‘জুবিন’বিহীন জুবিন-ৰ আজি প্রথমটো ওপজা দিন, এবুকু বিষাদেৰে ৰাজ্যবাসীৰ স্মৰণ
ছিংগাপুৰৰ মহাসমুদ্রত অনাকাংক্ষিতভাৱে প্রাণ হেৰুওৱা অসমীয়াৰ প্রাণৰ শিল্পী জুবিন গার্গৰ অবর্তমানত আজি ৰাজ্যবাসীয়ে পালন কৰিছে তেওঁৰ প্রথমটো জন্মদিন৷ ৰাজ্যজুৰি সর্বসাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি বিভিন্ন দল–সংগঠন, চৰকাৰলৈকে বিভিন্ন কার্যসূচীৰে শিল্পীগৰাকীক স্মৰণ কৰাৰ বাবে অসমীয়াই প্রস্তুতি সম্পূর্ণ কৰিছে৷
শিল্পীগৰাকীৰ সোণাপুৰৰ সমাধিক্ষেত্রত আজি ৰাইজে বিভিন্ন কার্যসূচীৰে ওপজা দিন পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে কাহিলিপাৰাৰ বাসগৃহতো অনুষ্ঠিত হৈছে বর্ণাঢ়্য অনুষ্ঠান৷ জুবিনবিহীন প্রথমটো জন্মদিন অনুৰাগীৰ বাবে আনন্দৰ নহয় যদিও শিল্পীগৰাকীয়ে বিচৰা ধৰণেই ৰাইজে জন্মদিনটো উদ্যাপনৰ প্রস্তুতি চলাইছে৷
উল্লেখ্য যে ভাস্কর্য শিল্পী জ্যোতিশংকৰ ভট্টাচার্যৰ হাতৰ পৰশত প্রাণ পাই উঠা শিল্পীগৰাকীৰ আবক্ষ মূর্তি আজি কাহিলিপাৰাৰ বাসভৱনত আনুষ্ঠানিকভাৱে স্থাপন কৰা হ’ল৷ জীৱিত সময়ছোৱাত শিল্পীগৰাকীয়ে কাহিলিপাৰাৰ চিনাজী ইম্পেৰিয়াত ৰোপণ কৰিছিল এটি বকুলৰ পুলি৷ সম্প্রতি পূর্ণাংগ বৃক্ষৰ ৰূপ পোৱা বকুলজোপাৰ তলতে আবক্ষ মূর্তিটো স্থাপন কৰা হল৷
ইয়াৰ বাহিৰেও জন্মদিন উপলক্ষে কাহিলিপাৰাৰ বাসগৃহৰ চৌপাশক অনুৰাগীয়ে দিছে নতুন ৰূপ৷ এপার্টমেণ্টটোৰ দেৱালত অংকন কৰা হৈছে শিল্পীগৰাকীয়ে ভালপোৱা সমগ্রীসমূহ৷ চৌদিশে শাৰী শাৰীকৈ ৰোপণ কৰা হৈছে নাহৰৰ পুলি৷
একেদৰেই সোণাপুৰৰ সমাধিক্ষেত্রতো ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাৰ লগতে সন্ধিয়া প্রজ্বলন কৰা হ’ব ৫,০০০ চাকি৷ তদুপৰি ৫০০ আকাশবন্তিৰে ৰাইজে আকাশ উজলাই শিল্পীগৰাকীৰ সত্তাক পুনৰ স্মৰণ কৰাৰ লগতে আমন্ত্রিত শিল্পীৰ ভাওনা তথা আন সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত কৰা হ’ব৷
একেদৰেই সমাধিক্ষেত্রৰ সমীপৱর্তী ডিমৰীয়াৰ বিভিন্ন প্রান্তত ৰাইজে নাহৰৰ পুলি ৰোপণ কৰি শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জনাব৷ ৰাজ্যজুৰি অনুৰাগী সমাজে বিভিন্ন ধৰণে প্রিয় শিল্পীগৰাকীক স্মৰণ কৰাৰ সময়তে লংকাৰ ১নং কাকীৰ পৰা সোণাপুৰৰ সমাধিক্ষেত্রলৈ প্রায় ১৪৭ কিলোমিটাৰ দৌৰি আহি আছে অনুৰাগী নিৰঞ্জন শইকীয়া৷
