নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্মস্থলীলৈ গৈ থাকোঁতে চলন্ত বাছতেই মৃত্যুক সাবটিলে জ্যেষ্ঠ চিকিৎসকে

‘চৰণেহে জানে মৰণৰ ঠাই” বুলি কোৱা বাক্যষাৰি সত্য প্ৰমাণিত কৰি আজি চলন্ত বাছতে প্ৰাণ হেৰুৱালে এগৰাকী জ্যেষ্ঠ চিকিৎসকে I সঁচাই কোনেও নাজানে কাৰ মৰণ কেতিয়া আৰু ক’ত হ’ব! সেয়ে হয়তো চলি থকা বাছতে প্ৰাণ হেৰুৱালে এগৰাকী চিকিৎসকে l

গোৱালপাৰা জিলাৰ আগিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডাঃ ৰণ্টুমণি কাকতিয়ে (৫৭) বাছৰ ছিটতে মৃত্যুমুখত পৰা হৃদয়বিদাৰক ঘটনাই আগিয়া আৰু ৰংজুলি অঞ্চলত শোকৰ ছাঁ পেলায় l চিকিৎসকগৰাকীয়ে ঘৰৰ পৰা কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত চলন্ত বাছতে অচেতন হৈ পৰেI ঘটনাৰ লগে লগে বাছৰ যাত্ৰী আৰু কৰ্মচাৰীসকলে চিকিৎসকগৰাকীক ৰংজুলি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে l

জানিব পৰা মতে, মৃত চিকিৎসকগৰাকীৰ ঘৰ কামৰূপ জিলাৰ হাজো থানাৰ অন্তৰ্গত কুলহাটীৰ চেঁচামুখত I আজি পুৱা তেওঁ ঘৰৰ পৰা নিজ কৰ্মস্থলী আগিয়ালৈ ওলাই আহিছিল l চিকিৎসকগৰাকীয়ে এ এছ-০১ আৰ চি-৮৮৩৯ নম্বৰৰ “যাত্ৰা” নামৰ গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী বাছখনত জালুকবাৰীত উঠি আগিয়ালৈ গৈ আছিল I ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ধূপধৰা পাৰ হোৱাৰ পিছতে ডাঃ ৰণ্টুমণি কাকতি হঠাৎ অচেতন হৈ পৰিছিল I সেই স্থানত তৎক্ষণাত পাব পৰাকৈ কোনো চিকিৎসালয় নথকাত বাছৰ যাত্ৰী আৰু কৰ্মচাৰীসকলে চিধাই ৰংজুলি চিকিৎসালয়লৈ লৈ আনি ভৰ্তি কৰাইছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে l

ৰংজুলি চিকিৎসালয়ৰ চিকিৎসক ডাঃ হৰগোবিন্দ নাথে জানিবলৈ দিয়া মতে, যিহেতু ‘ব্ৰথ ডেথ কেছ”, সেয়ে তাৎক্ষণিকভাৱে মৃত্যুৰ কাৰণ নিশ্চিত কৰিব পৰা নাযায় ! তথাপি হাৰ্ট এটেক বা ষ্ট্ৰোক হ’ব পাৰে বুলি অনুমানহে কৰিব পাৰি l অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃত্যুৰ কাৰণ নিশ্চিত হ’ব I

ঘটনা সংক্ৰান্তত ৰংজুলি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণৰ ব্যৱস্থা কৰে I এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ আকস্মিক মৃত্যুৰ খবৰে গোৱালপাৰা জিলাতে শোকৰ ছাঁ পেলাইছে l

নিয়মীয়া বাৰ্তা, ৰংজুলি, ১৯ জানুৱাৰী :

You might also like