নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰীশক্তি দেশৰ চালিকাশক্তি, একবিংশ শতিকা হ’ব নাৰীৰ শতিকা

🔹 মৰাণ জাতীয় মহিলা পৰিষদৰ ৩০সংখ্যক প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বিশেষ বাৰ্তা,  ৩০ মাৰ্চ : ‘স্বামী বিবেকানন্দই কৈ গৈছিল যে যিখন দেশত নাৰীৰ পূজা হয়, সেইখন দেশ মহান দেশ। প্ৰতিগৰাকী পুত্ৰ-কন্যাৰ সৎ চৰিত্ৰ গঠনৰ অন্তৰালত মাতৃস্নেহৰ ভূমিকা অপৰিসীম। সেয়েহে মাতৃ সমাজ সদায় শ্রেষ্ঠ। আজি একবিংশ শতিকাত নাৰীৰ স্থান পূৰ্বতকৈ বহুত ওপৰত। নাৰীশক্তিক গুৰুত্ব দিলেহে দেশৰ শক্তি বহুগুণে বৃদ্ধি পায়।’- কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰার্থী সর্বানন্দ সোণোৱালে আজি এইদৰে বক্তব্য ৰাখি কয় যে এই বিশ্বাসেৰে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিগত ১০ বছৰ ধৰি নাৰী সবলীকৰণৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে। ভাৰতৰ কোটি কোটি আত্মসহায়ক গোটে দেশৰ অর্থনীতিত এতিয়া অৰিহণা যোগাবলৈ ধৰিছে। তেওঁলোকে কেৱল চৰকাৰৰ পুঁজিতে নিৰ্ভৰ কৰি থকা নাই। সেই পুঁজিক তিনি-চাৰিগুণ ৰূপত বৃদ্ধি কৰি উপাৰ্জনৰ শক্তি আয়ত্ত কৰিছে। সেয়েহে কোৱা হয় নাৰীশক্তি মহাশক্তি। নাৰীশক্তি দেশৰ চালিকাশক্তি, এই নাৰীশক্তিয়ে সকলো দিশতে একবিংশ শতিকাক আগুৱাই নিব। আজি সমাজৰ বিভিন্ন খণ্ডত নাৰীৰ উপস্থিতি দৃষ্টান্তমূলক হৈ পৰিছে বুলি সোণোৱালে সদৰী কৰি উদাহৰণস্বৰূপে ইছৰোৰ কথা উল্লেখ কৰি ভাৰতৰ সফল চন্দ্ৰযান অভিযানৰ আঁৰত মহিলা বিজ্ঞানীৰ ভূমিকা অপৰিসীম বুলিও ব্যক্ত কৰে। ইয়াৰ উপৰি প্ৰতিৰক্ষা বাহিনীত নাৰীশক্তিয়ে যথেষ্ট পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। য’তেই নাৰীক দায়িত্ব দিয়া হৈছে, তাতেই তেওঁলোকে নিষ্ঠা আৰু সততাৰে সেই কাম সফলতাৰে সম্পন্ন কৰিছে।- আজি মৰাণ জাতীয় মহিলা পৰিষদৰ ৩০সংখ্যক কেন্দ্রীয় প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰার্থী সর্বানন্দ সোণোৱালে এই বক্তব্য আগবঢ়ায়। তেওঁ কয়- ‘নাৰীসকল ধৈৰ্যৰ প্ৰতীক। ঘৰ চলোৱাৰ পৰা আৰম্ভ কৰি এখন দেশ চলোৱালৈকে নাৰীয়ে সকলোতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছে। মোৰ আইকো সৰুকালত মই বৰকৈ আমনি কৰিছিলোঁ। কিন্তু আয়ে কোনোধৰণৰ বিষোদগাৰ প্ৰকাশ নকৰাকৈ আমাক বৰ যত্নেৰে প্ৰতিপালন কৰিছিল। মোৰ জীৱনৰ শ্ৰেষ্ঠ সম্পদ কি বুলি কোনোবাই সুধিলে মই আজিও গৰ্বেৰে কওঁ যে মাতৃৰ কোলাত আয়ত্ত কৰা শিক্ষাই মোৰ জীৱনৰ শ্রেষ্ঠ শিক্ষা। সেয়েহে মই মহিলা শক্তিক শ্রদ্ধা কৰোঁ। আপোনালোকৰ শক্তিয়ে এই দেশখনক বহুদূৰ আগুৱাই নিব। মই কোনো দ্বিধা নোহোৱাকৈ আজি ক’ব পাৰোঁ যে একবিংশ শতিকা হ’ব নাৰীৰ শতিকা। মোৰ বিশ্বাস- মৰাণ জনগোষ্ঠীৰ মহিলাসকলেও কেৱল অসমতেই নহয়, সমগ্ৰ ভাৰততেই নিজৰ কৰ্মৰ দ্বাৰা সুনাম কঢ়িয়াবলৈ সক্ষম হ’ব। ইতিহাসৰ সোণোৱালী অধ্যায়সমূহ অধ্যয়ন কৰি আমি আমাৰ গৌৰৱোজ্জ্বল ইতিহাস হৃদয়ংগম কৰিব লাগিব। আমি আমাৰ ডেকা-গাভৰুসকলক ৰাঘৱ মৰাণৰ দৰে বীৰৰ বীৰত্বৰ গাথা হৃদয়ংগম কৰাব লাগিব। তদুপৰি সোণোৱালে আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ মদাৰখাত সত্ৰ, গড়পৰা সত্ৰ, বগৰীতলীয়া কুন্দা আতা থান, দিনজয় সত্র আদি বিভিন্ন আধ্যাত্মিক স্থলী দর্শন কৰি সেৱা আগবঢ়ায় আৰু ৰাইজৰ কুশল-মংগল কামনা কৰে। সোণোৱালে ভক্তিপ্ৰাণ ৰাইজক সম্বোধন কৰি কয়- “শ্রীশ্রী অনিৰুদ্ধদেৱ গুৰুজনাৰ আদৰ্শ শিৰত লৈ অসম আৰু অসমীয়া জাতি তথা দেশৰ বাবে কাম কৰি যাবলৈ আমি সংকল্পবদ্ধ। ভক্তিভাবেৰে আৰু সমন্বয়েৰে সমাজখন শক্তিশালী কৰি ৰাখিবলৈ আমাৰ পৰম্পৰা হিচাপে গুৰুসকলৰ আদৰ্শক জীয়াই ৰাখিব লাগিব। অসমীয়া জাতিক আধ্যাত্মিক চেতনাশক্তি প্ৰদান কৰা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ আদৰ্শ আৰু তেওঁ দেখুৱাই থৈ যোৱা ভক্তিমাৰ্গৰ যোগেদি শক্তি, সম্প্রীতি আহৰণ কৰিবলৈ প্ৰয়াস কৰি আহিছোঁ। গুৰুসকলে দি থৈ যোৱা অমৃতবাণীৰে নিজৰ জীৱন পৰিচালিত কৰিলে নিশ্চিতভাৱে আমাৰ জীৱন ধন্য হৈ পৰিব। আগন্তুক লোকসভা নিৰ্বাচনৰ এজন প্রার্থী হিচাপে আজি আপোনালোকৰ মাজলৈ আহি নির্বাচনত সফল হ’বলৈ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। ভৱিষ্যতলৈ অসম আৰু অসমীয়া জাতি তথা দেশৰ বাবে কাম কৰি যাবলৈ শক্তি আৰু সুস্বাস্থ্য প্ৰদান কৰাৰ হেতুকে গুৰুজনাৰ ওচৰত, সত্ৰাধিকাৰ প্ৰভু আৰু বৈষ্ণৱপ্ৰাণ ৰাইজৰ ওচৰত পুনৰবাৰ সেৱা জনাইছোঁ বুলি ভাষণত বিনয়ীভাৱে উল্লেখ কৰে। আনহাতে, সর্বানন্দ সিংহ নগৰ নামঘৰ যুৱ সমাজৰ উদ্যোগত আৰু সৰ্বানন্দ সিংহ নগৰ নামঘৰ পৰিচালনা সমিতিৰ সৌজন্যত তথা তিনিচুকীয়া আৰু বৰগুৰিবাসী ৰাইজৰ সহযোগত আয়োজিত দ্বিতীয় বার্ষিক শিশু ভাওনা প্রতিযোগিতাৰ অনুষ্ঠানতো অংশগ্রহণ কৰে সোণোৱালে। গুৰুজনাৰ অমৰ সৃষ্টিৰ প্ৰসাৰৰ দিশত লোৱা এই অভিনৱ প্ৰচেষ্টাৰ বাবে উদ্যোক্তাসকলৰ শলাগ লয় সোণোৱালে। তেওঁ কয়- শিশুসকলৰ প্ৰতিভা বিকাশৰ লগতে আমাৰ আধ্যাত্মিক-সাংস্কৃতিক পৰম্পৰাৰ সৈতে তেওঁলোকক পৰিচয় কৰাই দিয়াটো প্ৰকৃতাৰ্থতে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সৰ্বানন্দ সোণোৱালৰ আজিৰ এই কাৰ্যসূচীসমূহত সংগ দিয়ে অসম চৰকাৰৰ মন্ত্ৰী তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, বিধায়কদ্বয় বিনোদ হাজৰিকা, পোনাকণ বৰুৱা, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা প্ৰমুখ্যে দলীয় কৰ্মকৰ্তা আৰু গণ্যমান্য ব্যক্তিসকলে।

প্ৰেৰক বিভাস দুৱৰা

You might also like