আজি ১৫ মে’, ব’হাগ মাহৰ ৩১ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণ ত্রয়োদশী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই
মেষ : আজি পৰিৱেশ অস্থিৰ হ’ব পাৰে৷ নতুন সংযোগ পাব পাৰে৷ মূল্যবান বস্তু লাভৰ যোগ৷ ভ্রমণত শুভ৷ ব্যৱসায় দিশত খৰচ বৃদ্ধি৷ প্রেমত শুভ৷ শুভ ৰং– নীলা, শুভ সংখ্যা–২
বৃষ : আজি কর্মক্ষেত্রত কিছু জটিলতাৰ সম্মুখীন হ’ব পাৰে৷ শুভ কর্মৰ যোগ৷ শৰীৰ মধ্যম৷ আর্থিক দিশত খৰচৰ মাত্রাবৃদ্ধি৷ বিবাহৰ যোগাযোগত শুভ৷ শুভ ৰং– বেঙুনীয়া, শুভ সংখ্যা– ৫
মিথুন : আজি কর্মক্ষেত্রত শুভ৷ সন্তানৰ শুভ কর্মৰ ফলত সম্মান বৃদ্ধি৷ শৰীৰ মধ্যম ফল৷ মাতৃৰ শুভ৷ ব্যৱসায়ত সফলতা লাভ৷ প্রেমত কষ্ট৷ শুভ ৰং– মেৰুণ, শুভ সংখ্যা– ৮
কর্কট : আজি কর্মত ব্যস্ততা বৃদ্ধি পাব৷ শত্রুৰ পৰা সাৱধান৷ মনৰ দৃঢ়তা বৃদ্ধি৷ চলা–ফুৰা কৰোতে সাৱধান৷ মাতৃৰ শুভ৷ প্রেমত উৎসাহ৷ শুভ ৰং সোণালী, শুভ সংখ্যা–৪
সিংহ : আজি নিজা সম্পদৰ ওপৰত নজৰ ৰাখক৷ বন্বুূৰ পৰা সর্তক হওক৷ ভ্রমণত কষ্ট৷ পাৰিবাৰিক বুজাবুজিৰ অভাৱ৷ কর্মত মধ্যম৷ বিদ্যার্থী সকলে ভবা মতে ফল নাপাব৷ শুভ ৰং– ৰঙা , শুভ সংখ্যা– ৬
কন্যা : আজি নিজৰ স্থিতি অটুট ৰাখিব৷ শৰীৰৰ প্রতি যত্ন লওঁক৷ বন্বুূৰ পৰা উৎসাহ পাব৷ কর্মত মধ্যম৷ ভ্রমণত কষ্ট৷ ব্যৱসায়ত ডন্নতি বৃদ্ধিৰ যোগ৷ শুভ ৰং– চিলভাৰ, শুভ সংখ্যা– ৩৷
তুলা : আজি কর্মক্ষেত্রত ডন্নতিৰ যোগ৷ বিদ্যাত শুভ৷ ভ্রমনৰ যোগ৷ ধৈর্যৰ সুফল৷ নিবনুৱাসকলৰবাবে কর্মসংস্থাপনৰ যোগ৷ প্রেমত সাৱধান৷ শুভ ৰং– বগা, শুভ সংখ্যা– ১
বৃশ্চিক : আজি কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ পিছবেলা যান–বাহনৰ পৰা সাৱধান৷ অর্থ নাশ হ’ব পাৰে৷ বিদ্যার্থী সকলে নতুন সুযোগ সুবিধা লাভ কৰিব৷ প্রেমত আনন্দ৷ শুভ ৰঙ– হালধীয়া, শুভ সংখ্যা– ৯
ধনু : আজি শিল্পী, বিজ্ঞানী, ৰাজনৈতিকবিদ সকলৰ সম্মান বৃদ্ধি৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত আশা কৰা মতে ফল নাপাব৷ সম্পত্তি প্রাি৫ত বাধা৷ শুভ ৰং– ক্রীম, শুভ সংখ্যা– ৪
মকৰ : আজি অশা কৰা মতে সুফল পাব৷ আনে অনিষ্ট কৰিব পাৰে সাৱধান৷ ভ্রমণত শুভ৷ ধর্মগুৰু দর্শনে আনন্দিত কৰিব৷ শুভ ৰঙ– নীলা, শুভ সংখ্যা– ৫
কুম্ভ : আজি ধন আগমনৰ যোগ৷ জ্ঞানী লোকৰ পৰা উৎসাহ পাব৷ কর্মস্থানত মধ্যম৷ বিদ্যাত শুভ৷ শৰীৰৰ প্রতি যত্ন লোৱা উচিত৷ শুভ ৰং– সেউজীয়া, শুভ সংখ্যা– ৮
মীন : আজি সময় অপচয় নকৰিব৷ ভ্রমণত শুভ৷ সম্পদ লাভৰ যোগ৷ মানসিক স্থিতি দুর্বল থাকিব৷ আর্থিক দিশত উন্নতি৷ প্রেমত অশান্তি৷ শুভ ৰং– ক’লা, শুভ সংখ্যা– ২