নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউয়র্কত ভাৰতীয় ভোজনালয় ‘ছোনা’ মুকলি প্রিয়ংকাৰ

নিয়মীয়া বাৰ্তা ৮ মাৰ্চঃ বলীউডৰ মোহময়ী অভিনেত্রী প্রিয়ংকা চোপ্রাই নিউয়র্ক চহৰত মুকলি কৰিছে প্রথমখন ভাৰতীয় ৰেষ্টুৰেণ্ট৷ এই ভাৰতীয় ভোজনালয়ৰ নাম ৰখা হৈছে ‘ছোনা’৷ নতুন ৰেষ্টুৰেণ্টখন মুকলি কৰি ছ’চিয়েল মিডিয়া ইনষ্টাগ্রামৰ জৰিয়তে ভিডিঅ’ পোষ্ট কৰিছে অভিনেত্রীগৰাকীয়ে৷ এই ভোজনালয়ে ভাৰতীয় মূলৰ লোকসকলক নিউয়র্কত আপ্যায়িত কৰিব বুলিও কয় প্রিয়ংকা চোপ্রাই৷ উল্লেখনীয় যে নিজ বন্ধু মহেশ গোৱেল আৰু ডেভিদ ৰবীনৰ সহযোগিতা অবিহনে এই ৰেষ্টুৰেণ্টখন আমেৰিকাত মুকলি কৰাটো সম্ভৱ নহ’লহেঁতেন বুলি ঘোষণা কৰিছে অভিনেত্রীগৰাকীয়ে৷ ভাৰতীয় এই ৰেষ্টুৰেণ্টখন মুকলি কৰাৰ পূর্বে স্বামী নিক জ’নাছৰ সৈতে পূজা–র্চনাও কৰে প্রিয়ংকা চোপ্রাই৷ আমেৰিকাত ভাৰতীয় খাদ্যৰ কদৰ আছে৷ এই বিষয়টোৰ ওপৰত নজৰ ৰাখিয়েই অভিনেত্রীগৰাকীয়ে ভাৰতীয় ভোজনালয় মুকলি কৰিছে৷ গ্ল’বেল ইণ্ডিয়ানৰ বাবে অভিনেত্রীগৰাকীৰ ভোজনালয় আকর্ষণৰ কেন্দ্রবিন্দু হ’ব বুলি আশা কৰা হৈছে।

You might also like