লংকাৰ শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত বনৰীয়া হাতীৰ তাণ্ডৱ
লামডিং বনাঞ্চলত বাহৰ পাতি আছে প্ৰায় ৬০-৭০জনীয়া বৃহৎ বনৰীয়া হাতীৰ জাকটোৱে বিগত এক সপ্তাহ ধৰি
হোজাই জিলাৰ লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত গোঁসাইগাঁও শ্ৰীশ্ৰীশংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত যোৱানিশা বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ ধ্বংস হয়। লামডিং সংৰক্ষিত বনাঞ্চলৰ গাতে অৱস্থিত বিদ্যালয়খনত এইবাৰেই নহয়, বিগত সময়ত ইতিমধ্যে আঠবাৰকৈ বনৰীয়া হাতীৰ উপদ্ৰৱ সংঘটিত হৈছে। প্ৰতিবাৰেই বিদ্যালয়খনৰ আন্তঃগাঁথনি ভাঙি ধ্বংসস্তূপত পৰিণত কৰিছে।
উল্লেখযোগ্য যে, এই বিদ্যালয়খন বিগত সকলো গুণোৎসৱত ‘এ প্লাছ’ লাভ কৰি অঞ্চলটোৰ গৌৰৱ বৃদ্ধি কৰিছিল। কিন্তু বিদ্যালয়খনত প্ৰতি বছৰে দুই তিনিবাৰকৈ হাতীৰ তাণ্ডৱে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপযুক্ত শ্ৰেণীকোঠাৰ অভাৱ সৃষ্টি কৰিছে।
লামডিং বনাঞ্চলত বাহৰ পাতি আছে প্ৰায় ৬০-৭০জনীয়া বৃহৎ বনৰীয়া হাতীৰ জাকটোৱে বিগত এক সপ্তাহ ধৰি।
ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