কমাৰগাঁৱত ৰাজপথত দাওদাওকৈ জ্বলি এখন চলন্ত বাহন
অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈ গাড়ীখনৰ সন্মুখ ভাগ জ্বলি সম্পূৰ্ণ বিধ্বস্ত হয়
কমাৰগাঁও-মহুৰামুখ সংযোগী মোহিনী ৰাজকুমাৰী পথত আজি এখন চলন্ত বাহন দাওদাওকৈ জ্বলি উঠে।
এ এছ ০৫ এ চি ৬৮৯৬ টাটা এচি গাড়ীখন কমাৰগাঁও অভিমুখে আহি থকা অৱস্থাত হঠাৎ যান্ত্ৰিক বিজুতি হৈ জ্বলি উঠে৷ চালক আৰু কৰ্মচাৰী দুজনে ততালিকে বাহন খনৰ পৰা নামি জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়৷
ইপিনে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈ গাড়ীখনৰ সন্মুখ ভাগ জ্বলি সম্পূৰ্ণ বিধ্বস্ত হয়।
কমাৰগাঁও আৰক্ষীয়েও ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ বুজ লয় আৰু গাড়ীখন নিজৰ জিম্মাত লয়৷ জানিব পৰা মতে গাড়ীখন মহুৰামুখৰ অংকুৰ ভূঞাৰ।
নিয়মীয়া বাৰ্তা, মহুৰামুখ, ১৮ ডিচেম্বৰ