নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰাত্মক বার্ড ফ্লু

ক’ৰোনা অতিমাৰীয়ে প্রাণ কাঢ়িছে কেইবা কোটিও লোকৰ৷ ক’ৰোনাৰ সেই তাণ্ডৱ এতিয়া নাই৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভয়াৱহ মহামাৰীৰ সন্মুখীন হ’ব মানৱ জাতি৷ শেহতীয়াকৈ আমেৰিকাৰ স্বাস্থ্য বিশেষজ্ঞসকলে দাবী কৰিছে যে ক’ৰোনা অতিমাৰীতকৈ এশ গুণ বেছি অতিমাৰীয়ে বিশ্ববাসীক বিভীষিকাৰ সন্মুখীন কৰাব৷ এই অতিমাৰী হ’ব ‘বার্ড ফ্লু’৷ বিশ্বৰ বিভিন্ন প্রান্তত বার্ড ফ্লুৰ সংক্রমণৰ তথ্য ইতিমধ্যে সদৰী হৈছে৷ শেহতীয়াকৈ মানৱ দেহলৈ সংক্রমিত হৈছে এই ‘বার্ড ফ্লু’৷ আমেৰিকাৰ ৰাষ্ট্রীয় স্বাস্থ্য সংস্থাৰ মতে এই বার্ড ফ্লু হ’ব অতি সংহাৰী৷ আগন্তুক দিনত বার্ড ফ্লুৰ সংক্রমণ দ্রুতগতিত ঘটিব বুলি নিশ্চিত কৰিছে আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্রিভেনচন (চিডিচি) সংস্থাই৷ শেহতীয়াকৈ টেক্সাছত বার্ড ফ্লুত আক্রান্ত হৈছে পক্ষীপামৰ কেইবাগৰাকীও কর্মী৷ পক্ষীপামৰ এই কর্মীসকলৰ চকু হঠাতে ৰঙা পৰি উঠাৰ পাছতে ই মাৰাত্মক হ’ব পাৰে বুলি সতর্কবাণী কৰিছে চিকিৎসা বিজ্ঞানীসকলে৷ লক্ষণীয়ভাৱে ২০০৩ চনৰ পৰা এতিয়ালৈকে এইচ৫এন১ বার্ড ফ্লু ভাইৰাছত যিমানসংখ্যক লোক আক্রান্ত হৈছে তাৰ ৫২ শতাংশৰেই মৃত্যু হৈছে৷ আমেৰিকাত এতিয়া ৮৮৭গৰাকী লোকৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ লক্ষণীয়ভাৱে ৮৮৭ লোকৰ ভিতৰত ৪৬২জনৰে মৃত্যু হৈছে৷ শেহতীয়াকৈ এণ্টার্কটিকাত কেইবাহাজাৰো পেংগুইনৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ গৈ আমেৰিকাৰ টেক্সাছৰ গৱেষকসকলৰ চকু কপালত উঠিছে৷ কাৰণ এই পেংগুইনবোৰৰ মৃত্যু হৈছে বার্ড ফ্লুৰ এইচ৫এন১ প্রকাৰৰ ভাইৰাছৰ সংক্রমণৰ ফলত৷ লক্ষণীয়ভাৱে শেহতীয়াকৈ বহু পশুৰ শৰীৰতো সংক্রমণ ঘটিছে বার্ড ফ্লুৰ এই প্রজাতিৰ ভাইৰাছৰ৷ অর্থাৎ স্তন্যপায়ী প্রাণীলৈ বিয়পিছে এই ভাইৰাছ৷ গৰুৰ পামত কাম কৰা বহু কর্মী আক্রান্ত হৈছে এই ভাইৰাছত৷ বর্তমান এনে বহু কর্মীক আইছ’লেচনত ৰখা হৈছে বুলি আমেৰিকাৰ চিকিৎসা বিজ্ঞানীসকলে ঘোষণা কৰিছে৷
