নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : চৰকাৰৰ ব্যয় সংকোচন নীতি

মধ্যপ্রাচ্যৰ সংকটে এতিয়া সমগ্র বিশ্বৰ সন্মুখতে বৃহৎ প্রত্যাহ্বানৰ সৃষ্টি কৰিছে৷ যুদ্ধই ভূ–ৰাজনৈতিক সমীকৰণ কি কৰিব পাৰে তাক লৈ গভীৰ শংকাৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে সমগ্র বিশ্বতে যি ইন্ধনৰ সংকটে দেখা দিছে, তাক লৈ বিশ্বৰ প্রতিখন দেশেই উদ্বিগ্ণ হৈ পৰিছে৷ স্বাভাৱিকতেই এই সংকটে ভাৰতীয় অর্থনীতিৰ ওপৰতো প্রভাৱ নেপেলোৱাকৈ থকা নাই৷ অৱশ্যে পৃথিৱীৰ বহুতো দেশৰ দৰেই ভাৰততো এই পর্যন্ত নাজল–নাথল অৱস্থা হোৱাগৈ নাই৷ চৰকাৰৰ সময়োচিত আৰু দূৰদর্শী চিন্তা তথা সিদ্ধান্তই এইক্ষেত্রত মোকাবিলা কৰিবলৈ সক্ষম হৈছে৷ তথাপি চৰকাৰে ভৱিষ্যৎ পৰিস্থিতিৰ জোৰা মাৰিবলৈ এলানি মিতব্যয়িতামূলক সিদ্ধান্ত গ্রহণ কৰিছে৷ অলপতে তেলেংগানা বিজেপিয়ে হায়দৰাবাদত অনুষ্ঠিত কৰা এটা অনুষ্ঠানত অংশগ্রহণ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক সাতটা আহ্বান জনাইছিল৷ ইয়াৰ ভিতৰত পেট্ৰ’ল–ডিজেলৰ ব্যৱহাৰ সীমিত কৰাটো আছিল অন্যতম৷ তেওঁ এইক্ষেত্রত মেট্ৰ’ ৰে’ল, কাৰ পুলিং, বৈদ্যুতিন বাহন, ৰাজহুৱা পৰিবহণ ব্যৱহাৰৰো আহ্বান জনাইছিল৷ তদুপৰি, ৱর্ক ফ্রম হোম ব্যৱস্থা কার্যকৰী কৰা, বিদেশ ভ্রমণ হ্রাস কৰা, সোণ ক্রয় কমেও এবছৰলৈ বন্ধ কৰা আদি আহ্বানো জনাইছিল প্রধানমন্ত্রীয়ে৷ কেৱল দেশবাসীলৈ আহ্বান জনায়েই ক্ষান্ত থকা নাই প্রধানমন্ত্রীয়ে৷ উপদেশতকৈ আর্হি ভাল বুলি কথা এষাৰ আছে৷ প্রধানমন্ত্রীয়ে নিজেই তেওঁৰ কনভয়ত গাড়ীৰ সংখ্যা দুখনলৈ হ্রাস কৰিছে৷ সাধাৰণতে ১২ৰ পৰা ১৫খন গাড়ী প্রধানমন্ত্রীৰ কনভয়ত থাকে যদিও এতিয়া তেওঁ দুখন বাহনেৰেই আহ–যাহ কৰিবলৈ লৈছে৷ প্রধানমন্ত্রীৰ বাবে নির্ধাৰিত বাধ্যতামূলক এছপিজি প্রট’কল মানি যথাসম্ভৱ কম বাহনেৰে ভ্রমণ কৰিছে তেওঁ৷ প্রধানমন্ত্রীৰ এই আহ্বানৰ পিছতেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙেও নিজৰ নিজৰ কনভয়ৰ আকাৰ হ্রাস কৰিছে৷ একেই ব্যৱস্থা গ্রহণ কৰিছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডা আৰু কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়েও৷ ইতিমধ্যে উত্তৰ প্রদেশ, মধ্যপ্রদেশ, ৰাজস্থান, মহাৰাষ্ট্র, গুজৰাট, বিহাৰ, হিমাচল প্রদেশ, ঝাৰখণ্ড, অসম আদি বিভিন্ন ৰাজ্যয়ো প্রধানমন্ত্রীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই চৰকাৰী বাহন ব্যৱহাৰৰ ক্ষেত্রত নিয়ন্ত্রণ আৰোপ কৰিছে৷ মধ্যপ্রাচ্যৰ যুদ্ধৰ পৰিপ্রেক্ষিতত বিশ্বজুৰি সৃষ্টি হোৱা অস্থিৰতা আৰু ইন্ধনৰ যোগান শৃংখল ব্যাহত হোৱাৰ ফলত দেশে দেশে ইন্ধনৰ সংকটে দেখা দিছে৷ ভাৰতত এই পর্যন্ত কোনো গভীৰ সংকটৰ সৃষ্টি হোৱা নাই৷ কেন্দ্রীয় পেট্ৰ’লিয়াম মন্ত্রী হৰদীপ সিং পুৰীয়ে দেশবাসীক পুনৰ আশ্বস্ত কৰিছে যে ভাৰতত অপৰিশোধিত তেল, এলএনজি আৰু এলপিজিৰ কোনো নাটনি হোৱা নাই৷ ভাৰতৰ ইন্ধন চাহিদাৰ প্রায় ৯০ শতাংশই আমদানি কৰা হয় পশ্চিম এছিয়াৰ পৰা৷ কিন্তু সাম্প্রতিক বিশ্বৰ পৰিস্থিতিৰ পৰিপ্রেক্ষিতত ভাৰতে যাতে সংকট এৰাই চলিব পাৰে, তাৰ বাবেহে এনে ব্যয় সংকোচন নীতি গ্রহণ কৰিছে চৰকাৰে৷
ভাৰত যিহেতু ইন্ধনৰ ক্ষেত্রত আমদানিৰ ওপৰত নির্ভৰশীল এখন দেশ, সেয়েহে সামগ্রিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অদূৰ ভৱিষ্যতে যাতে সংকটে আৰু অধিক গম্ভীৰ ৰূপ পৰিগ্রহণ কৰিব নোৱাৰে, তাৰ বাবে আগতীয়াকৈ সাৱধানমূলক ব্যৱস্থা হিচাপে এনে আহ্বান জনোৱা হৈছে৷ অসমীয়া লোক জীৱনত ব্যৱহূত জতুৱা ঠাচ ‘সাৱধানীৰ মৰণ নাই’, ‘বাছি খাবা, জাগি শুবা’ বা ‘আঁঠুৱা চাই ঠেং মেলা’ৰ দৰে ইন্ধন ৰাহিৰ এই আহ্বানে সেইবাবেই দেশত ব্যাপক সঁহাৰি লাভ কৰিছে৷ প্রধানমন্ত্রীয়ে কেৱল ইন্ধন ৰাহি কৰাৰ ওপৰতে জোৰ দিয়া নাই, সোণ–ৰূপ ক্রয় কৰা, বিদেশী সামগ্রীৰ আমদানি হ্রাস কৰা আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে৷ প্রতিবছৰে আমাৰ দেশৰ মানুহে ৭০০ৰ পৰা ৮০০ টন সোণ কিনে৷ যিহেতু দেশত মাত্র ১ বা ২ টনহে সোণ পোৱা যায়, সেইবাবে চাহিদাৰ প্রায় ৯০ শতাংশ সোণেই বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয়৷ ফলত, দেশৰ বৈদেশিক মুদ্রা ভাণ্ডাৰত (ফ’ৰেক্স) তাৰ প্রভাৱ পৰে৷ আনহাতে, পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্রেক্ষিতত কেৱল তেলৰ দামেই বঢ়া নাই, ইয়াৰ আমদানি ব্যয়ো বৃদ্ধি পাইছে৷ ফলত, বিপুল পৰিমাণৰ বৈদেশিক মুদ্রা খৰচ হৈছে৷ সেইবাবেই প্রধানমন্ত্রীয়ে বিদেশী সামগ্রীৰ ব্যৱহাৰৰ ক্ষেত্রতো হাত ধৰি চলিবলৈ পৰামর্শ দিছে৷ নৱগঠিত অসম চৰকাৰেও ইয়াৰ প্রথমখন কেবিনেট বৈঠকতে প্রধানমন্ত্রীৰ আহ্বানমর্মে ইন্ধনৰ ক্ষেত্রত ব্যয় সংকোচনৰ নীতি গ্রহণ কৰিছে৷ আগন্তুক ছমাহলৈ ম’বাইলকে ধৰি বিভিন্ন বিদেশী সামগ্রী ক্রয়ৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছে৷ মন্ত্রী–বিধায়কৰ নতুন গাড়ী কিনাত বাধা আৰোপ কৰা হৈছে৷ অহা ছমাহলৈ কোনো চৰকাৰী বিষয়াই আনকি নিজৰ খৰচতো বিদেশ ভ্রমণ কৰিব