দেওবাৰে ঢকুৱাখনা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সমষ্টোটোৰ ঘিলামৰা ৰাজহুৱা কৃষ্টি ভৱনৰ চৌহদত অনুষ্ঠিত হোৱা বিশাল ৰাজহুৱা সভাত ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী নৱ কুমাৰ দলেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।
ভাষণ প্ৰসংগত সোণোৱালে এইবাৰ নিৰ্বাচনত ঢকুৱাখনাৰ পৰা অভিলেখ ভোটত জয়লাভ কৰিব বুলি দাবী কৰি নৱ কুমাৰ দলেৰ ভদ্ৰতা ,নম্ৰতা আৰু শিষ্টাচাৰ ৰাজনৈতিক ক্ষেত্ৰত এক অলংকাৰ বুলিও অভিহিত কৰে। ভাষণত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ কথা উনুকিয়াই তেওঁ কয়- কংগ্ৰেছৰ শাসন কালত উত্তৰ অসমত বিশেষকৈ অসমৰ সাংস্কৃতিক- বৌদ্ধিক দিশত চহকী তথা অসমৰ খাদ্য ভাণ্ডাৰস্বৰূপ লখিমপুৰ আৰু ধেমাজি জিলাৰ উন্নয়নৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে। ফলত অঞ্চলটোৰ ৰাইজ ভাবিব নোৱাৰাকৈ পিছপৰি থকাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পিছত উত্তৰ অসমত চাৰিওফালৰ পৰা উন্নয়ন হৈছে। ১৬ বছৰে কংগ্রেছ চৰকাৰে বগীবিল দলং নিৰ্মাণ কৰিব নোৱাৰিলে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ বছৰ ভিতৰতে নিৰ্মাণ সম্পূর্ণ কৰি দিলে, ফলত উত্তৰ অসমলৈ অভূতপৰ্ব উন্নয়ন হোৱা বুলি উল্লেখ কৰি তেওঁ কয় -এয়াই হৈছে পৰিৱৰ্তন, ৰাইজৰ প্ৰতি মৰম শ্ৰদ্ধা।
জনসভাত ভাষণ প্ৰদান কৰি তেওঁ কয়- ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে সৰ্বাংগীণ বিকাশ, সমমৰ্যাদা, সমৃদ্ধি, সমতা, সৰ্বত্ৰ শান্তি, সংস্কাৰ, সমন্বয় সাধন কৰা মিত্ৰশক্তি হৈছে কেৱল ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত এন ডি এ চৰকাৰে সমগ্ৰ দেশতে উন্নয়নৰ এক নৱজাগৰণৰ সূচনা কৰিছে, যিটো কংগ্ৰেছৰ শাসনকালত কেৱল সপোনহে আছিল। কংগ্ৰেছে দশক দশক ধৰি অপশাসন, ভ্ৰষ্টাচাৰ, স্বজন-তোষণ, অবাধ দুৰ্নীতিৰ জৰিয়তে দেশক কোঙা কৰি পেলাইছিল। পিছে বিজেপি মিত্ৰজোঁট চৰকাৰে কেৱল ১০ বছৰৰ ভিতৰতে শক্তিশালী নীতি, শক্তিশালী দৃষ্টিভংগী, শক্তিশালী নেতা থকাৰ বাবেই ভাৰতৰ প্ৰতিচ্ছবি বিশ্বৰ বুকুত শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিলে।
তেওঁ পুনৰ কয়- বৃহত্তৰ অসমীয়া সমাজখনে বিচাৰিছে অসম সদায় সুৰক্ষিত হৈ থাকক । ইয়াত যাতে কোনো বিদেশীয়ে বৃহত্তৰ অসমীয়া সমাজখনক বিপদাপন্ন কৰিব নোৱাৰে। মাটি ভেটি কৃষ্টি সংস্কৃতি সুৰক্ষাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীয়ে শক্তিশালী স্থিতি গ্ৰহণ কৰা বাবেই অসমত অসমীয়া মানুহে সাহস পাইছে আৰু পূৰ্বতকৈ অসমীয়া মানুহৰ আত্মবিশ্বাস বৃদ্ধি পাইছে বুলি ভাষণত উল্লেখ কৰি বৰ্তমান অসমত অসমীয়া মানুহ সম্পূৰ্ণৰূপে সুৰক্ষিত বুলিও দাবী কৰে।
কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিশ্চিতভাৱে তৃতীয়বাৰৰ বাবে পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হ’ব বুলিও দাবী কৰে। সভাত বিজেপি প্ৰাৰ্থী নৱ কুমাৰ দলেক উন্নয়নৰ স্বাৰ্থত পুনৰবাৰ বিপুল ভোটত জয়ী কৰাবলৈ সৰ্বানন্দ সোণোৱালে ঢকুৱাখনাবাসীক আহ্বান জনায়।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৯ মাৰ্চ :