যোৱা এক এপ্রিলত মানুহৰ দেহত এইচ৫এন১ৰ উপস্থিতি ধৰা পৰাৰ পাছতে আতংকৰ সৃষ্টি হৈছে সমগ্র আমেৰিকাত৷ এতিয়ালৈকে কেইবাখনো প্রদেশত এই বার্ড ফ্লু ভাইৰাছে সৃষ্টি কৰিছে তাণ্ডৱ৷ স্মর্তব্য যে পূর্বে এই পক্ষীজ্বৰত মানুহ আক্রান্ত হ’ব বুলি কোনোধৰণৰ ধাৰণা নাছিল চিকিৎসা বিজ্ঞানীসকলৰ৷ কিন্তু মানৱ দেহত ইয়াৰ উপস্থিতি ধৰা পৰাৰ লগে লগে আমেৰিকাজুৰি বৃদ্ধি পাইছে উদ্বেগ৷ ক’ভিডতকৈ ১০০ গুণ অধিক ক্ষতিকাৰক হ’ব এই পক্ষীজ্বৰ৷ অর্থাৎ ক’ভিডত আক্রান্তৰ মৃত্যুৰ হাৰতকৈ এই পক্ষীজ্বৰত আক্রান্তৰ মৃত্যুৰ হাৰ হ’ব যথেষ্ট বেছি৷ গতিকে চিকিৎসা বিজ্ঞানীসকলে শীঘ্রে এই বার্ড ফ্লুৰে মোকাবিলা কৰাৰ বাবে বিশেষ তৎপৰতা গ্রহণ কৰাৰ দাবী জনাইছে৷ পিটার্ছবুর্গৰ বার্ড ফ্লু বিশেষজ্ঞ ডাঃ সুৰেশ কুচিপুৰিয়ে উল্লেখ কৰিছে যে ইতিমধ্যেই সংক্রমণৰ শিখৰলৈ গতি কৰিছে এইচ৫এন১ ভাইৰাছে৷ বিশেষজ্ঞগৰাকীয়ে সতর্কবাণী কৰিছে যে বার্ড ফ্লুৰ এই প্রজাতিয়ে যদি অধিক অভিযোজন বা মিউটেচনৰ সুযোগ লাভ কৰে, তেন্তে ইয়াৰ সংক্রমণৰ গতি অভাৱনীয়ভাৱে বৃদ্ধি পাব আৰু মৃত্যুৰ হাৰো বাঢ়িব৷ ক’ভিড অতিমাৰীৰ পাছত আমেৰিকাত এই বার্ড ফ্লুৱে তাণ্ডৱ সৃষ্টি কৰিব বুলি দেশখনৰ চিকিৎসা বিজ্ঞানীসকলে দাবী কৰি থকাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা আমেৰিকাৰ চৰকাৰক বিষয়টোৰে মোকাবিলা কৰিবলৈ অধিক তৎপৰ হোৱাৰ বাবে আহ্বান জনোৱা হৈছে৷ লক্ষণীয়ভাৱে প্রায় এশ বছৰ পূর্বৰ স্পেনিছ ফ্লুৱে যি অতিমাৰীৰ সৃষ্টি কৰিছিল সেই পৰিস্থিতি পৃথিৱীলৈ ঘূৰি নাহে বুলি ধাৰণা কৰা উচিত নহয় বুলিও বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা সতর্কবাণী কৰা হৈছে৷ আধুনিক পৃথিৱীত এনে মহামাৰী বা অতিমাৰীৰ সৃষ্টি হ’ব পাৰে, যি মানৱ জাতিৰ চিন্তাৰ বাহিৰত৷ গতিকে যিকোনো সংক্রামক ৰোগক ভয়াৱহ হিচাপে চিহ্ণিত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ দুই দশক পূর্বৰ বার্ড ফ্লু এতিয়া মাৰাত্মক হিচাপে চিহ্ণিত হৈছে৷ অকল পক্ষী বা অন্য পশু ইয়াৰ দ্বাৰা সংক্রমিত হৈ মৃত্যুমুখত পৰিব বুলি যি ধাৰণা পূর্বতে আছিল, সেয়া সলনি কৰিবৰ হ’ল বুলি আমেৰিকাৰ চিকিৎসা বিজ্ঞানীসকলে ঘোষণা কৰিছে৷ ইতিমধ্যে টেক্সাছৰ ঘটনাই আমেৰিকাজুৰি সৃষ্টি কৰিছে আতংক৷ এই আতংকৰ পৰা পৰিত্রাণ পাবলৈ হ’লে ইয়াৰে মোকাবিলা কৰাৰ বাবে সঠিক পদক্ষেপ গ্রহণ কৰিব লাগিব৷

You might also like