নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত এপিডিচিএলৰ বিষয়াক মাৰপিটৰ ঘটনাত অভিযুক্ত আন দুজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : বিগত ৩ আগষ্টৰ দিনা ধুবুৰী জিলাৰ ডুমৰদহ চতুৰ্থ খণ্ড গাঁৱত বিদ্যুৎ চুৰিৰ ঘটনা ৰোধ কৰিবলৈ গৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ৰ ধুবুৰী জিলাৰ গৌৰীপুৰ উপ-সংমণ্ডলৰ এছডিইসহ বিভাগটোৰ দুগৰাকীকৈ দৈনিক হাজিৰাৰ শ্ৰমিকক নিৰ্মমভাৱে কৰা মাৰপিটৰ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আজি নতুনকৈ দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, আজি ধুবুৰী জিলাৰ বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুৰুষোত্তম সিঙৰ নেতৃত্বত বালাজান আৰক্ষীৰ এটি দলে ডুমৰদহৰ এপিডিচিএলৰ কৰ্মচাৰীক মাৰপিট কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আব্দুল গণি (নুলু সেখ) আৰু মজিদুল হক নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। দুয়ো সম্পৰ্কত পিতা-পুত্ৰ বুলি প্ৰকাশ। স্মৰ্তব্য যে নিয়মবহিৰ্ভূতভাৱে হুকিং কৰি পানীৰ পাম্প চলাই থকা বুলি পোৱা এক তথ্যৰ ভিত্তিত এপিডিচিএলৰ গৌৰীপুৰ উপ-সংমণ্ডলৰ এছডিই মঞ্জুৰুল হকে বিগত তিনি আগষ্টৰ বিয়লিৰ ফালে ধুবুৰীৰ গৌৰীপুৰৰ ডুমৰদহ চতুৰ্থ খণ্ড অঞ্চলত এক অভিযান চলাইছিল। দুগৰাকী দৈনিক হাজিৰাৰ শ্ৰমিক মফিদুল হক আৰু ৰফিকুল হকক লগত লৈ এছডিইগৰাকীয়ে চলোৱা সেই অভিযানত অঞ্চলটোৰ আশ্ৰাফ আলীৰ গৃহকে ধৰি  ৫টাকৈ পানীৰ মটৰ নিয়মবহিৰ্ভূতভাৱে হুকিং কৰি চলাই থকাৰ বিষয়টো উন্মোচিত হৈছিল। অভিযোগ অনুসৰি, এছডিই মঞ্জুৰুল হকে আশ্ৰাফ আলীৰ ওচৰত বিভাগীয় বিদ্যুৎ বিল  বিচৰাৰ পিছত ব্যক্তিজনে এছডিইগৰাকীক গালি-শপনি দিয়াৰ সমান্তৰালকৈ অকষ্মাতে তেওঁৰ হাতৰ মোবাইলটো কাঢ়ি নিছিল। ইয়াৰ মাজতে একাংশ লোকে অকষ্মাতে এছডিই মঞ্জুৰুল হক আৰু তেওঁৰ লগত যোৱা দিন হাজিৰাৰ সেই দুই শ্ৰমিকক নিৰ্মমভাৱে মাৰপিট কৰিবলৈ আৰম্ভ কৰিছিল। বিষয়টো অৱগত হৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছত গুৰুতৰভাৱে আহত অৱস্থাত এপিডিচিএলৰ সেই তিনিজনীয়া দলটোৰ  কথমপি প্ৰাণৰক্ষা পৰিছিল। বিষয়টো অৱগত হৈ সেই মাৰপিটৰ ঘটনাৰ সৈতে জড়িত থকা সকলোকে কৰায়ত্ত কৰিবলৈ ধুবুৰী আৰক্ষীক কঠোৰ নিৰ্দেশ দিছিল অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে। ইপিনে, ঘটনাৰ দিনাই অৰ্থাৎ যোৱা তিনি আগষ্টত বৃহস্পতিবাৰে  এছডিই মঞ্জুৰুল হকে  ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাত আশ্ৰাফ আলী, মজিদুৰ শেখ, আফিজুৰ ৰহমান, হাফিজুৰ,  নুলু শেখ আৰু অন্যান্যই তেওঁলোকৰ তিনিজনীয়া দলটোক খৰিৰ ফলাৰে নিৰ্মমভাৱে মাৰপিট কৰা বুলি এখন  এজাহাৰ দাখিল কৰিছিল। এছডিইগৰাকীয়ে দাখিল কৰা এজাহাৰখন ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি/৩৪১/৩২৫/৩৫৩/৩৩৩/৩০৭/৩৭৯/২৯৪ আৰডাব্লু ইলেকট্ৰিচিটী এক্ট, ২০০৩ৰ ১৩৫ ধাৰাত ৩০৫/২২ নম্বৰত পঞ্জীয়ন কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে।  সেই মাৰপিটৰ ঘটনাত জড়িত থকাৰ অভিযোগত এতিয়ালৈ আৰক্ষীয়ে আব্দুল গণি, আশ্ৰাফ আলী, হাফিজুৰ ৰহমান, ছামছুল হক,  মইনুল হক, ৰসিদুল ইছলাম আৰু  মোস্তাকিম ৰহমান, আয়নাল হক, আব্দুল গণি (নুলু সেখ) আৰু মজিদুল হক নামৰ দহগৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like