CBSE-ৰ দ্বাদশ পৰীক্ষাৰ ফলাফলত ৯৩ শতাংশ নম্বৰেৰে উজলিল ৰিতৃষ্ণা
কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ (চিবিএছই, CBSE)ৰ দ্বাদশ পৰীক্ষাৰ কালি ঘোষিত ফলাফলত গুৱাহাটীৰ লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী ৰিতৃষ্ণা বৰাই ৯৩ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হয়।
চিত্রকলা আৰু নৃত্যৰ প্ৰতি গভীৰ ৰাপ থকা ৰিতৃষ্ণাই ইংৰাজীত ৯১, বুৰঞ্জীত ৮৪, ৰাজনীতি বিজ্ঞানত ৯৪, সমাজশাস্ত্ৰত ৯৩, মনোবিজ্ঞানত ৯৫ আৰু শাৰীৰিক শিক্ষাত ৯২ নম্বৰ লাভ কৰে।
মেট্ৰিক পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰিতৃষ্ণা অসম আৰক্ষীৰ বিশেষ শাখাৰ সহকাৰী উপ পৰিদৰ্শক (এ এছ আই) মাজুলীৰ মুদৈবিলৰ বুধিন বৰা আৰু পিংকু বৰাৰ কন্যা।
দ্বাদশ শাখাত অধ্যয়ন কৰি থকা অৱস্থাতে ৰিতৃষ্ণাই প্রতিভাসন্ধানী পৰীক্ষাত নৃত্যত প্রথম স্থান অধিকাৰ কৰিছিল। তেওঁৰ সফলতাত পিতৃ-মাতৃ, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু আত্মীয়- স্বজন উৎফুল্লিত হোৱাৰ লগতে তেওঁৰ উজ্বল ভবিষ্যত কামনা কৰিছে।
ডিজিটেল ডেস্ক, ১৪ মে’