নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ বিশ্ববিদ্যালয়-ৰাছিয়াৰ ফাৰ ইষ্টাৰ্ন ফেডাৰেল বিশ্ববিদ্যালয়ৰ বুজাবুজিৰ চুক্তি সম্পন্ন

তেজপুৰ বিশ্ববিদ্যালয়ে ৰাছিয়াৰ ভ্লাডিভষ্টকস্থিত ফাৰ ইষ্টাৰ্ন ফেডাৰেল বিশ্ববিদ্যালয়ৰ সৈতে এক ঐতিহাসিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে। ভ্লাডিভষ্টকস্থিত ফাৰ ইষ্টাৰ্ণ ফেডাৰেল বিশ্ববিদ্যালয় ৰাছিয়াৰ এখন সন্মানীয় ৰাজহুৱা বিশ্ববিদ্যালয়।

১৮৯৯ চনত স্থাপিত হোৱা এই বিশ্ববিদ্যালয়খন ৰাছিয়াৰ অন্যতম শ্ৰেষ্ঠ শৈক্ষিক প্ৰতিষ্ঠান, যিয়ে চিকিৎসা বিজ্ঞান, অভিযান্ত্ৰিক, মানৱীয় আৰু প্ৰাকৃতিক বিজ্ঞান আদি বহু ধৰণৰ পাঠ্যক্ৰম আগবঢ়ায়। তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে আৰু ফাৰ ইষ্টাৰ্ণ ফেডাৰেল বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ উপ-সভাপতি অধ্যাপক ইভগেনি ই. ভ্লাছভে আনুষ্ঠানিকভাৱে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

ৰাছিয়াৰ ভ্লাডিভষ্টকত বৰ্ত্তমান অনুষ্ঠিত হৈ থকা পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰাম (Eastern Economic Forum)-ৰ উপলক্ষ্যে এইবুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা সঞ্চালকালয়ৰ সঞ্চালক অধ্যাপক শুভ্ৰাংশু শেখৰ সৰকাৰো উপস্থিত আছিল। এই বুজাবুজিৰ চুক্তিত বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ কথা উল্লেখ কৰা হৈছে। ইয়াত নিৰ্মাণ আৰু অসামৰিক অভিযান্ত্ৰিক ক্ষেত্ৰত যুটীয়া দ্বৈত স্নাতক পাঠ্যক্ৰম স্থাপন কৰা, মেচিন লাৰ্নিং, কৃত্ৰিম বুদ্ধিমত্তা আদিৰ ক্ষেত্ৰত গৱেষণা কাৰ্য্য অন্তৰ্ভুক্ত কৰা হৈছো ।

ইয়াৰ লগতে এই চুক্তিৰ জৰিয়তে ক্ষেত্ৰ অধ্যয়ন,  শৈক্ষিক আদান-প্ৰদানৰ কাৰ্যসূচী, যুটীয়া গৱেষণা প্ৰকল্প, যুটীয়া সন্মিলন, সাংস্কৃতিক কাৰ্য্যসূচী আৰু উভয় পক্ষৰ দ্বাৰা সম্মত হোৱা অন্য যিকোনো যুটীয়া কাৰ্যকলাপকো এই চুক্তিৰ অন্তৰ্গত কৰা হৈছে। এই চুক্তি ৫ বছৰৰ বাবে কাৰ্যকৰী হ’ব।চুক্তি স্বাক্ষৰ অনুষ্ঠানত নিজৰ বক্ত্যবত অধ্যাপক শম্ভু নাথ সিঙে উল্লেখ কৰে যে তেজপুৰ বিশ্ববিদ্যালয় ৰাছিয়াৰ বৈচিত্ৰ্যময় অভিজ্ঞতাৰ পৰা বহুলভাৱে লাভৱান হ’ব।

তেওঁ আৰু কয় যে ভাৰতীয় অভিযন্তাসকলে সময় আৰু সম্পদৰ সীমাবদ্ধতাৰ মাজত দ্ৰুত গতিৰে আৰু কার্যকৰীভাৱে বৃহৎ প্ৰকল্পসমূহ সম্পাদন কৰাৰ জ্ঞান অৰ্জন কৰিছে। তেওঁ নতুন প্ৰজন্মৰ অভিযন্তাসকল ৰাছিয়াৰ প্ৰযুক্তিৰ আৱিষ্কাৰমূলক আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ পৰা কৌশলগত  জ্ঞান আহৰণ কৰিব পাৰিব।

অধ্যাপক সিঙে লগতে কয় যে  এই ধৰণৰ সহযোগিতাই তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দৃষ্টিভংগী বহল কৰিব বুলি আশা প্ৰকাশ কৰে। দুটা পৃথক শিক্ষা পৰিৱেশ, গৱেষণা সংস্কৃতি আৰু সামাজিক প্ৰয়োজনীয়তাৰ সৈতে পৰিচিত হৈ ছাত্ৰ-ছাত্ৰীসকল জটিল বিশ্বব্যাপী সমস্যাৰ প্ৰতি অধিক কার্যকৰীভাৱে সঁহাৰি জনাবলৈ সক্ষম হ’ব বুলি তেওঁ ব্যক্ত কৰে। উল্লেখযোগ্য যে অধ্যাপক সিঙে ৩ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈ ৰাছিয়াত অনুষ্ঠিত হৈ থকা  পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফ’ৰামত অংশগ্ৰহণ কৰি আছে।

বিশেষ বাৰ্তা, তেজপুৰ, ৪ ছেপ্টেম্বৰ

You might also like