নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনৰ সোঁৱৰণত ধুবুৰীৰ পৰা চৰাইদেউলৈ গছপুলি ৰোপণ অভিযান 

নিয়মীয়া বাৰ্তা, বিলাসীপাৰা, ২৭ ছেপ্টেম্বৰ : অমৃতকন্ঠ, গণশিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত অৰণ্য সুৰক্ষা সমিতি, অসমে আজি ধুবুৰী জিলাৰ পৰা চৰাইদেউলৈ এলানি গছপুলি ৰোপণ কাৰ্যসূচীৰ পাতনি মেলিছে।

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন প্ৰাংগণত ওম ধ্বনিৰে তুলসী পুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ পাতনি মেলা হয়। সমিতিৰ বিভিন্ন শাখাৰ জৰিয়তে অসমৰ পশ্চিম সীমান্তৰ ধুবুৰী জিলাৰ পৰা পূবৰ‌ চৰাইদেউ জিলাৰ বিভিন্ন স্থানত সমিতিয়ে গছপুলি ৰোপণ কৰিব। আজি শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ প্ৰাংগণত নিকেতনখনৰ প্ৰধান আচাৰ্য শিৱাজী কৰ্মকাৰ, পৰিচালনা সমিতিৰ সভাপতি তথা অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড০ হৰিচৰণ দাস, নিকেতনখনৰ উচ্চতৰ মাধ্যমিক শাখাৰ অধ্যক্ষ বিশ্বজিৎ গোস্বামী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

বিশিষ্ট ব্যক্তিসকলে জুবিনৰ প্ৰকৃতিপ্ৰেমৰ বিভিন্ন দিশ সামৰি ভাষণ প্ৰদান কৰে। অমৃতকন্ঠক প্ৰকৃত সন্মান যাচিবলৈ গছপুলি ৰোপণ কৰি লালন-পালনৰ বাব জুবিনপ্ৰেমীসকলক আহ্বান জনায়।

প্ৰেৰক সমৰেশ শীল শৰ্মা
You might also like