ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ : মহানগৰীৰ খ্ৰীষ্টানবস্তিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী যুৱতী সাংবাদিকে ল’লে চৰম পথ। এটা সংবাদ প্ৰতিষ্ঠানৰ ভিতৰত উদ্ধাৰ হয় যুৱতী সাংবাদিকগৰাকীৰ নিথৰ দেহ। পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।
৫ ডিচেম্বৰত বিয়াৰ দিন নিৰ্ধাৰণ কৰা ৰিতুমণি ৰয় নামৰ যুৱতী সাংবাদিকগৰাকীয়ে কি পৰিস্থিতিত এই চৰম পথ ল’বলৈ বাধ্য হ’ল, সেয়া সম্প্ৰতি পোহৰলৈ অহা নাই যদিও জানিব পৰা মতে যুৱতীগৰাকীৰ বিয়ালৈ আছিল মাত্ৰ ১১ দিন। বিয়াৰ চিঠিও ছপা কৰি সকলো আয়োজন কৰা হৈছিল। হঠাতে যুৱতীগৰাকীয়ে এই চৰম সিদ্ধান্ত লোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। এটা প’ৰ্টেলত কৰ্মৰত আছিল যুৱতী সাংবাদিকগৰাকী।
জানিব পৰা মতে, ২৩ নৱেম্বৰৰ পুৱাই কৰ্তব্যলৈ আহি যুৱতী সাংবাদিকগৰাকীয়ে নিশালৈকে উভতি যোৱা নাছিল ঘৰলৈ। আজি পুৱাৰ ভাগত তেওঁৰ নিথৰ দেহ উদ্ধাৰ হয় কাৰ্যালয়ৰ এটা কোঠাত। ঘটনাস্থলীত উদ্ধাৰ হৈছে এখন চিঠিও। চৰম পথ লোৱাৰ পূৰ্বে এৰি যোৱা চিঠিত তেওঁ লিখিছে- ‘সকলোৰে ভালৰ বাবেই এই সিদ্ধান্ত, সকলো ভালে থাকিব।’ এই চাঞ্চল্যকৰ ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
সংবাদ মাধ্যমৰ আগত যুৱতীগৰাকীৰ পিতৃয়ে দিয়া ভাষ্য অনুসৰি যুৱতীগৰাকীয়ে নিজৰ বিয়াৰ বাবে নিজেই চিঠি ছপাইছিল। তদুপৰি বজাৰ-সমাৰৰ লগতে অতিথিক বিয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবেও পিতৃক অৱগত কৰিছিল।
কি পৰিস্থিতিত যুৱতী সাংবাদিকগৰাকীয়ে জীৱনৰ এই চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল, আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব।