নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনত ‘জলবোমা’

ইউক্রেইনী যুদ্ধত এইবাৰ পানী হৈ পৰিছে অন্যতম হাতিয়াৰ৷ দেশখনৰ দক্ষিণৰ খেৰছন অঞ্চলৰ এটা বান্ধ বিস্ফোৰণত ভগাৰ পিছতেই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে শতাধিক গাঁও আৰু চহৰত৷ ৪২ সহস্রাধিক লোক এই বানৰ ফলত সংকটৰ সন্মুখীন হৈছে৷ এই লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ প্রক্রিয়া অব্যাহত আছে৷ মঙলবাৰে কাখোভকা বান্ধ বিস্ফোৰণত ভাগি যোৱা বুলি দাবী কৰিছে ইউক্রেইনে৷ ইউক্রেইন চৰকাৰে দাবী কৰা অনুসৰি ৰাছিয়াই এই বান্ধটো বিস্ফোৰণেৰে উৰুৱাই দিছে৷ ইফালে, মস্কো প্রশাসনে অভিযোগ কৰা অনুসৰি ৰুছ নিয়ন্ত্রণাধীন অঞ্চলত থকা এই বান্ধটো ইউক্রেইনী সেনাই বোমা বর্ষণ কৰি ভাঙি পেলাইছে৷ পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে অভিযোগ আনি থকাৰ সময়তে আমেৰিকাকে ধৰি পাশ্চাত্যৰ দেশসমূহে দাবী কৰিছে যে ৰাছিয়াই ইউক্রেইনৰ সেনাক প্রতিৰোধ কৰিবলৈ এই ‘জল বোমা’ ব্যৱহাৰ কৰিলে৷ ইফালে ইউক্রেইনৰ ৰাষ্ট্রপতি ভ’লোডিমিৰ জেলেনস্কীয়ে ৰাছিয়াই এই বান্ধটো ভাঙি পেলোৱা বুলি দাবী কৰাৰ উপৰি ইয়াক ‘গণবিধ্বংসী পৰিৱেশ বোমা’ বুলি অভিহিত কৰিছে৷ লক্ষণীয়ভাৱে পাশ্চাত্যৰ দেশসমূহে এই বান্ধ ভঙা ঘটনাত বহু লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে৷ আমেৰিকাই দাবী কৰা অনুসৰি এতিয়াও সন্ধানহীন হৈ আছে শ শ লোক৷ অৱশ্যে ইউক্রেইনৰ সংবাদ মাধ্যমে এই সন্দর্ভত কোনো ধৰণৰ প্রতিবেদন প্রকাশ কৰা নাই৷ কিন্তু এই বান্ধটোৰ পানীয়ে ইতিমধ্যে শতাধিক গাঁও–চহৰ প্লাৱিত কৰা বুলি দাবী কৰিছে সংবাদ সংস্থাসমূহে৷ বি বি চি, ডেইলী মেইল আদি সংবাদ সংস্থাসমূহৰ প্রতিবেদনত হাজাৰ হাজাৰ লোক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি দাবী কৰা হৈছে৷ আনকি বান্ধ ভগাৰ দিনাখন বহু লোকে ঘৰৰ মূধচ আৰু গছত উঠি প্রাণ ৰক্ষা কৰিবলগীয়া হয়৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে এই বান্ধটোৰ পানীয়ে অকল ৪২ হাজাৰ লোকৰ বসতি অঞ্চলতে তাণ্ডৱ সৃষ্টি কৰা নাই৷ ই ইউক্রেইনৰ খনি আৰু কৃষি সম্পদলৈ কঢ়িয়াই আনিছে দুর্যোগ৷
ডিনিপ্র’ নদীৰ সৈতে সংলগ্ণ হৈ থকা এই বান্ধটো পূর্বৰ ছোভিয়েট আমোলত নির্মাণ কৰা হৈছিল৷ ৩০ মিটাৰ উচ্চতাৰ এই বান্ধটো নির্মাণ কৰা হৈছিল ১৯৫৬ চনত৷ মূলতঃ ছোভিয়েট সদস্য ৰাষ্ট্র ইউক্রেইনৰ কৃষি অর্থনীতিলৈ সমৃদ্ধি কঢ়িয়াই অনাৰ লক্ষ্য ৰাখি এই বান্ধটো নির্মাণ কৰা হৈছিল৷ ১৮ বর্গ কিলোমিটাৰ অঞ্চলত এই বান্ধৰ প্রভাৱত গঢ়ি উঠিছিল সমৃদ্ধিশালী কৃষি অর্থনীতি৷ এতিয়া বান্ধৰ পৰা সৃষ্টি হোৱা বানে ইউক্রেইনৰ কৃষি ক্ষেত্রৰ বিস্তৰ ক্ষতি সাধন কৰিছে৷ আনকি এই বানে বহু খনিলৈ নমাই আনিছে দুর্যোগ৷ ইফালে দুর্গত লোকসকলক সাহায্য আগবঢ়াবলৈ ইউক্রেইনৰ তৰফৰ পৰা বিশ্ব সম্প্রদায়ক আবেদন জনোৱা হৈছে৷ ৰেড ক্রছৰ তৰফৰ পৰা এই কথাও সদৰী কৰা হৈছে যে খেৰছন অঞ্চলত যুদ্ধৰ সময়ত উভয় পক্ষৰ সেনাই পুতি ৰখা লেণ্ডমাইনবোৰ এই সময়ছোৱাত হ’ব পাৰে বিভীষিকাৰ অন্যতম কাৰণ৷ গতিকে বান্ধ ভগাৰ ফলত অধিক প্রাণ হানিৰ আশংকা থকা বুলি সতর্কবাণী শুনাইছে ৰেড ক্রছে৷ শেহতীয়াকৈ বন্যার্ত লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰৰ প্রক্রিয়া চলি থকা সময়তে ইউক্রেইনী সেনাই ড্র’নেৰে খাদ্যসামগ্রী আৰু খোৱাপানীৰ বটল আকাশ মার্গৰ পৰা পেলাই থকা দৃশ্য সংবাদ মাধ্যমত প্রকাশ পাইছে৷ এই ঘটনা সন্দর্ভত আমেৰিকা আৰু পাশ্চাত্য দেশসমূহে ৰাছিয়াক জগৰীয়া কৰি আহিছে যদিও মস্কো প্রশাসনে ৰুছ নিয়ন্ত্রিত অঞ্চলৰ বাসিন্দাসকলক দুর্যোগৰ সন্মুখীন কৰাবলৈ ইউক্রেইনে উদ্দেশ্যপ্রণোদিতভাৱে বান্ধটো বিস্ফোৰণেৰে ধ্বংস কৰা বুলি অভিযোগ কৰি আহিছে৷ আনকি ৰুছ নিয়ন্ত্রিত অঞ্চলসমূহত সাহায্য লাভ কৰাৰ ক্ষেত্রত বঞ্চিত হৈছে কেইবাহাজাৰো লোক৷ পূব ইউক্রেইনত ভয়াৱহ যুদ্ধ চলি থকাৰ মাজতেই ডিনিপ্র’ নদীৰ এই বান্ধ ভগা ঘটনাই ইউক্রেইনত যুদ্ধৰ বিভীষিকাতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ সেইবাবে জেলেনস্কীয়ে ইয়াক ৰাছিয়াৰ গণবিধ্বংসী পৰিৱেশ বোমা আখ্যা দিছে৷

You might also like