পাৰ্লাৰ-ত কৰ্মৰত যুৱতীৰ উদ্ভণ্ডালিক লৈ উত্তপ্ত শিৱসাগৰ
শিৱসাগৰ চহৰত নিশা ভয়াৱহ উত্তপ্ত পৰিস্থিতি। পাঁচগৰাকীকৈ উদণ্ড যুৱতীয়ে চহৰৰ মাজমজিয়াত সৃষ্টি কৰিলে লংকা কাণ্ড। পাঁচগৰাকীকৈ পাৰ্লাৰত কৰ্মৰত যুৱতীৰ উদ্ভণ্ডালিক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ। পাঁচগৰাকীকৈ উদণ্ড যুৱতীৰ আক্ৰমণত আহত হয় উপানন্দ হাজৰিকা নামৰ এজন ব্যৱসায়ী।
চহৰৰ মাজমজিয়াত নিশা সৃষ্টি হয় এই ভয়ংকৰ পৰিস্থিতিৰ। জানিব পৰা হাস্পতেল ৰোডৰ ষ্টাইল বজাৰৰ সন্মুখত পাঁচগৰাকীকৈ যুৱতীয়ে এজন যুৱকক প্ৰহাৰ কৰি আছিল। উপানন্দ হাজৰিকাই যুৱকজনক উদ্ধাৰৰ লগতে দুয়োপক্ষৰ মাজত মীমাংসাৰ বাবে চেষ্টা চলাওঁতেই সৃষ্টি হয় এই পৰিস্থিতিৰ।
যুৱতীকেইগৰাকীয়ে নিৰীহ যুৱক উপানন্দ হাজৰিকাক গুৰুলা গুৰুলকৈ প্ৰহাৰৰ লগতে সৰ্বশৰীৰ কামুৰি ক্ষত- বিক্ষত কৰে। এই ঘটনাৰ পিছতেই সহস্ৰাধিক লোকে ঘটনাস্থলীত যুৱতী কেইগৰাকীক গ্ৰেপ্তাৰৰ দাবীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আন নালাগে এই সংঘাত ৰোধৰ বাবে চেষ্টা চলোৱা বহু কেইগৰাকীৰ মবাইলো যুৱতীকেইগৰাকীয়ে ভাঙি পেলায়।
ঘটনাৰ পিছতেই উপস্থিত হোৱা সদৰ আৰক্ষীৰ দলে ঘটনাস্থলীৰ পৰা তিনিগৰাকীকৈ যুৱতীক আটক কৰিবলৈ সক্ষম হয়-। ঘটনাৰ সম্পৰ্কত আহত উপানন্দ হাজৰিকাই সদৰ থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে আহত উপানন্দক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
ডিজিটেল ডেস্ক, ২৫ নৱেম্বৰ