নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আবুধাবিত আজি আইপিএলৰ মিনি নিলাম

ভাৰতৰ ঘৰুৱা টি–২০ প্রতিযোগিতা চৈয়দ মুস্তাক আলী ট্ৰফীত আকর্ষণীয় প্রদর্শনৰ পিছতে এটা ফ্রেঞ্চাইজীয়ে খেলুৱৈগৰাকীৰ প্রতি আগ্রহ দেখুৱাইছে

আবুধাবিত আজি অনুষ্ঠিত হ’ব আইপিএল ২০২৬ৰ মেগা নিলাম৷ ৩৫০জনতকৈ অধিক খেলুৱৈ এই নিলামত থাকিব৷ যাৰ পৰা প্রায় ৭৭গৰাকী খেলুৱৈক ফ্রেঞ্চাইজীবোৰে ক্রয় কৰিব৷ যাৰ দ্বাৰা ১০টা ফ্রেঞ্চাহজীয়ে নিজৰ নিজৰ দল সম্পূর্ণ কৰিব৷

এই নিলামৰ পূর্বে এনেকুৱা এটা ঘটনা ঘটিছে, যিয়ে সকলোকে আচৰিত কৰি তুলিছে৷ দৰাচলতে আইপিএল ২০২৬ৰ নিলামৰ তালিকাত নাম নথকা এজন খেলুৱৈক নিশাৰ ভিতৰতে সেই তালিকাত অন্তর্ভুক্ত কৰা হৈছে৷

ভাৰতৰ ঘৰুৱা টি–২০ প্রতিযোগিতা চৈয়দ মুস্তাক আলী ট্ৰফীত আকর্ষণীয় প্রদর্শনৰ পিছতে এটা ফ্রেঞ্চাইজীয়ে খেলুৱৈগৰাকীৰ প্রতি আগ্রহ দেখুৱাইছে৷

যাৰ বাবে নিশাৰ ভিতৰতে সেই খেলুৱৈগৰাকীৰ নাম আইপিএলৰ নিলামৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছে৷ খেলুৱৈগৰাকী হৈছে পশ্চিমবংগৰ তাৰকা বেটাৰ অভিমন্যু ঈশ্বৰন৷ তেওঁ ৱাইল্ড কার্ড এণ্ট্ৰী হিচাপে নিলামত অংশগ্রহণ কৰিব৷

চৈয়দ মুস্তাক আলী ট্ৰফীত বংগৰ হৈ অভিমন্যু ঈশ্বৰনে ৭খন খেলত ২৬৬ ৰান সংগ্রহ কৰিছে৷ অভিমন্যু ঈশ্বৰনে এতিয়ালৈ আইপিএল খেলা নাই৷

ডিজিটেল ডেস্ক, ১৬ ডিচেম্বৰ

You might also like