নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান্দৰদেৱাত নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী

লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাৰ সীমান্তৱৰ্তী পথালিপাহাৰৰ টোলগেটত বান্দৰদেৱা আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত টেবলেটসহ দুই সৰবৰাহকাৰীক আটক কৰে ৷

এক গোপন সূত্ৰৰ পম খেদি বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আগ বাহাদুৰ থাপা আৰু আৰক্ষীৰ সহ: উপ-পৰিদৰ্শক দুলুমণি শইকীয়াৰ নেতৃত্বত আজি দিনৰ প্ৰায় ১১ বজাত  অভিযান চলাই  ২.২২৩ গ্ৰাম NITCOR-10 নামৰ  নিষিদ্ধ টেবলেটসহ দুজন সৰবৰাহকাৰী ক্ৰমে বিশ্বনাথ চাৰিআলিৰ নীলোৎপল বৰা আৰু জিনজিয়াৰ নিজামুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰে৷

আৰক্ষীৰ জালত পৰা দুই সৰবৰাহকাৰীয়ে আৰক্ষীক জনোৱা মতে, AS-07 L-4311 নম্বৰৰ ৰয়েল এনফিল্ড  মটৰচাইকেলেৰে বিশ্বনাথ চাৰিআলিৰ পৰা বান্দৰদেৱালৈ নিষিদ্ধ টেবলেটখিনি বিক্ৰীৰ বাবে আনিছিল ৷ জব্দ কৰা নিষিদ্ধ টেবলেটখিনিৰ বজাৰ মূল্য ৫ লক্ষাধিক টকাৰ অধিক হ’ব বুলি আৰক্ষীয়ে উল্লেখ কৰে ৷ বান্দৰদেৱা আৰক্ষীয়ে টেবলেট সৰবৰাহকাৰী দুটাক নিজৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে ৷

নিয়মীয়া বাৰ্তা, বান্দৰদেৱা, ১৯ জানুৱাৰী :
You might also like