নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৯ তাৰিখ
শুকুৰবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : শ্রৱণা, যাত্রা : শুভ

মেষ : ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব৷ স্বাস্থ্য সম্পর্কে সাৱধান হ’ব৷ অধ্যয়নত মনোনিৱেশ কৰা বাঞ্ছনীয়৷ বিয়া–বাৰুৰ কথা আগনবঢ়াই ভাল৷ শুভ ৰং হালধীয়া৷

বৃষ : পৈতৃক সম্পত্তি সম্পর্কীয় কথাই মনত আনন্দ দিব৷ চাকৰিত সাফল্য লাভৰ যোগ৷ প্রেমত সাৱধান হ’ব৷ স্বাস্থ্য মধ্যমীয়৷ শুভ ৰং বগা৷

মিথুন : মানসিক অশান্তিত ভুগিব পাৰে৷ বিবাহত সমস্যাৰ সন্মুখীন হ’ব৷ কর্মত নতুন পৰিকল্পনাৰ আৱশ্যক৷ চাকৰিয়ালৰ শুভ৷ শুভ ৰং ৰঙা৷

কর্কট : অংশীদাৰী ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা৷ প্রেমত নতুন প্রস্তাৱ আহিব৷ অধ্যয়নত নিৰুৎসাহ হোৱাৰ যোগ৷ শুভ ৰং ক’লা৷

সিংহ : পুৰণি ৰোগৰ উপশম হ’ব৷ ব্যৱসায়ভিত্তিক উত্থান–পতনে আর্থিক লাভৰ ক্ষেত্রত প্রভাৱ বিস্তাৰ কৰিব পাৰে৷ প্রেমত আনন্দ৷ বিদ্যাত সাফল্য৷ শুভ ৰং মেৰুন৷

কন্যা : পিতৃ–মাতৃৰ প্রতি দায়িত্ব বাঢ়িব৷ ব্যৱসায়ত বাধাৰ সন্মুখীন হ’ব পাৰে৷ পঢ়া–শুনাত চেষ্টা অব্যাহত ৰাখক৷ পিতৃ–মাতৃৰ প্রতি দায়িত্ব বাঢ়িব৷ শুভ ৰং সেউজীয়া৷

তুলা : মহিলাসকলে গৃহ উদ্যোগত লাভ কৰিব৷ সন্তানৰ ভালেই যাব৷ ছাত্র–ছাত্রীসকলৰ বাবে দিনটো শুভ৷ মনোবল ৰাখিব৷ শুভ ৰং বগা৷

বৃশ্চিক : সন্তানৰ ব্যক্তিত্বই আপোনাক গৌৰৱান্বিত কৰিব৷ কর্মক্ষেত্রত সৰু–সুৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ ঘৰুৱা শুভ৷ প্রেমত বাধা৷ শুভ ৰং সেউজীয়া৷

ধনু : বেপাৰ–বাণিজ্যত জড়িতসকলৰ সৰু–সুৰা বাধা আহিব৷ কাম–কাজত নিয়মানুৱর্তী হ’বলৈ চেষ্টা কৰক৷ বিদ্যাত জটিলতা। প্রেমত আনন্দ প্রাপ্তি৷ শুভ ৰং কমলা৷

মকৰ : চাকৰিৰ ক্ষেত্রত সতর্ক হৈ চলা ভাল৷ আর্থিক দিশত উন্নতি লাভ কৰিব৷ বিবাহৰ যোগাযোগ৷ প্রেমত মধ্যম৷ শুভ ৰং নীলা৷

কুম্ভ : চাকৰিত সাফল্য লাভৰ যোগ৷ বিদ্যাত খুব এটা বেয়া নহয়৷ পেটৰ অসুখে আমনি দিব পাৰে৷ প্রেমত শুভ৷ শুভ ৰং সোণালী৷

মীন : বেপাৰ–বাণিজ্যত জড়িতসকলৰ সৰু–সুৰা বাধা আহিব৷ কাম–কাজত নিয়মানুৱর্তী হ’বলৈ চেষ্টা কৰক৷ প্রেমত আনন্দ। বিদ্যাত বাধা৷ শুভ ৰং মেৰুন৷

You might also like