নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাহিলিপাৰা-ত বকুলৰ তলত স্থাপন হাৰ্টথ্ৰবৰ আবক্ষ মূৰ্তি : সৰ্বত্ৰ আৱেগপ্ৰৱণ পৰিৱেশ 

কাহিলিপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহৰ আগফালে মঙলবাৰৰ নিশা অজস্ৰ অনুৰাগীয়ে ভিৰ কৰে। কাৰণ আজি আপোন শিল্পীগৰাকীবিহীন আজি প্ৰথমটো জন্মদিন। প্ৰাণৰ শিল্পীগৰাকীৰ ওপজা দিনত মধ্যৰাতিৰ পৰাই হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰি আৱেগিক পৰিৱেশ সৃষ্টি কৰে।

নিশা ঠিক ১২ বজাত কেক কাটি উদযাপন কৰা হয় জুবিনদাৰ ৫৩সংখ্যক ওপজা দিন। সংগীত জগতৰ প্ৰাণস্পন্দন জুবিনৰ স্মৃতিত উৎসৰ্গিত এই পৰিৱেশত কান্দোন-হাঁহিৰ সমাহাৰ দেখা যায়।

এই আৱেগিক দৃশ্যৰ মাজতে পত্নী গৰিমা শইকীয়া গাৰ্গ ঘৰৰ বাহিৰলৈ ওলাই আহি অনুৰাগীৰ এই অসীম ভালপোৱাত গভীৰভাৱে আৱেগিক হয়।

এতিয়া পৰ্যন্ত প্ৰথমবাৰ জুবিন গাৰ্গ নথকাকৈ পালন কৰা ওপজা দিনটোত কান্দোন ৰাখিব নোৱৰা অনুৰাগীৰ সংখ্যা অগণিত। কোনোবাই জুবিনদাৰ গীত মুকলি কৰিছে, কোনোবাই ছবি আঁকি আহিছে সুদূৰ কলকাতাৰ পৰা, আৰু বহুতে জুবিনৰ জনপ্ৰিয় গীতেৰে স্মৰণ কৰিছে সংগীত জগতৰ এই অনন্য শিল্পীজনাক।

অশ্ৰুসিক্ত নয়নেৰে অনুৰাগীয়ে উদযাপন কৰা এই প্ৰাণৱন্ত ওপজা দিনৰ বিশেষ কাৰ্যসূচী আজিও চলিব।

ইফালে পুৱা ৯ বজাত গৰিমা শইকীয়া গাৰ্গ আৰু পিতৃ কপিল বৰঠাকুৰৰ উপস্থিতিত কাহিলিপাৰাৰ নিজৰ বাসগৃহৰ কাষতে প্ৰিয় বকুলৰ তলত জুবিন গাৰ্গৰ এটা আবক্ষ মূৰ্তি স্থাপন কৰা হয়। এই স্থাপন কাৰ্যসূচীত জুবিনৰ জন্মদিন উপলক্ষে ২০ কেজি ওজনৰ এটা কেক কটা হয়।

দিনজোৰা কাৰ্যসূচীৰে, নাম-প্ৰসঙ্গৰ মাজত আৰু সন্মানৰ পৰশত উদযাপন হ’ব জুবিন গাৰ্গৰ ওপজা দিন— প্ৰাণৰ শিল্পীক অনুৰাগীৰ পক্ষৰ পৰা অম্লান শ্রদ্ধাঞ্জলি জনোৱা হয়।

ডিজিটেল ডেস্ক, ১৮ নৱেম্বৰ

You might also like