নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অনুদিত গ্ৰন্থ ‘অমিত শ্বাহ আৰু অগ্ৰগামী বিজেপি’ উন্মোচন

নিয়মীয়া বাৰ্তা ৮ মাৰ্চঃ আজি গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অনুদিত ‘অমিত শ্বাহ আৰু অগ্ৰগামী বিজেপি’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। প্ৰখ্যাত লেখক ড০ অনিৰ্বান গাংগুলীৰ ‘Amit Shah and the March of BJP’ শীৰ্ষক গ্ৰন্থখন ‘অমিত শ্বাহ আৰু অগ্ৰগামী বিজেপি’ নামেৰে অসমীয়ালৈ অনুবাদ কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা, ডনাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং, বিজেপিৰ অসম প্ৰদেশৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস, কিতাপখনৰ মূল লেখক অনিৰ্বান গাংগুলী আৰু শিৱানন্দ দ্বীবেদীৰ উপস্থিতিত কিতাপখন মুকলি কৰে।

‘অমিত শ্বাহ আৰু অগ্ৰগামী বিজেপি’ এই পুথিখন এজন ব্যক্তিৰ জীৱন কথা নহয়। ই হৈছে এটা ৰাজনৈতিক কালখণ্ড। ভাৰতীয় জনতা পাৰ্টীৰ যি অগ্ৰগতি আৰু সেই অগ্ৰগতি কি কাৰণে সম্ভৱ হৈছে, আৰু গুজৰাট, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশৰ দৰে কেইখনমান ৰাজ্যৰ পৰা সমগ্ৰ দেশলৈ বিজেপিৰ সম্পসাৰণৰ যি বিত্তান্ত, লগতে দেশৰ শাসন ব্যৱস্থাৰ বিষয়ে জানিবলৈ যিকোনো মানুহৰ কাৰণে এই পুথিখন এখন জীৱন্ত দলিল।”- নিজৰ ভাষণত এইধৰে কয় ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই অনুষ্ঠানত উপস্থিত থাকি বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত পাণ্ডাই কয়, “মোৰ ব্যক্তিগত অভিজ্ঞতাত ৰাজনীতিত লগ পোৱা অতি বিচক্ষণ ৰাজনৈতিকসকলৰ ভিতৰত এজন হৈছে সন্মানীয় অমিত শ্বাহ জী।”

তেওঁ লগতে কয়, “ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিয়ত ৰাজনীতিত নিয়োজিত হৈ থকাৰ সমান্তৰালকৈ লেখকত্ব আৰু অনুবাদৰ দৰে কামতো অতিৰিক্ত সময় দিব পাৰিছে, সেয়া সঁচাকৈ প্ৰশংসনীয়।

ইপিনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণত দেশলৈ অমিত শ্বাহৰ অৱদানৰ প্ৰশংসা কৰে। তেওঁ কিতাপখন অনুবাদ কৰাৰ বাবে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো প্ৰশংসা কৰে।

 

You might also like