অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা “অসম গ্ৰন্থমেলা’ৰ দ্বিতীয় দিনা “বৰ্ণ প্ৰকাশ”ৰ উদ্যোগত আয়োজিত এখন সভাত প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ অংকিতা বৰুৱাৰ গল্প সংকলন ‘প্ৰিয়ম চহৰ’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে ক্ৰমে কটন কলেজ (বিশ্ববিদ্যালয়)ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মিনতি দেৱী বৰঠাকুৰ, বিশিষ্ট লেখক তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° দীপক জ্যোতি বৰুৱা, লেখক-সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিভাস চৌধুৰী, বিশিষ্ট লেখক-সমালোচক জ্যোতি খাটনিয়াৰ আৰু ঔপন্যাসিক-গল্পকাৰ গীতালি বৰাই।
উন্মোচনী ভাষণত কটন কলেজৰ প্ৰাক্তন অধ্যাপক মিনতি দেৱী বৰঠাকুৰে অংকিতা বৰুৱাৰ গল্পৰ বিষয়বস্তু তথা শব্দৰ সচেতনতাৰ দিশটো উল্লেখ কৰাৰ লগতে গল্পকাৰ চৰিত্ৰৰ সৈতে একাত্ম হৈ পৰিলে কেনেকৈ এনে এটা নিটোল গল্প সৃষ্টি হ’ব পাৰে সেই বিষয়ে এক মননশীল বিশ্লেষণ আগবঢ়ায়। আন এগৰাকী উন্মোচক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিভাস চৌধুৰীয় তেওঁৰ ভাষণত অংকিতা বৰুৱাৰ গল্পৰ পটভূমি আৰু চৰিত্ৰৰ কথকতাই পাঠকক গল্পৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি মন্তব্য আগবঢ়ায়। আনহাতে, লেখক-সমালোচক জ্যোতি খাটনিয়াৰে অংকিতা বৰুৱাৰ গল্পৰ এক তুলনামূলক আলোচনাৰে সকলোকে মোহিত কৰি তোলে।
অনুষ্ঠানত আগবঢ়োৱা চমু ভাষণত লেখিকা অংকিতা বৰুৱাই গ্ৰন্থখন সৃষ্টিৰ নেপথ্য-কথাৰে সকলোকে আপ্লুত কৰে৷ উল্লেখযোগ্য যে “জোনবিলৰ ভেনাছ” নামৰ গল্প সংকলন আৰু “অয়নবৃণা” নামৰ উপন্যাসৰ পাছত “প্ৰিয়ম চহৰ” হৈছে অংকিতা বৰুৱাৰ তৃতীয় সাহিত্যকীৰ্তি৷