিমা বৌৱে জুবিনদাক এযোৰ ক’লা চছ্মা পিন্ধি অভিনয় কৰিবলৈ কৈছিল৷ কিন্তু জুবিনদাই চৰিত্রটো নিখুঁতভাৱে ফুটাই তুলিবলৈ আৰু দর্শকৰ হূদয়গ্রাহী কৰি তুলিবলৈ লেন্স পিন্ধি অতি কষ্টৰে শ্বুটিং কৰিছিল৷ দাদাৰ এইবোৰ কার্যই অন্য শিল্পীসকলকো যথেষ্ট অনুপ্রাণিত কৰিছিল৷ এনে এগৰাকী শিল্পীৰ সৈতে মই অভিনয় কৰিবলৈ পোৱাটো ভগৱানৰ আশীর্বাদ বুলিয়েই ভাবোঁ৷ তেওঁৰ দৰে মহান শিল্পীৰ সৈতে অভিনয় কৰিবলৈ গৈ প্রথম অৱস্থাত নার্ভাছ হৈছিলোঁ৷ কিন্তু দাদাই উৎসাহ দি কৈছিল– ‘মৌ তুমি পাৰিবা’৷ অৱশেষত মই এটি প্রত্যাহ্বানপূর্ণ চৰিত্রত অভিনয় কৰিবলৈ সক্ষম হ’লোঁ৷ দর্শকে মোৰ চৰিত্রটো আৰু অভিনয়ক আদৰি লোৱাৰ বাবে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ৷

জুবিন গার্গৰ অনাকাংক্ষিত খবৰটো পোৱাৰ পিছত আপুনি নিশ্চয় এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছিল৷ কি ক’ব এই বিষয়ে?
খবৰটো পোৱাৰ পিছত মই একেবাৰে বিশ্বাস কৰা নাছিলোঁ৷ মই ভবাই নাছিলোঁ যে দাদাই এনেদৰে গুচি যাব৷ মই পৰিয়ালৰ সৈতে লগে লগে জুবিনদাৰ কাহিলিপাৰাৰ ঘৰলৈ গৈছিল৷ তাত গৰিমা বৌৰ লগত আমাৰ ছবিখনৰ সকলো শিল্পী সমৱেত হৈছিল৷ মই তেতিয়াও ভাবি আছিলোঁ যে জুবিনদাই সকলোকে ছাৰপ্রাইজ দি ক’ব– ‘মোৰ একো হোৱা নাই, তহঁতে মিছাতে ভয় খাইছ৷’ আনকি কফিনৰ মাজত শুই থকাৰ সময়তো ভাবি আছিলোঁ যে তেওঁ যেন উঠি বহিব৷ কিন্তু ভবা কথা বাস্তৱ নহ’ল৷ তেওঁ চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা গুচি গ’ল৷ এই কেইবছৰতে জুবিনদাই মোক যিখিনি দি গ’ল তাক মই ভাষাৰে প্রকাশ কৰিব নোৱাৰিম৷ তেওঁৰ মৃত্যুত মই যি মনোকষ্ট পাইছোঁ আৰু গভীৰ দুখত নিমজ্জিত হৈছোঁ তাৰ পৰা ওলাই অহা সহজ নহ’ব৷ হয়তো সমগ্র জীৱন মই এই দুখৰ মাজৰ পৰা ওলাই আহিব নোৱাৰিম৷

আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা কি? জুবিনদাক জীয়াই ৰাখিবলৈ আপুনি কি আহ্বান জনাব?
জুবিনদাৰ বহু সপোন আধৰুৱা হৈ ৰ’ল৷ তেওঁ এইবাৰ আন এখন ছবি নির্মাণ কৰাৰ কথা ভাবিছিল৷ তেওঁ কৈছিল– ‘মই এখন ‘বাঘ’ নামৰ ছবি নির্মাণৰ পৰিকল্পনা গ্রহণ কৰিছোঁ৷ ছবিখনত মই এজন বোবা যুৱকৰ চৰিত্রত অভিনয় কৰিম৷ ছবিখনত মোৰ কোনো সংলাপ নাথাকিব৷’ এনে সপোনবোৰে আমাক সদায় দুঃখিত কৰি ৰাখিব৷ মই চেষ্টা কৰিম দাদাৰ সৃষ্টিসমূহ সংৰক্ষণ কৰি ৰাখিবলৈ৷ কেৱল ময়েই নহয়, সমগ্র অসমবাসীয়ে নিশ্চয় এই প্রচেষ্টা চলাব৷ এই মুহূর্তত মই জুবিনদাৰ মৃত্যুৰ সঠিক তদন্ত হোৱাটো বিচাৰিছোঁ৷ জুবিনদাৰ কি পৰিস্থিতিত মৃত্যু হ’ল সেই কথা জানিব লাগিব৷ মই আশা কৰোঁ, তেওঁৰ মৃত্যুৰ তদন্ত সঠিকভাৱে আগবাঢ়িছে আৰু তেওঁ ন্যায় পাব৷ ইতিমধ্যে তদন্তকাৰী সংস্থাটোৱে চার্জশ্বীট দাখিল কৰিছে৷ কিছুদিনৰ ভিতৰতে জুবিনদাৰ মৃত্যুৰ তথ্য পোহৰলৈ আহিব বুলি মই আশাবাদী৷

You might also like