নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী লোকসভাৰ নিৰ্বাচনী পৰ্যালোচনা অগপৰ

বিশেষ বাৰ্তা, ৩০ মাৰ্চ : অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত শনিবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত গুৱাহাটী লোকসভা সমষ্টিৰ এখন নিৰ্বাচনী পৰ্যালোচনা সভা অনুষ্ঠিত হয়। গুৱাহাটী লোকসভা সমষ্টিৰ অগপৰ আহ্বায়কত্ৰয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া আৰু ড° তপন দাস তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু অগপৰ সাধাৰণ সম্পাদক সুনীল ডেকাই অংশগ্রহণ কৰা এই সভাখনত এনডিএ-ৰ সমৰ্থিত প্ৰাৰ্থী বিজুলী কলিতা মেধিক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে দলীয় কৰ্মীসকলে কেনেদৰে কাম-কাজ অব্যাহত ৰাখিছে, সেই সন্দৰ্ভত আলোকপাত কৰা হয়। সভাখনত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টি সমিতিৰ সভাপতি-সম্পাদকৰ উপৰি বুথ পৰ্যায়ৰ বিষয়ববীয়া, অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি-সম্পাদক তথা অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

You might also like