অভিলেখৰ অভিলেখ
প্রাণৰ শিল্পী জুবিন গার্গৰ মহাপ্রয়াণে কেইবাটাও বিষয়ত অভিলেখ গঢ়িছে৷ ৫২ বছৰীয়া জীৱন কালত দুকুৰিৰো অধিক ভাষাত ৩৮ হাজাৰ গীতত কণ্ঠদান আৰু এনিশাৰ ভিতৰতে ৩৪টা গীত বাণীবন্ধনেৰে অভিলেখ গঢ়া প্রাণৰ শিল্পীগৰাকীয়ে মৃত্যুৰ পিছতো গঢ়িছে এটাৰ পাছত এটা অভিলেখ৷ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ পাছত ২১ ছেপ্টেম্বৰত প্রাণৰ শিল্পীগৰাকীৰ নশ্বৰদেহ গুৱাহাটীলৈ অনাৰ পাছতে জনসমাগমৰ নতুন অভিলেখ স্থাপন হৈছিল৷ বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানকোঠৰ পৰা প্রাণৰ শিল্পীগৰাকীৰ কাহিলিপাৰাস্থিত বাসগৃহ, সৰুসজাইৰ পৰা সোণাপুৰৰ শেষকৃত্য অনুষ্ঠানলৈ ১০ লাখৰো অধিক অনুগামী সমৱেত হৈছিল৷ এগৰাকী শিল্পীক শেষ শ্রদ্ধা জ্ঞাপনৰ বাবে এইদৰে ৰাজপথলৈ ওলাই অহা জনসমুদ্রই অভিলেখ স্থাপন কৰাই নহয়, এনে দৃশ্যই দেশ–বিদেশত অসমবাসীৰ নাম উজলাইছে৷ জুবিন গার্গক শেষ শ্রদ্ধা জ্ঞাপনৰ সময়ত সমৱেত হোৱা জনসমুদ্র সঠিকভাৱে নিয়ন্ত্রণ কৰি ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীয়ে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ তিনি দিন ধৰি সমৱেত প্রাণৰ শিল্পীগৰাকীৰ লাখ লাখ অনুৰাগীক নিয়ন্ত্রণ আৰু আইন–শৃংখলা পৰিস্থিতি সুৰক্ষিত ৰখাটো সহজসাধ্য নহয়৷ এনে জনসমুদ্র নিয়ন্ত্রণৰ সঠিক পৰিকল্পনাৰ অভাৱত আমাৰ দেশত পদপিষ্ট হৈ অসংখ্য লোকে মৃত্যুক আঁকোৱালি লৈছে৷ যোৱা ১ নৱেম্বৰত অন্ধ্রপ্রদেশৰ কাছিবুগ্গাত শ্রীভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ২৫জনৰো অধিক ভক্তৰ মৃত্যু হোৱাৰ লগতে অসংখ্য লোক আহত হৈছে৷ চলিত বর্ষৰ চাৰি জুনত বেংগালুৰুত সংঘটিত জনসমাগমত পদপিষ্ট হৈ ১১জন লোকৰ মৃত্যু হৈছে৷ আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিজয় উৎসৱত আঢ়ৈ লক্ষাধিক লোকৰ সমাৱেশত পদপিষ্ট হৈ বহুসংখ্যক লোকৰ মৃত্যু হৈছিল৷ এই বছৰৰে জুলাই মাহত গোৱাৰ এটা মন্দিৰৰ ধর্মীয় উৎসৱত পদপিষ্ট হৈ ছজন লোকৰ মৃত্যু হৈছিল৷ প্রয়াগৰাজৰ শেহতীয়া কুম্ভমেলাতো অত্যধিক জনসমাগমৰ বাবে পদপিষ্ট হৈ ৪৮জন লোকৰ প্রাণহানি হৈছিল৷ পুষ্পা ২ ছবিখনৰ প্রদর্শনৰ সময়তো হায়দৰাবাদত পদপিষ্ট হৈ কেইবাজনো লোক হতাহত হৈছিল৷ ২০২৪ৰ জুলাইত হঠৰাসৰ এটি ধর্মীয় উৎসৱত অংশগ্রহণ কৰা লোকসকলৰ মাজত পদপিষ্ট হৈ শতাধিক লোকে প্রাণ হেৰুৱাইছিল৷ তামিলনাডুৰ কাৰুৰত টিএমভিৰ নেতা বিজয় থালাপাঠীৰ এক জনসমাৱেশত পদপিষ্ট হৈ ৪১জন লোকৰ মৃত্যু হৈছিল৷
প্রাণৰ শিল্পী জুবিন গার্গৰ আকস্মিক মৃত্যুত অসমবাসীয়ে যিদৰে ৰাজপথলৈ ওলাই আহি শিল্পীগৰাকীক শ্রদ্ধা জ্ঞাপন কৰিলে সেয়া অসমৰ ইতিহাসত এক অভিলেখ সৃষ্টি হ’ল৷ ইয়াৰ লগে লগে এনে বৃহৎ জনসমুদ্র নিয়ন্ত্রণ আৰু সু-সংঘবদ্ধ পৰিচালনাৰ জৰিয়তে ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীয়েও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ শোকস্তব্ধ এনে বৃহৎ জনসমাৱেশ নিয়ন্ত্রণ কৰাটো নিশ্চিতভাৱে ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীৰ বাবে এক প্রত্যাহ্বান আছিল৷ জুবিন গার্গৰ আকস্মিক আৰু ৰহস্যজনক মৃত্যুৰ বাতৰিৰ পাছতে ৰাজ্যখনত শোকস্তব্ধ হৈছিল অসমৰ সর্বশ্রেণীৰ লোক৷ স্বতঃস্ফূর্তভাৱে বন্ধ হৈছিল ব্যৱসায়–বাণিজ্য, শিক্ষানুষ্ঠান আদি৷ কিন্তু শিল্পীগৰাকীৰ নশ্বৰদেহত শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ বাবে ৰাজপথলৈ যে ১০ লাখৰো অধিক লোক ওলাই আহিব সেয়া হয়তো প্রথম অৱস্থাত ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীয়ে অনুমান কৰিব পৰা নাছিল৷ ১০ লক্ষাধিক শোকস্তব্ধ লোকক নিয়ন্ত্রণ কৰাটো সহজসাধ্যও নহয়৷ কিন্তু প্রাণৰ শিল্পীগৰাকীৰ নশ্বৰদেহৰ সংগী হোৱা অসমবাসীয়ে সম্পূর্ণ শান্তিপূর্ণভাৱে জনসমুদ্রৰ অংশীদাৰ হৈছিল৷ এটাও সামান্য অপ্রীতিকৰ ঘটনা অবিহনে প্রাণৰ শিল্পীগৰাকীক শেষ শ্রদ্ধা নিবেদন কৰি বিদায় দিছে অসমবাসীয়ে৷ এয়া এক নজিৰবিহীন ঘটনা৷ সন্মুখত থকা বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ আৱেগক লৈ ৰাজ্যৰ ৰাজনীতিও উত্তাল হৈছে৷ প্রাণৰ শিল্পীগৰাকীৰ নশ্বৰদেহৰ শেষ যাত্রাৰ সময়ত অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ বাবে এটা চক্রই অহৰহ চক্রান্ত চলোৱা বুলি অসম আৰক্ষীৰ পৰা অসমবাসীক সতর্ক কৰি দিয়া হৈছিল৷ কিন্তু এই চক্রটোৱে প্রাণৰ শিল্পীগৰাকীৰ নামত অশুভ পৰিস্থিতি উদ্ভৱ কৰাৰ সুযোগ নাপালে৷ জুবিন গার্গৰ যিদৰে আকস্মিক বিয়োগ ঘটিল সেয়া এক সাধাৰণ মৃত্যুৰ ঘটনা নহয়৷ এই কথা অসমবাসী নিশ্চিত হৈছে যে প্রাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ অন্তৰালত এটা চক্রৰ গভীৰ চক্রান্ত নিহিত হৈ আছে৷ এছআইটিৰ তদন্তত কি তথ্য পোহৰলৈ আহে, আদালতৰ বিচাৰ প্রক্রিয়াত কোন দোষী সাব্যস্ত হয়, সেয়া সময়ে নির্ধাৰণ কৰিব৷ কিন্তু ৰাইজৰ আদালতত ইতিমধ্যে সন্দেহযুক্ত লোকসকলক দোষী সাব্যস্ত কৰা হৈছে৷ শেহতীয়াকৈ ৩১ অক্টোবৰত মুক্তি লাভ কৰা প্রাণৰ শিল্পীগৰাকীৰ ‘ৰৈ ৰৈ বিনালে’ ছবিখনেও নতুন অভিলেখ গঢ়িবলৈ সমর্থ হৈছে৷ দর্শকৰ অভাৱত যি সময়ত ৰাজ্যখনৰ এটাৰ পাছত এটা চলচ্চিত্র গৃহ বন্ধ হৈছে সেই সময়তে প্রাণৰ শিল্পীগৰাকীৰ চলচ্চিত্রখন প্রদর্শন হৈছে পুৱতি নিশাৰ পৰা৷ যোৱা পাঁচ দিন ধৰি দর্শকৰ সমাগমে অসমৰ চলচ্চিত্র উদ্যোগৰ সর্বকালৰ কেইবাটাও অভিলেখ ভংগ কৰিছে৷ অসমীয়া চলচ্চিত্রৰ বাবে সুখবৰ এয়ে যে প্রাণৰ শিল্পীগৰাকীৰ সপোনৰ ছবিখন দেশৰ কেইবাখনো ৰাজ্যৰ লগতে বিদেশতো প্রদর্শন হৈছে৷ জুবিন গার্গ প্রকৃততে এগৰাকী শিল্পীয়েই নাছিল, আছিল অসমীয়াৰ সত্তা৷ শিল্পীগৰাকীক উপযুক্ত ন্যায়িক প্রদান কৰাটো অসমীয়াৰ সামূহিক দায়িত্ব৷ ইয়াক লৈ কোনোৱে যাতে ক্ষমতা দখলৰ ৰাজনীতি কৰিব নোৱাৰে, তাৰ বাবে অসমৰ বিবেকৱান লোক তথা জুবিনৰ প্রকৃত অনুৰাগীসকল সজাগ হোৱা উচিত৷