নোৱাৰিব বুলি নির্দেশ দিয়া হৈছে৷ চিকিৎসা সম্পৰ্কীয় প্রয়োজনতহে এইক্ষেত্রত অনুমতি দিয়া হৈছে৷ বিদেশত হ’বলগীয়া সভা বা আলোচনা–চক্র আদি যিমানদূৰ সম্ভৱ গুৱাহাটীৰ পৰাই ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি কৰাৰ পৰামর্শ আগবঢ়োৱা হৈছে৷ ৰাজ্যপালকে ধৰি মন্ত্রী–বিধায়ক সকলোৰে কনভয়ত গাড়ীৰ সংখ্যা হ্রাস কৰা হৈছে৷ প্রয়োজনত কেৱল বৈদ্যুতিন বাহনহে ব্যৱহাৰৰ পৰামর্শ দিয়া হৈছে৷ মুখ্যমন্ত্রীয়ে প্রকাশ কৰা মতে যোৱা বছৰৰ তুলনাত এইবছৰ পেট্ৰ’ল–ডিজেলৰ ব্যয় ২০ শতাংশ কম কৰাৰ লক্ষ্য লোৱা হৈছে৷ এনেবোৰ ব্যৱস্থাই স্বাভাৱিকতেই দেশৰ ইন্ধনৰ ব্যৱহাৰ হ্রাস কৰাৰ লগতে বৈদেশিক মুদ্রাৰ ভাণ্ডাৰ সুস্থিৰ কৰি ৰখাত সহায়ক হ’ব৷ এতিয়া সমগ্র বিশ্বতে ইন্ধনৰ যি নাটনিয়ে দেখা দিছে তাৰ প্রতি লক্ষ্য ৰাখি আমাৰ দেশত গ্রহণ কৰা এনে আগতীয়া সতর্কতামূলক ব্যৱস্থা নিশ্চয়কৈ আদৰণীয়৷ ইতিপূর্বে কেন্দ্রীয় চৰকাৰত পি চিদাম্বৰম আৰু ড০ মনমোহন সিং বিত্তমন্ত্রী হৈ থকা অৱস্থাতো বৈদেশিক মুদ্রাৰ ভাণ্ডাৰ সুস্থিৰ কৰি ৰাখিবলৈ এনে কিছুমান ব্যৱস্থা গ্রহণ কৰা হৈছিল৷ সেই সময়ত পিছে আজিৰ দৰে কোনো গোলকীয় সংকটেও দেখা দিয়া নাছিল৷ কেৱল আভ্যন্তৰীণ কাৰণত ভাৰতীয় অর্থনীতিৰ সুস্থিৰতাৰ বাবেহে এনে ব্যৱস্থা গ্রহণ কৰা হৈছিল৷ সেই সময়ৰ তুলনাত এতিয়াৰ পৰিস্থিতি বহুখিনি উদ্বেগজনক বুলি ক’ব পাৰি৷ যুদ্ধৰ পৰিস্থিতিক লৈ কেতিয়াও কোনো পূর্বানুমান কৰিব নোৱাৰি৷ কোন সময়ত যুদ্ধ বন্ধ হয় বা কিমান দীঘলীয়া সময়ৰ বাবে যুদ্ধ চলি থাকে তাৰ কোনো নিশ্চয়তা নাথাকে৷ সেইবাবে এনে আগতীয়া পদক্ষেপ নিশ্চয়কৈ বাঞ্ছনীয়৷ বিশেষকৈ মধ্যপ্রাচ্যত সৃষ্টি হোৱা অস্থিৰতাই ভাৰতীয় অর্থনীতিক স্পর্শ নকৰাকৈ নাথাকে৷ তদুপৰি, অর্থনীতিৰ অন্যতম চালিকা শক্তিস্বৰূপ ইন্ধনৰ বেলিকা দেশৰ চাহিদাৰ প্রায় সমগ্রখিনিয়েই আমাৰ দেশে পশ্চিম এছিয়াৰ পৰা আমদানি কৰিবলগীয়া হয়৷ কূটনৈতিক সফলতাৰ বাবেই চলিত সংকটৰ মাজতো পশ্চিম এছিয়াৰ পৰা তেল ক্রয় কৰি থাকিবলৈ সক্ষম হৈছে আমাৰ দেশে৷ সেইবুলিয়েই নিশ্চয় দেশে হাত সাবটি বহি থাকিব নোৱাৰে৷ আগতীয়া সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবই লাগিব৷ সেইবাবেই প্রধানমন্ত্রীয়ে দেশবাসীলৈ এনে আহ্বান জনাইছে৷ গতিকে, নিজৰ তথা দেশৰ সুচলতাৰ বাবে আটায়ে দেশৰ বৈদেশিক মুদ্রা ভাণ্ডাৰ সুস্থিৰ কৰি ৰাখি দেশৰ অর্থনীতিক ধৰি ৰাখিবলৈ চেষ্টাৰ ত্রুটি কৰা উচিত নহয়৷

You might also like