নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্তশাসিতৰ স্বীকৃতি লাভ গোৱালপাৰা মহাবিদ্যালয়ৰ

গোৱালপাৰা মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে স্বায়ত্তশাসিতৰ স্বীকৃতি প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীসকল। ইয়াকে লৈ কালি সন্ধিয়া ৬ বজাত মহাবিদ্যালয়ৰ চৌহদত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰীসকলে আতচবাজীৰে মহাবিদ্যালয়ৰ চৌহদত আবতৰীয়া দীপাৱলীৰ সৃষ্টি কৰে।
উল্লেখ্য যে ১৯৫০ৰ দশকত প্ৰতিষ্ঠা হোৱা পশ্চিম অসমৰ অগ্ৰণী  শিক্ষানুষ্ঠান তথা নাকৰ দ্বাৰা এ প্লাছ গ্ৰেড লাভ কৰা গোৱালপাৰা মহাবিদ্যালয়ক ২০২৫ চনৰ ২৩ জুলাইত অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয় অনুদান আয়োগৰ ষ্টেণ্ডিং কমিটীৰ অনুমোদন মৰ্মে ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদানৰ সিদ্ধান্তত অনুমোদন জনায়। বিশ্ববিদ্যালয় অনুদান আয়োগে যোৱা ১৬ জানুৱাৰীত স্বাক্ষৰিত এক পত্ৰযোগে গুৱাহাটী বিশ্ববিদ্যালয় আৰু গোৱালপাৰা মহাবিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে। ড° মহেন্দ্ৰ বৰা, ড° বীৰেন্দ্ৰ নাথ দত্ত, আদিল হুছেইন, শুক্ৰাচাৰ্য ৰাভা আদি স্বনামধন্য ব্যাক্তিৰ স্মৃতি বিজড়িত মহাবিদ্যালয়খনে ইতিমধ্যে ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত শৈক্ষিক দিশত উজলি উঠিছে।
ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক্স হেণ্ডেলৰ জৰিয়তে মহাবিদ্যালয় পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰি উল্লেখ কৰে যে ইউ জি চিৰ অটনোমাছ ঘোষণাই মহাবিদ্যালয়খনক উৎকৰ্ষতাৰ পথত বহুদূৰ আগুৱাই নিব।
বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১৮ জানুৱাৰী :
You might also like