নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রশিক্ষক পদৰ পৰা অপসাৰণ কৰা নহয় গম্ভীৰক, মন্তব্য বিচিচিআইৰ

গুৱাহাটীত সদ্যসমাপ্ত দ্বিতীয় তথা অন্তিমখন টেষ্টত লজ্জাৰ পৰাজয়ৰ পিছত টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে কৈছিল যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে তেওঁৰ ভাগ্য নির্ণয় কৰিব৷ প্রশিক্ষক গৌতম গম্ভীৰৰ এই মন্তব্যৰ পিছতে মুখ খুলিলে বিচিচিআয়ে৷

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ব’ৰ্ডৰ এজন আগশাৰীৰ বিষয়ববীয়াই কয় যে এই সময়ত আমি গৌতম গম্ভীৰক আঁতৰোৱাৰ কথা ভবা নাই৷ তেওঁ এটা নতুন দল গঢ়ি তুলিছে৷ ২০২৭ চনৰ বিশ্বকাপলৈ তেওঁৰ চুক্তি আছে৷

দক্ষিণ আফ্রিকাৰ বিপক্ষে শৃংখলা সমাপ্তিৰ পিছত ব’ডৰ বিষয়ববীয়াসকলে প্রশিক্ষক গৌতম গম্ভীৰ আৰু নির্বাচক মণ্ডলীক সাক্ষাৎ কৰিব৷ এই সাক্ষাতৰ সময়ত গম্ভীৰক ভাৰতীয় দলটোৰ ভৱিষ্যত সন্দর্ভত প্রশ্ণ উত্থাপন কৰাৰ পূর্ণ সম্ভাৱনা আছে৷

ইপিনে, ব’ৰ্ডৰ আন এজন বিষয়াই কয় যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পক্ষত নহয়৷ গম্ভীৰৰ ভৱিষ্যতৰ বিষয়ে এতিয়াই সিদ্ধান্ত লোৱাৰ কোনো কাৰণ নাই৷ ভাৰতীয় দলটোত বর্তমান পৰীক্ষা–নিৰীক্ষা চলি আছে৷

সন্মুখত টি–২০ আৰু এদিনীয়া বিশ্বকাপো আছে৷ গতিকে প্রশিক্ষক গম্ভীৰৰ সন্দর্ভত এতিয়াই পদক্ষেপ ল’লে দলটোৰ বাবে ক্ষতিকাৰক হোৱাৰ পূর্ণ সম্ভাৱনা আছে বুলি ব’ৰ্ডৰ বিষয়াগৰাকীয়ে ব্যক্ত কৰে৷ ভাৰতীয় দলটোক উচ্চ পর্যায়লৈ নিয়াৰ বাবে গম্ভীৰক আৰু কিছু সময় দিয়া হ’ব৷

অৱশ্যে গম্ভীৰৰ ক্ষেত্রত ব’ৰ্ডৰ বিষয়াসকল পূর্বতকৈ অলপ কঠোৰ হ’ব বুলি ইংগিত দিছে বিচিচিআইৰ বিষয়াগৰাকীয়ে৷

উল্লেখ্য যে গম্ভীৰৰ প্রশিক্ষণত ভাৰতীয় দলটোৱে গৃহভূমিত দুটাকৈ শৃংখলাত হোৱাইট ৱাশ্বৰ সন্মুখীন হৈছে৷ বিগত বছৰ নিউজিলেণ্ডৰ হাতত হোৱাইট ৱাশ্ব হোৱাৰ পাছত ভাৰতীয় দলটোৱে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত দুখনীয়া টেষ্ট শৃংখলাটোতো হোৱাইট ৱাশ্বৰ সন্মুখীন হয়৷

ডিজিটেল ডেস্ক, ২৮ নৱেম্বৰ

You might also like