দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া দল ঘোষণা
নিউজ ডেস্ক, ২৪ নৱেম্বৰ : দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে বিচিচিআয়ে৷ শুভমন গিলৰ অনুপস্থিতিত ভাৰতক নেতৃত্ব দিব লোকেশ ৰাহুলে৷ প্রায় দুবছৰৰ পিছত তেওঁক পুনৰ ভাৰতীয় দলৰ অধিনায়ক হিচাপে দেখা যাব৷
২০২৩ চনত দক্ষিণ আফ্রিকা ভ্রমণত অন্তিমবাৰ ভাৰতক নেতৃত্ব দিছিল ৰাহুলে৷ আঘাতৰ বাবে শুভমনক যে পোৱা নাযাব সেই কথা পূর্বেই নিশ্চিত হৈছিল৷ অষ্ট্রেলিয়া ভ্রমণৰ এদিনীয়া শৃংখলাৰ সহঃ অধিনায়ক হিচাপে যোৱা শ্রেয়াস আয়াৰো বর্তমান খেলপথাৰৰ বাহিৰত৷ এনে পৰিস্থিতিত এদিনীয়া শৃংখলাৰ বাবে নতুন অধিনায়ক নির্বাচন কৰিবলগীয়া হয়৷ ফলত, অভিজ্ঞ ৰাহুলক দিয়া হয় ১৫জনীয়া দলৰ নেতৃত্বৰ দায়িত্ব৷
ঘোষিত ভাৰতীয় দলটো : ৰোহিত শর্মা, যশস্বী জয়ছোৱাল, বিৰাট কোহলি, তিলক বার্মা, লোকেশ ৰাহুল (অধিনায়ক), ঋষভ পণ্ট, ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্র জাডেজা, কুলদীপ যাদৱ, নীতিশ কুমাৰ ৰেড্ডী, হর্ষিত ৰাণা, ৰুতুৰাজ গায়কোৱাড, প্রসিদ্ধ কৃষ্ণ, অর্শদীপ সিং আৰু ধ্রুৱ জুৰেল৷
উল্লেখ্য যে শৃংখলাটোত অংশগ্রহণ কৰিব দুই অভিজ্ঞ তাৰকা বিৰাট কোহলি আৰু ৰোহিত শর্মাই৷