নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ উদীয়মান পাঞ্জা খেলুৱৈ অম্লানজিৎ বৰঠাকুৰৰ অকাল বিয়োগ…

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ : ৰাজ্যৰ উদীয়মান পাঞ্জা খেলুৱৈ, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকপ্ৰাপ্ত তথা অসম আৰক্ষীৰ জোৱান অম্লানজিৎ বৰঠাকুৰৰ নগাঁৱৰ ৰহাত পুৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয়।

ৰহাৰ জোঙালবলহু গড়ত সংঘটিত এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক আঁকোৱালি লয় ৰাজ্যৰ সুদক্ষ খেলুৱৈজনে। এখন বেলেন’ বাহন আৰু মটৰচাইকেলৰ মাজত সংঘটিত ভয়ানক সংঘৰ্ষত গুৰুতৰভাৱে আহত বাইক আৰোহীজনক নগাঁও মেডিকেল কলেজত ভৰ্তি কৰাইছিল যদিও তেওঁক মৃত ঘোষণা কৰা হয়।‌

উল্লেখ্য যে অসম পুলিচত কৰ্মৰত অম্লানজিৎ এগৰাকী সুদক্ষ খেলুৱৈ আছিল। ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁ সোণৰ পদক বুটলি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল। উদীয়মান খেলুৱৈগৰাকীৰ নশ্বৰ দেহ নগাঁও আৰক্ষী ছাউনীলৈ অনাৰ পিছত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায়। আৰক্ষী ছাউনীতে সতীৰ্থ আৰক্ষী জোৱানসকলৰ লগতে পৰিয়ালৰ লোকেও শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। সুদক্ষ খেলুৱৈগৰাকীৰ আকস্মিক মৃত্যুত অসম আৰক্ষীৰ লগতে খেল জগতত শোকৰ ছাঁ পৰিছে।

You might also like