কাইলৈৰ পৰা আৰম্ভ টিকট বিক্ৰী : বর্ষাপাৰাত ভাৰত-দক্ষিণ আফ্রিকাৰ টেষ্ট
সফল বুকিং কৰাৰ পিছত অনুৰাগীয়ে এম টিকট (ডিজিটেল টিকট) লাভ কৰিব, যাৰ জৰিয়তে ষ্টেডিয়ামত প্রৱেশত সুচল হ’ব
গুৱাহাটীৰ বর্ষাপাৰাস্থিত এচিএ ক্রিকেট ষ্টেডিয়ামত ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট৷
এই ঐতিহাসিক টেষ্ট মেচখনৰ টিকট বিক্রী ৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি অসম ক্রিকেট সন্থাই জনাইছে৷ অনুৰাগীয়ে বুকমাইশ্ব’ (বিএমএছ)ৰ জৰিয়তে টিকট বুকিং কৰি ইতিহাসৰ সাক্ষী হোৱাৰ সুযোগ লাভ কৰিব৷
সফল বুকিং কৰাৰ পিছত অনুৰাগীয়ে এম টিকট (ডিজিটেল টিকট) লাভ কৰিব, যাৰ জৰিয়তে ষ্টেডিয়ামত প্রৱেশত সুচল হ’ব৷
ৰাজ্যৰ ক্রিকেট অনুৰাগীসকলৰ সর্বাধিক অংশগ্রহণক উৎসাহিত কৰিবলৈ প্রতিদিনে টিকটৰ মূল্য সুলভ কৰি ৰখা হৈছে৷ ছাত্র–ছাত্রীৰ বাবে ৫০ টকা আৰু জেনেৰেল ষ্টেণ্ড ১০০ টকাৰ পৰা আৰম্ভ হ’ব বুলি অসম ক্রিকেট সন্থাৰ এক বিজ্ঞপ্তিত এই কথা সদৰী৷
ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