ডিজিটেল ডেস্ক, ১৯ ডিচেম্বৰ : অসম আৰক্ষীয়ে সামাজিক মাধ্যমত প্ৰচাৰিত এখন মৰ্ফ কৰা ফটোৰ সৈতে জড়িতৰ গোচৰত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। এই গোচৰটো INC Assam পেজৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু কৰা হৈছিল।
ঘটনাটো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে এখন ছবিক কেন্দ্ৰ কৰি উদ্ভৱ হয়। উক্ত ছবিখনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে গোৰেশ্বৰ, নাওকাটা গাঁৱৰ বাসিন্দা মংগল বড়োক দেখা গৈছিল। উল্লেখ্য যে মংগল বড়োৱে নিজৰ সামাজিক মাধ্যমত “Jayanta Malla Zindabad” শীৰ্ষক কেপচনৰ সৈতে ছবিখন আপলোড কৰিছিল।
পিছত মংগল বড়োৱে দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি, উক্ত ছবিখন মৰ্ফ কৰি পাছলৈ সামাজিক মাধ্যমত প্ৰচাৰ কৰা হয় আৰু সেই ছবিখনৰ জৰিয়তে অপমানজনক তথা অশালীন মন্তব্য কৰা হয়, যি দ্ৰুতগতিত ভাইৰেল হৈ পৰে। মংগল বড়োৱে অভিযোগ কৰে যে INC Assam পেজে ছবিখন মৰ্ফ কৰা আৰু অপব্যৱহাৰত ভূমিকা লৈছে।
মংগল বড়োৱে এজাহাৰত আৰু উল্লেখ কৰে যে এই ঘটনাৰ পিছত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে সামাজিক মাধ্যমত হোৱা অপমান আৰু হাৰাশাস্তিৰ বাবে মানসিক কষ্টত ভুগিবলগীয়া হৈছে।
উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুই কংগ্ৰেছী যমুনামুখৰ কুতুবুদ্দিন লস্কৰ আৰু গোলপাৰাৰ আগিয়াৰ হাজৰৎ আলীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ঘটনাটোৰ সৈতে জড়িত আন লোকসকলক চিনাক্ত কৰিবলৈ তদন্ত অব্যাহত আছে।
ঘটনাটোক লৈ অসম আৰক্ষীয়ে চাইবাৰ অপৰাধৰ দিশটোকো গুৰুত্বসহকাৰে পৰীক্ষা কৰি আছে বুলি জানিব পৰা গৈছে।