ডিজিটেল সেৱা, ২২ জানুৱাৰী : কাইলৈ সৰস্বতী পূজা। ৰাজ্যজুৰি চলিছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ প্ৰস্তুতি। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বাগদেৱীক আদৰিবলৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে। বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ। সৰস্বতী পূজাৰ বাবে প্ৰয়োজনীয় কাম-কাজত ব্যস্ত ছাত্ৰ-ছাত্ৰীসকল। এই দিনটোৰ বাবে অতি আনন্দেৰে বাট চাই ৰয় ছাত্ৰ-ছাত্ৰীসকলে।
দিন-ৰাতি একাকাৰ কৰি দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে প্ৰতিমাৰ খনিকৰ। তদুপৰি প্ৰতিমা আৰু পূজাৰ সামগ্ৰীৰে বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে কাইলৈৰ দিনটোত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সৰস্বতীৰ মাৰ চৰণত এপাহ ফুল দি সেৱা কৰাৰ মানস কৰিছে। বিদ্যা, জ্ঞান আৰু সফলতাৰ কামনাৰে দেৱীৰ আশীৰ্বাদ লোৱাৰ বাবে সকলো অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।