নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ৩২,৫৪৮গৰাকীক মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৰঙিয়া, ২৪ নৱেম্বৰ : ৰঙিয়াৰ চেপ্তিত আজি অনুষ্ঠিত হোৱা “মহিলা উদ্যমিতা অভিযান”ৰ বিশাল সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩২,৫৪৮গৰাকী মহিলা উদ্যমীক চেক বিতৰণ কৰে। ইয়াৰ জৰিয়তে মহিলাসকলৰ আত্মবিশ্বাসৰ লগতে পৰিয়ালৰ আয় বৃদ্ধিৰ এক নতুন দিগন্ত মুকলি হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে মহিলাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ কথা সুঁৱৰি কয়- “প্ৰধানমন্ত্ৰীয়ে মোক কৈছিল– হিমন্ত, অসমৰ মহিলাসকলক লাখপতি কৰাৰ এক আঁচনি লওক।” তাৰ প্ৰতিফলন হৈছে এই নতুন আঁচনি । প্ৰতিগৰাকী মহিলাই গোটত ১০ হাজাৰ টকা জমা দিলে তিনি বছৰৰ ভিতৰত ১ লাখ টকালৈ বৃদ্ধি পাব আৰু বেংকৰ পৰা ঋণো লাভ কৰিব। যিসকলে গোটত নিদিয়ে, তেওঁলোকে হাঁহ-কুকুৰা পালন, গাহৰি পালন, স্বামীৰ ব্যৱসায়ত সহায় আদিৰ জৰিয়তে নিজৰ আয় বৃদ্ধি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে।

বৰ্তমান অসমত ৪ লাখ আত্মসহায়ক গোটৰ জৰিয়তে প্ৰায় ৪০ লাখ মহিলা জড়িত হৈ আছে। মুখ্যমন্ত্ৰীয়ে মহাত্মা গান্ধীৰ উক্তি উল্লেখ কৰি কয়- “অসমীয়া মহিলাই তাঁতশালত সপোন ৰচিব পাৰে।” তদুপৰি মুখ্যমন্ত্ৰীয়ে কয়- “আগতে বিনা পইচাত চাকৰি নাছিল, এতিয়া সম্পূৰ্ণ মেধাৰ ভিত্তিত ১.৫ লাখৰো অধিক যুৱক-যুৱতীক চাকৰি দিয়া হৈছে। ছোৱালীৰ পঢ়া-শুনাৰ বাবে কোনো চিন্তা কৰিব নালাগে, সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। অৰুণোদয় কেৱল টকাৰ আঁচনি নহয়, মহিলাৰ সন্মান বৃদ্ধিৰ আঁচনিও।”

“সবল মহিলা, সবল সমাজ”– এই বাৰ্তাৰে ৰঙিয়াৰ আজিৰ সভা এক ঐতিহাসিক হিচাপে চিহ্নিত হৈ ৰ’ল।

লাচিত জয়ন্তীৰ পবিত্ৰ দিনটোত মুখ্যমন্ত্ৰীয়ে লাচিত বৰফুকনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়- “মোগলক পৰাভূত কৰা এই মহানায়কৰ আদৰ্শই যুগ যুগ ধৰি নৱপ্ৰজন্মক প্ৰেৰণা যোগাব।” একেটা দিনতে তেওঁ ৰঙিয়াৰ ক্লক টাৱাৰত মুক্তিযোদ্ধা শান্তিৰাম লহকৰৰ প্ৰতিমূৰ্তিৰ শুভ উদ্বোধন কৰাৰ লগতে লোকনিৰ্মাণ বিভাগৰ নতুন কাৰ্যালয় আৰু পৰিদৰ্শন বঙলাও উদ্বোধন কৰে।

সভাত কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, স্থানীয় বিধায়ক ভৱেশ কলিতা, হাজোৰ বিধায়ক সুমন হৰিপ্ৰিয়া, কামৰূপ জিলা পৰিষদৰ সভাপতি নিপন ভূঞা আৰু ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

You might also like