আজি সন্ধিয়া প্রায় ৫ বজাত নিৰঞ্জন শইকীয়াই সমাধিথলীত উপস্থিত হৈ প্রিয় শিল্পীগৰাকীক শ্রদ্ধা জনাব৷ কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ উদ্যোগত এসপ্তাহজুৰি ভিন্ন কার্যসূচীৰে জুবিন সপ্তাহ পালন কৰাৰ সিদ্ধান্ত লৈছে ছাত্র সমাজে৷
উজান বজাৰৰ জাহাজঘাটত বর্ণিল কার্যসূচীৰে শিল্পীগৰাকীক গীত–কবিতা–ছবিৰে স্মৰণ কৰিব এছএফআই, ডিৱাইএফআই আৰু এআইডিডব্লিউএ শীর্ষক সংগঠনকেইটাই৷
আছুৱে শিল্পীগৰাকীৰ ওপজা দিনটোৰ সৈতে সংগতি ৰাখি দিনৰ ১২.৩০ বজাত ৰাজ্যজুৰি জিলা সদৰত মানৱ শৃংখল কার্যসূচী গ্রহণ কৰাৰ লগতে সন্ধিয়া শিল্পীগৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জনাই বন্তি প্রজ্বলন কৰিব৷ প্রিয় শিল্পীৰ ৫৩সংখ্যক ওপজা দিন উপলক্ষে ৰাজ্যিক বিজেপিয়ে আজি ৰাজ্যৰ ৫৩টা স্থানত ৰক্তদান আৰু ৰক্তবর্গ নির্ণয়ৰ বাবে ‘জীৱন সুৰভি’ শীর্ষক ৰক্ত চিনাক্তকৰণৰ শিবিৰ আৰম্ভ কৰিছে৷
সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা খেলপথাৰত আয়োজন কৰা শিবিৰত নিজেই ৰক্তদান কৰি শুভাৰম্ভ কৰিব৷ দিনৰ ২ বজাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো উক্ত শিবিৰত ৰক্তদান কৰিব বুলি জানিব পৰা গৈছে৷
একেদৰেই অসম গণ পৰিষদে আজি ৰাজ্যজুৰি পালন কৰিব জাতীয় স্বাভিমান দিৱস৷ এই উপলক্ষে আজি পুৱা ৯ বজাৰ পৰা ৰক্তদান শিবিৰৰ আয়োজনেৰে দলৰ আমবাৰীৰ মুখ্য কার্যালয়ত অনুষ্ঠানটো আৰম্ভ কৰিছে সভাপতি অতুল বৰাই৷
অনুষ্ঠানটোৰ মূল কার্যসূচী দীঘলীপুখুৰীপাৰৰ লক্ষীধৰ বৰা ক্ষেত্রত দিনৰ ১০ বজাত আৰম্ভ হ’য়৷ জুবিন গার্গৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানটো মুকলি কৰিব জ্যেষ্ঠ অভিনেতা নীলু চক্রৱর্তীয়ে৷ অনুষ্ঠানটোত ১০গৰাকী কিতাপৰ বন্ধু আৰু প্রকৃতিৰ বন্ধুক সম্বর্ধনা জনোৱা হ’ব৷
তদুপৰি সহস্রাধিক সদস্যই দলৰ তৰফৰ পৰা বাণিবদ্ধ কৰা জুবিন গার্গৰ কালজয়ী গীত পৰিৱেশন কৰাৰ লগতে মহানগৰীৰ কেইবাটাও স্থানত নাহৰৰ পুলি ৰোপণ কৰিব৷ অসম প্রদেশ কংগ্রেছ কমিটীয়েও শিল্পীগৰাকীৰ ৫৩সংখ্যক ওপজা দিন উপলক্ষে ছয়মাইলৰ কর্মশ্রী হিতেশ্বৰ শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সন্ধিয়া ৬ বজাৰ পৰা এক অনুষ্ঠানৰ আয়োজন কৰিছে৷
