বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান…
ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ : বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই। ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত অভিনেতাগৰাকীয়ে। বলীউডৰ কিংবদন্তি প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ সোমবাৰে ৮৯ বছৰ বয়সত মুম্বাইৰ বাসগৃহত মৃত্যু হয়। ধৰ্মেন্দ্ৰৰ পৰিয়ালৰ আনুষ্ঠানিক বিবৃতিৰ বাবে এতিয়াও অপেক্ষা কৰা হৈছে যদিও চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ আৱেগিক ছ’চিয়েল মিডিয়া পোষ্টত প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে।
উল্লেখ্য যে কেইবাদশক ধৰি ভাৰতীয় চিনেমাক উজলাই ৰখা ধৰ্মেন্দ্ৰ বেছ কিছুদিন ধৰি অসুস্থ হৈ আছিল। ১০ নৱেম্বৰত ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটাত মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ছলমান খান, শ্বাহৰুখ খান, আমীৰ খান, গোবিন্দাকে ধৰি কেইবাগৰাকীও চলচ্চিত্ৰ জগতৰে জড়িত ব্যক্তিয়ে সেই সময়ত চিকিৎসালয়লৈ গৈ প্ৰবীণ অভিনেতাগৰাকীৰ স্বাস্থ্যৰ খা-খবৰ লৈছিল। পিছত পৰিয়ালে ঘৰুৱা চিকিৎসাৰ পথ বাছি লোৱাত ধৰ্মেন্দ্ৰক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। ধৰ্মেন্দ্ৰক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ পিছত আজি চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ আৱেগিক ছ’চিয়েল মিডিয়া পোষ্টৰ পৰা প্ৰবীণ অভিনেতাগৰাকীৰ দেহাৱসানৰ খবৰ পোহৰলৈ আহে।
ভাৰতীয় চিনেমাৰ ‘হি-মেন’ হিচাপে জনপ্ৰিয় ধৰ্মেন্দ্ৰই কেইবাখনো আইকনিক ছবি যেনে- শ্বোলে, ধৰ্মবীৰ, চুপকে চুপকে, ল’ফাৰ, জুগনু, সীতা ঔৰ গীতাত বলিষ্ঠ অভিনয় কৰি চলচ্চিত্ৰপ্ৰেমীৰ মাজত নিজৰ এক সুকীয়া আসন সৃষ্টি কৰিছিল।