নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত বিশ্ব স্মৃতি দিৱস-পথ সুৰক্ষা অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰ : শোণিতপুৰৰ বালিপৰাত কালি সন্ধ্যা বিশ্ব স্মৃতি দিৱস আৰু পথ সুৰক্ষা বিষয়ক এক অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য । ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে পথ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে । পথত দুচকীয়া বাহন পৰিচালনা কৰাৰ সময়ত চালকসহ আৰোহীজনে হেলমেট পৰিধান কৰি নিয়ন্ত্ৰণযোগ্য গতিত বাহন চলোৱা উচিত। আনহাতে, চাৰিচকীয়া বাহন পৰিচালনাৰ সময়ত চালকসহ আৰোহীয়ে ছিট বেল্ট পৰিধান কৰিহে বাহন চলোৱা উচিত । এনে কৰিলে দুৰ্ঘটনাৰ সম্ভাৱনা কম হয়, লগতে অকস্মাতে দুৰ্ঘটনা হ’লেও প্ৰাণৰক্ষা পৰাৰ সম্ভাৱনা থাকে । একেদৰে পথত বাহন চলোৱাৰ সময়ত চালকসকলে পথৰ দাঁতিত আঁৰি থোৱা নিৰ্দিষ্ট ফলকতো চকু ৰখাটো জৰুৰী। অনুষ্ঠানৰ লগত সংগতি ৰাখি মন্ত্ৰীগৰাকীয়ে বালিপৰা নগৰত হেলমেট পিন্ধি এখন বুলেট চলাই পথ সুৰক্ষা বিষয়ত ৰাইজক সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰাও পৰিলক্ষিত হয় । ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে আঁত ধৰা অনুষ্ঠানটোত বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সদানন্দ হাজৰিকা, চেৰেং তপ্নৰ লগতে ভালেমান দলীয় কাৰ্যকৰ্তা, দলৰ বুথ, মণ্ডল পৰ্যায়ৰ বিষয়ববীয়া, বিভিন্ন মৰ্চাৰ বিষয়ববীয়া, বালিপৰাৰ ভালেমান ৰাইজ উপস্থিত থাকে ।

 

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like