আনহাতে ৰাজ্যজুৰি নাহৰৰ পুলি ৰোপণ কৰি শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি প্রদান কৰিব ছাত্র মুক্তি সংগ্রাম সমিতিয়ে৷ শিল্পীগৰাকীৰ এসময়ৰ কর্মস্থলী যোৰহাটতো ৫৩সংখ্যক জন্মদিন উপলক্ষে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে বহু অনুষ্ঠানৰ আয়োজন কৰিছে৷ জুবিন গার্গ ফেন ক্লাবৰ উদ্যোগত যোৰহাট ষ্টেডিয়াম কমপ্লেক্সত পালন কৰা হ’ব সৃষ্টিৰ দিন৷
ফেন ক্লাবে ৫,০০০ নাহৰ গছৰ পুলি ৰোপণ আৰু বিতৰণ কৰিব৷ সন্ধিয়া বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰা হ’ব৷ তদুপৰি যোৰহাট প্রেছ ক্লাবত অসম যুৱ পৰিষদ আৰু ছাত্র পৰিষদে ৰক্তদান শিবিৰ তথা বিভিন্ন সংগঠনে আন বহু কার্যসূচী গ্রহণ কৰিছে৷
একেদৰেই বিটিচি প্রশাসনৰ উদ্যোগত কোকৰাঝাৰ চহৰত গৌৰাং নৈৰ পাৰৰ চান্দামাৰী আইটি পার্কৰ সমীপত উদ্যাপন কৰা হ’ব জুবিন গার্গৰ ৫৩সংখ্যক জন্মদিন৷ এই উপলক্ষে কাইলৈ চান্দামাৰীৰ ২০ বিঘা ভূমিত স্থাপন কৰা হ’ব হিয়াৰ আমঠু জুবিন গার্গৰ স্মৃতিত নির্মাণ হ’বলগীয়া উদ্যানৰ আধাৰশিলা৷
বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰিব৷ তদুপৰি বিয়লি বিটিচিৰ ৫খন জিলাৰ পৰা অহা ২৫,০০০ শিল্পী, কলা–কুশলী আৰু অনুৰাগীয়ে বড়ো আৰু অসমীয়া ভাষাত ‘মায়াবিনী’ শীর্ষক গীতটো পৰিৱেশন কৰিব৷
তদুপৰি ৫৩ জোপা নাহৰ গছৰ পুলিও ৰোপণ কৰা হ’ব৷ ইপিনে, জুবিন গার্গৰ আভাস ফুটি উঠা এখন ছবি ১৮ লাখ টকাত ক্রয় কৰিলে বিৰলা গ্রুপৰ স্বত্বাধিকাৰী কুমাৰ মংগলম বিৰলাই৷ অসমৰ চিত্রশিল্পী গণেশ গোহাঁয়ে উক্ত ছবিখন অংকন কৰিছিল৷
যি কি নহওক, কালৰ কুটিল চক্রান্তই অসমীয়াৰ বুকুৰ মাজৰ পৰা ঈশ্বৰ পুত্রক অকালতে কাঢ়ি লৈ গ’ল যদিও অসমীয়াই নিজস্বধৰণে ঈশ্বৰ পুত্রই বিচৰা মতেই আজি ওপজা দিনটোত তেওঁক স্মৰণ কৰিব৷ কায়িকভাৱে জুবিন গার্গবিহীন এয়া প্রথমটো জন্মদিন হ’ব যদিও ৰাইজৰ অন্তৰত সদায়ে জুবিন গার্গ জীয়াই থাকিব৷
ডিজিটেল ডেস্ক, ১৮ নৱেম্বৰ