মহিলা প্রিমিয়াৰ লীগত আনছ’ল্ড অসম কন্যা উমা চেত্রী
২০২৪ চনত ইউ পি ৱাৰিয়র্জৰ হৈ খেলা উমা চেত্রীয়ে এতিয়ালৈকে মহিলা প্রিমিয়াৰ লীগত ৯খন মেচ খেলি মুঠ ৮০ ৰানহে কৰিছে
অসমবাসীৰ বাবে দুঃখবৰ৷ মহিলা প্রিমিয়াৰ লীগৰ মেগা নিলামত আনছ’ল্ড অসম কন্যা উমা চেত্রী৷ সদ্যসমাপ্ত আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ চেম্পিয়ন ভাৰতীয় দলটোৰ সদস্য উমা চেত্রীক নতুন দিল্লীত অনুষ্ঠিত ২০২৬ৰ মহিলা প্রিমিয়াৰ লীগৰ খেলুৱৈৰ মেগা নিলামত কোনো এটা দলে ক্রয় কৰাৰ পৰা বিৰত থাকে৷ বেছ প্রাইজ ৫০ লাখ টকা ধার্য কৰা উমা চেত্রীৰ নাম নিলামত উত্থাপন কৰা হয় যদিও কোনো এটা ফ্রেনচাইজীয়ে অসম কন্যাগৰাকীক ক্রয় কৰাৰ আগ্রহ প্রকাশ নকৰিলে৷
উল্লেখ্য যে ২০২৪ চনত ইউ পি ৱাৰিয়র্জৰ হৈ খেলা উমা চেত্রীয়ে এতিয়ালৈকে মহিলা প্রিমিয়াৰ লীগত ৯খন মেচ খেলি মুঠ ৮০ ৰানহে কৰিছে৷
ইফালে, অষ্ট্রেলিয়াৰ মহিলা দলটোৰ উইকেটকীপাৰ বেটাৰ এলিছা হিলীও আনছ’ল্ড হয়৷ মেগা নিলামত প্রথমগৰাকী খেলুৱৈ হিচাপে নাম উচ্চাৰণ হোৱা হিলীৰ বেষ্ট প্রাইজ আছিল ৫০ লাখ টকা৷
২০২৩ চনত ৭০ লাখ টকাত ইউ পি ৱাৰিয়র্ছে ক্রয় কৰা হিলীক মেগা নিলামত ফ্রেনচাইজীয়ে ক্রয় কৰাৰ আগ্রহ প্রকাশ নকৰিলে৷
উল্লেখ্য যে মেগা নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে বিবেচিত হয় দীপ্তি শর্মা৷ বেষ্ট প্রাইজ ৫০ লাখ টকা ধার্য কৰা দীপ্তিক ৩.২ কোটি টকাত ক্রয় কৰে ইউ পি ৱাৰিয়র্ছে৷
ডিজিটেল ডেস্ক, ২৮ নৱেম্বৰ